Logo
image

কেন্দ্ৰীয় চৰকাৰে অশোক স্তম্ভৰ আৰ্হি সলনি কৰিব পাৰেনে!

অশোক স্তম্ভ বিতৰ্কঃ কি কয় আইনে?

আমাৰ অসম, ১৪ জুলাইঃ নতুন সংসদ ভৱনৰ চাদত অৰ্থাৎ ভূমিৰ পৰা ৩৩ মিটাৰ ওপৰত স্থাপন কৰা বিশাল অশোক স্তম্ভৰ চেহেৰাই সলনি কৰি পেলোৱা বুলি বিৰোধী দলবোৰে কেন্দ্ৰৰ মোদী চৰকাৰক সমালোচনা কৰিবলৈ ধৰিছে৷ গুজৰাটৰ সাৰনাথত থকা প্ৰকৃত অশোক স্তম্ভৰ আৰ্হিতকৈ নতুন সংসদ ভৱনৰ চাদত স্থাপন কৰা অশোক স্তম্ভটো বেলেগ হোৱা বুলি বিৰোধী দলবোৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ প্ৰত্যুত্তৰ দিছে আৰু সাৰনাথত থকা প্ৰকৃত অশোক স্তম্ভৰ আৰ্হিতে এই অশোক স্তম্ভটো নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰে৷  নতুন সংসদ ভৱনত স্থাপন হোৱা অশোক স্তম্ভটো তলৰ পৰা যেনে দেখা গৈছে, ওপৰত উঠি চালে প্ৰকৃততে তেনে নহয়৷ চৰকাৰে নতুন অশোক স্তম্ভটোৰ সমান্তৰাল স্থানৰ পৰা তোলা ছবিও ৰাজহুৱা কৰে৷ আনকি এই স্তম্ভটো নিৰ্মাণ কৰা শিল্পীসকলেও স্পষ্ট কৰি দিছে যে তেওঁলোকে সাৰনাথত থকা প্ৰকৃত অশোক স্তম্ভটোৰ আৰ্হি চায়েই এই স্তম্ভটো নিৰ্মাণৰ কামত বিগত নটা মাহে জড়িত হৈ থাকে৷ ‘আজতক’ৰ সৈতে হোৱা সাক্ষাৎকাৰত স্তম্ভটো নিৰ্মাণৰ মূল শিল্লী সুনীল দেওৰে কয় তেওঁলোকক কোনোৱে হেঁচা দিয়া নাছিল এই অশোক স্তম্ভটোৰ আৰ্হি সলনি কৰিবলৈ৷ অশোক স্তম্ভৰ সিংহকেইটাৰ মুখ বেছিকৈ মেলি থকা বুলি উঠা অভিযোগো খণ্ডন কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ বা বিজেপিৰ ফালৰ পৰা তেওঁলোকে এই চুক্তি পোৱা নাছিল৷ টাটা গ্ৰুপেহে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল৷ সুনীল দেওৰে দেখুওৱা অশোক স্তম্ভৰ মূৰ্তিটোত টাটা গ্ৰুপে অনুমোদন জনোৱাৰ পাছতহে কাম আৰম্ভ হৈছিল৷ ইপিনে, এই বিতৰ্কৰ মাজতে প্ৰকাশ পাইছে যে কেন্দ্ৰীয় চৰকাৰৰ হাতত অশোক স্তম্ভৰ আৰ্হি সলনি কৰাৰ পূৰ্ণ অধিকাৰ আছে৷ আইনেও এই অধিকাৰ দিছে৷ আইনৰ সংশোধন ঘটাই ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নৰ আৰ্হি সলনি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে৷