Logo
image

‘ইএমএম নিগেটিভ’, ভাৰতত পোৱা গ’ল বিৰল তেজৰ গ্ৰুপ

গুজৰাটত বাস কৰে এই তেজৰ গ্ৰুপৰ প্ৰথমজন ভাৰতীয়ই

আমাৰ অসম, ১৫ জুলাইঃ ভাৰতত পোৱা গ’ল এবিধ বিৰল তেজৰ গ্ৰুপ৷ এই বিৰল তেজৰ গ্ৰুপটোৰ নাম হ’ল ‘ইএমএম নিগেটিভ’৷ সচৰাচৰ আমি জনা তেজৰ গ্ৰুপবোৰ হ’ল ‘এ, বি, অ’ আৰু এবি’৷ কিন্তু ‘ইএমএম নিগেটিভ’! ভাৰতৰ প্ৰায়সংখ্যক মানুহেই এই বিৰল প্ৰজাতিৰ তেজৰ গ্ৰুপৰ বিষয়ে শুনা নাছিল৷ কাৰণ বিশ্বত এই গ্ৰুপৰ তেজ থকা লোকৰ সংখ্যা আছিল মাত্ৰ নজন৷ এতিয়া ভাৰতৰ এজন লোকৰ দেহত এই তেজৰ গ্ৰুপ ওলোৱাত ইয়াৰ সংখ্যা বিশ্বত দহজনলৈ বৃদ্ধি পালে৷ গুজৰাটৰ ৰাজকোটত বাস কৰা ৬৫ বছৰীয়া এজন লোকৰ দেহত এই গ্ৰুপৰ তেজ পোৱা গ’ল৷ ফলত এই গ্ৰুপৰ তেজ থকা ভাৰতৰ প্ৰথমজন লোক হিচাপে পৰিগণিত হ’ল তেওঁ৷ এই লোকজন হদৰোগত আক্ৰান্ত৷ মানুহৰ শৰীৰত ৪২টা বেলেগে বেলেগ প্ৰকাৰৰ ব্লাড ছিষ্টেম মজুত থাকে৷ এইবোৰৰ ভিতৰত এ, বি, অ’, আৰএইচ, ডাফী আদি অন্যতম৷ কিন্তু তেজৰ চাৰিটা গ্ৰুপৰ বিষয়েহে জনা যায় বা ধৰি লোৱা হয়৷ কিন্তু ৰাজকোটৰ হূদৰোগত আক্ৰান্ত ৬৫ বছৰীয়া লোকজনৰ তেজ পৰীক্ষা কৰি চিকিৎসক আচৰিত হৈ পৰে৷ কাৰণ তেওঁৰ তেজৰ গ্ৰুপ সাধাৰণ লোকতকৈ সম্পূৰ্ণ পৃথক আৰু বিৰল৷ তেওঁৰ দেহত থকা তেজৰ গ্ৰুপ বিশ্বৰ আন মাত্ৰ ৯জন লোকৰ দেহতহে আছে৷ ইএমএম নিগেটিভ তেজৰ গ্ৰুপৰ এই লোকজনৰ কথা এতিয়া ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে৷