Logo
image

এইবাৰ ভাৰত পালেহি মংকিপক্স!

ইউএইৰ পৰা ঘূৰি অহা কেৰালাৰ ব্যক্তিৰ দেহত মংকিপক্স ভাইৰাছৰ সন্দেহ

আমাৰ অসম, ১৫ জুলাইঃ বিশ্বত বৰ্তমান মংকিপক্স ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ভাৰততো এই ভাইৰাছৰ প্ৰৱেশ ঘটা বুলি আশংকা কৰা হৈছে৷ সংযুক্ত আৰব এমীৰেট্‌ছৰ [ইউএই] পৰা ঘূৰি অহা কেৰালাৰ এজন লোকৰ দেহত এই সন্দেহজনক ভাইৰাছবিধৰ লক্ষণ পোৱাৰ সন্দেহ কৰিছে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে৷ লোকজনৰ দেহৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে মহাৰাষ্ট্ৰৰ পুনেৰ ভাইৰ’লজী ইনষ্টিটিউটলৈ প্ৰেৰণ কৰা হয়৷ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে সঠিক তথ্য লাভ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে এই কথাও প্ৰকাশ কৰে যে মংকিপক্সৰ লক্ষণ দেখা দিয়া লোকজনে বিদেশত এই ভাইৰাছত আক্ৰান্ত হোৱা এজন লোকৰ সংস্পৰ্শলৈ আহিছিল৷ উল্লেখ্য, বৰ্তমান বিশ্বৰ ৬০খনৰো অধিক দেশত মংকিপক্স বিয়পি পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছক লৈ বিশ্ববাসীক সকীয়াই দিছে৷ বৰ্তমান এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০,৪০০জন৷ বান্দৰৰ পৰা মানুহৰ দেহলৈ বিয়পা এই ভাইৰাছবিধ প্ৰায়ে পশ্চিম আৰু কেন্দ্ৰীয় আফ্ৰিকাৰ দেশসমূহত সচৰাচৰ দেখা যায়৷ কিন্তু এতিয়া আন আন দেশলৈও এয়া বিয়পি পৰিছে৷ ব্ৰিটেইন, স্পেইন, জাৰ্মানী, ফ্ৰান্স, গ্ৰীচ আৰু আন আন ইউৰোপীয় দেশত এই ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে৷