Logo
image

মই ৰাষ্ট্ৰপতি হ’লে ‘কা’ বলৱৎ নহয়

অসমলৈ আহিয়েই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিন্‌হাৰ ঘোষণা

আমাৰ অসম, ১৪ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট বিচাৰি অসমলৈ আহিয়েই বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশোবন্ত সিনহাৰ বিস্ফোৰণ–‘মই যদি ৰাষ্ট্ৰপতি নিৰ্বাচিত হওঁ ‘কা’ বলবৎ কৰাৰ বিৰোধিতা কৰি যাম৷ ‘কা’ বলবৎ নকৰাটো মই সুনিশ্চিত কৰিম৷’ বুধবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন সংবাদ মেল সম্বোধন কৰি ৰাষ্ট্ৰপতি পদৰ বিৰোধী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী সিনহাই আৰু কয়–‘চৰকাৰে অতি খৰখেদাকৈ আৰু মূৰ্খামিৰে প্ৰস্তুত কৰা বাবে ‘কা’ বলবৎ কৰিব পৰা নাই৷ বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়৷ চৰকাৰে সমগ্ৰ দেশত আইনখন বলবৎ কৰিব বিচাৰিছে৷ পূৰ্বে ক’ভিডৰ অজুহাতত ‘কা’ বলবৎ কৰিব পৰা নাই বুলি কৈছিল৷ আচালতে আইনখন মুৰ্খামিৰে প্ৰস্তুত কৰা বাবে বলবৎ কৰিব পৰা নাই৷ দেশৰ সংবিধান বহিঃশত্ৰুৰ পৰা বিপদাপন্ন নহয় বিপদান্ন হৈছে যিসকল ক্ষমতাত আছে তেওঁলোকৰ বাবে৷ কিন্তু এনে দিন সদায় চলিব দিব নোৱাৰি৷ আমাক ৰক্ষা কবচ লাগে৷ মই যদি ৰাষ্ট্ৰপতি ভৱনলৈ যাব পাৰো ‘কা’ বলবৎ কৰাৰ বিৰোধিতা কৰি যাম৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিভিন্ন ৰাজ্যৰ ৰাজধানী ভ্ৰমণৰ অংশ হিচাপে অসমত উপস্থিত হৈ মই অতিশয় আনন্দিত হৈছোঁ৷ আৰম্ভণিতে অসমৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি সহানুভূতি জ্ঞাপন কৰিছো৷ এই দুৰ্যোগৰ এক ফলপ্ৰসূ দীৰ্ঘ ম্যাদী সমাধানৰ প্ৰয়োজনীয়তা আছে বুলি মই অনুভৱ কৰো৷ সংযুক্ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মই এতিয়ালৈকে কেৰালা, তামিলনাডু, ছত্তিশগড়, তেলেংগানা, কৰ্ণাটক, গুজৰাট, জম্মু-কাশ্মীৰ, ৰাজস্থান আৰু হাৰিয়ানা, পঞ্জাব ভ্ৰমণ কৰিছো৷ নিৰ্বাচনত মোৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে কংগ্ৰেছ, এ আই ইউ ডি এফ, টি এম চি, বাওঁপন্থী দল আদিৰ নেতাসকলৰ প্ৰতি মই ধন্যবাদ জ্ঞাপন কৰিছো৷ মই দুখিত যে সময়ৰ অভাৱৰ বাবে মই উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব পৰা নাই৷ সকলো অৱগত যে অত্যন্ত অশান্ত পৰিস্থিতিত ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছে৷ পূৰ্বে আমাৰ গণৰাজ্যই সংবিধানৰ প্ৰতি একে সময়তে ইমানবোৰ ভাবুকিৰ সন্মুখীন হোৱা নাছিল৷ দেশৰ অৰ্থনীতি বেয়াকৈ পৰিচালিত হৈছে৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আটাইতকৈ বেছি হ্ৰাস পাইছে৷ ২০১৪ চনত ৫৮.৪৪১ পৰা কালিলৈকে ৭৯.৬৩ লৈ হ্ৰাস পাইছে৷ ইয়াৰ উপৰি অভূতপূৰ্ব মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক বেয়াকৈ আঘাত কৰিছে৷ এক অৰ্থত আমাৰ গণতন্ত্ৰ ভয়াৱহ বিপদত পৰিছে৷ গণতান্ত্ৰিক শাসনৰ প্ৰতিটো প্ৰতিষ্ঠানক শাসক দল আৰু সেই দলৰ চৰকাৰে ভেঙুচালি কৰিছে৷ ই ডি, চি বি আই, আয়কৰ বিভাগ আৰু আনকি ৰাজ্যপালৰ কাৰ্যালয়ক বিৰোধী নেতাসকলৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে, বিৰোধী দলসমূহত ভাঙোন অনাত মূল কাৰিকৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ বিৰোধী দলৰ দ্বাৰা পৰিচালিত ৰাজ্য চৰকাৰসমূহক উৎখাত কৰিবলৈ এই সংস্থাসমূহক ব্যৱহাৰ কৰি থকা হৈছে৷ ৰাজনৈতিক দুৰ্নীতিৰ অন্যতম ভয়াৱহ দৃষ্টান্ত দাঙি ধৰি শেহতীয়াকৈ মহাৰাষ্ট˜ৰ শিৱসেনা নেতৃত্বাধীন চৰকাৰৰ পৰা পলায়ন কৰা বিধায়কসকলক অসমলৈ লৈ আনি আশ্ৰয় দিয়া হৈছিল, যিয়ে প্ৰমাণ কৰে যে উদ্ধৱ থাকৰে নেতৃত্বাধীন এছ এছ-এন চি পি-কংগ্ৰেছৰ চৰকাৰ উচ্ছেদ কৰাৰ চক্ৰান্তত এক সক্ৰিয় সহযোগী হিচাপে হাত উজান দিছিল অসমৰ বিজেপি চৰকাৰখনে৷ নিৰ্বাচনত জয়ী হ’বলৈ শাসক দলটোৱে ভাৰতৰ বহু বিশ্বাসী সমাজখনক সাম্প্ৰদায়িকভাৱে মেৰুকৰণৰ কৰাৰ এক দুষ্ট পৰিকল্পনাত নামি পৰিছে৷ অসমতো আমি সেই একেই ছবিয়েই দেখিছো৷ ইয়াৰ ফলত কেৱল সামাজিক শান্তি বিঘ্নিত হোৱাই নহয়, ঐক্য আৰু অখণ্ডতা ছিন্ন-ভিন্ন কৰি জাতিটোক এক বিপজ্জনক পৰিণতিৰ দিশে লৈ যাব৷ শাসকীয় ব্যৱস্থাৰ এজেণ্ডাৰ উদ্দেশ্য হৈছে গণতান্ত্ৰিক ভাৰতক কমিউনিষ্ট চীন দেশৰ অনুকৰণত গঢ়ি তোলা৷ ইয়াক বন্ধ কৰিব লাগিব৷ ২৭ জুনত মই মনোনয়ন দাখিল কৰাৰ পিছৰে পৰা মই মোৰ সভা, সংবাদমেল আৰু সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ জৰিয়তে আমাৰ গণতন্ত্ৰ আৰু আমাৰ সংবিধানৰ প্ৰতি অহা এই ভয়ানক ভাবুকিসমূহৰ বিষয়ে আলোকপাত কৰি আহিছো৷ মই এতিয়ালৈকে পঞ্চাশটাৰো অধিক সাক্ষাৎকাৰ দিছো৷ কিন্তু শাসক পক্ষৰ প্ৰাৰ্থীগৰাকীয়ে এতিয়ালৈকে এখনো একক সংবাদমেল সম্বোধন নকৰাটোৱে মোক হতাশ কৰি তুলিছে৷ দ্ৰৌপদী মুৰ্মুৰ প্ৰতি ব্যক্তিগতভাৱে মোৰ অতি শ্ৰদ্ধা আছে৷ কিন্তু মই বাৰে বাৰে জোৰ দি আহিছো যে এই নিৰ্বাচনটো ব্যক্তি বা তেওঁলোকৰ ব্যক্তিগত পৰিচিতিক লৈ নহয়, মতাদৰ্শক লৈহে৷ দেশবাসীয়ে ৰাষ্ট্ৰপতিগৰাকী মৌন মুনি হোৱা উচিত নেকি? ভাৰতত এগৰাকী ‘ৰাবাৰ ষ্টাম্প’ সদৃশ ৰাষ্ট্ৰপতি বিচাৰে নেকি? মই প্ৰতিজ্ঞা কৰিছো আৰু আজি ইয়াত গুৱাহাটীত পুনৰ প্ৰতিজ্ঞা কৰিম সংবিধানৰ প্ৰতি আৰু কেৱল সংবিধানৰ প্ৰতি মই জবাৱদিহি হ’ম৷ মই সংবিধানৰ নিৰপেক্ষ ৰক্ষক হিচাপে কাম কৰিম৷ সংবিধানৰ নীতিৰ পৰা বিচ্যুত হ’লে চৰকাৰখনক বাধা দিবলৈ মই মোৰ ক্ষমতাৰ ব্যৱহাৰ কৰিম, ভয় বা অনুগ্ৰহ নোহোৱাকৈ৷ বিশেষকৈ বিৰোধীৰ বিৰুদ্ধে ই ডি, চি বি আই, আই টি বিভাগ আৰু অন্যান্য এজেন্সী আৰু প্ৰতিষ্ঠানৰ চৰকাৰী অপব্যৱহাৰ তৎক্ষণাত বন্ধ কৰিম৷ সংবিধানৰ মূল্যবোধ আৰু নীতি-নিয়ম উলংঘা কৰিলে বিৰোধীকো সংযত কৰিবলৈ কুণ্ঠাবোধ নকৰিম৷ মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীয়ে একে প্ৰতিশ্ৰুতি দিবলৈ ইচ্ছুক নে? গোপন বেলটৰ ভিত্তিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনো ‘হুইপ’ নাথাকে৷ সংবিধানৰ মহান প্ৰণেতাসকলে গোপন বেলটৰ এই পদ্ধতি এইবাবেই ৰাখিছিল যাতে ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰক্ৰিয়াৰে জড়িত হৈ থকা সদস্যসকলে নিজ নিজ দলৰ যিকোনো সিদ্ধান্তক অন্ধভাৱে পালন কৰাৰ পৰিৱৰ্তে নিজৰ বিবেকৰ নিৰ্দেশনা মানি ভোটদানৰ স্বাধীনতা লাভ কৰিব পাৰে৷ উল্লেখ্য, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সমভাবপন্ন দলসমূহৰ সমৰ্থন বিচাৰি অসমলৈ আহিছে বিৰোধী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী যশোবন্ত সিনহা৷ সিনহা গুৱাহাটীৰ বিমান বন্দৰ পোৱাৰ লগে লগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন সমন্বিতে এটা সজাঁতি দলে তেওঁক আদৰণি জনায়৷ বিয়লি তেওঁ কলাক্ষেত্ৰত কংগ্ৰেছ, চি পি আই এম, ৰাইজৰ দলৰ বিধায়ক-সাংসদ সকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ইফালে, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুনৰ বৰাৰ নেতৃত্বত আন এটা সঁজাতি দলেও বিমানবন্দৰত সিনহাক আদৰণি জনায়৷