Logo
image

নিৰ্বাচনৰ দুদিন পূৰ্বেই হ’ব বিজেপিৰ বিজয়োৎসৱ

আমাৰ অসম, ১৪ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বেই এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বাবে বিজয়োৎসৱ কেনেদৰে উদ্‌যাপন কৰা হ’ব তাক লৈ ব্যাপক চিন্তা-চৰ্চা আৰম্ভ আৰম্ভ কৰিছে বিজেপিয়ে৷ বিজেপি নেতৃত্বাধীন এনডিএই সংসদ ভৱনতে আয়োজন কৰিছে বিজয়োৎসৱৰ৷ ইয়াৰ অংশৰূপে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে দলৰ সকলো সাংসদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৈশ আহাৰৰ আয়োজন কৰা হৈছে৷ নৈশ আহাৰত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঠিক ৪৮ ঘণ্টা পূৰ্বে উক্ত নৈশ আহাৰৰ আয়োজন কৰা হৈছে৷ সোমবাৰে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন৷ কিন্তু শনিবাৰেই সংসদ ভৱনত আয়োজন কৰা হৈছে বিজয়োৎসৱৰ৷ বিজেপিৰ সকলো সাংসদক শনিবাৰৰ পুৱাৰ ভিতৰত দেশৰ ৰাজধানী চহৰখনত উপস্থিত হ’বলৈ দলৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে৷ বিজেপিৰ এটা সূত্ৰ মতে শনিবাৰৰ সন্ধিয়া দলৰ সাংসদসকলক ৰাষ্ট্ৰপতি নিৰ্বাচনত কিদৰে ভোটদান কৰিব লাগিব সেই সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব৷ তাৰ পাছতেই হ’ব নৈশ আহাৰ আৰু বিজয়োৎসৱ৷ দেওবাৰে অনুষ্ঠিত হ’ব এনডিএৰ সাংসদসকলৰ বৈঠক৷ সেইদিনাও হ’ব বিজয়োৎসৱ৷