Logo
image

বাতৰিৰ বাবে ধন দিব লাগিব গুগল, ফেচবুকে

আমাৰ অসম, ১৭ জুলাইঃ গুগল, ফেচবুকৰ দৰে বৃহৎ তথ্য প্ৰযুক্তি তথা ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰিৰ বিনিময়ত ভাৰততো ধন ব্যয় কৰিব লাগিব৷ অষ্ট্ৰেলিয়া, কানাডা, ফ্ৰান্স আদি দেশত এনে প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰিৰ বিনিময়ত তেনে মঞ্চই মাননী বা ধন দিবলগীয়া হয়৷ ঠিক তেনে আইন কেন্দ্ৰীয় চৰকাৰে ভাৰততো বলবৎ কৰিবলৈ আগবাঢ়িছে৷ এই আইন বলবৎ হোৱাৰ লগে লগে বিশ্বৰ বৃহত্তম তথ্য প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠান যেনে গুগল, ইউটিউবৰ স্বত্বাধিকাৰ এলফাবেট, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ স্বত্বাধিকাৰ মেটা আৰু তেনে মঞ্চ তেনে টুইটাৰ, আমাজন ইত্যাদিয়ে ভাৰতীয় সংবাদপত্ৰ, সংবাদ প্ৰতিষ্ঠান, প্ৰকাশন সংস্থা, ডিজিটেল নিউজৰ সম্প্ৰচাৰ কৰোতাক তেওঁলোকৰ পৰা লোৱা বাতৰিৰ বিনিময়ত মূল্য বা ধন দিব লাগিব৷ উল্লেখ্য, গুগল, ফেচবুক ইত্যাদিয়ে নিজস্ব সূত্ৰৰ পৰা নিউজ প্ৰকাশ নকৰে৷ বৰং আন সংবাদ পত্ৰ, সংবাদ প্ৰতিষ্ঠান, ডিজিটেল নিউজ ইত্যাদিয়ে কৰা মূল বাতৰি গুগল, ফেচবুক, টুইটাৰ ইত্যাদিয়ে তেওঁলোকৰ মঞ্চত উপস্থাপন কৰে৷ এইদৰে নিজৰ মঞ্চত উপস্থাপন কিম্বা প্ৰকাশ কৰি গুগল, ফেচবুক ইত্যাদিয়ে বাতৰিৰ মাজত  একেলগে প্ৰকাশ হোৱা বিজ্ঞাপনৰ জৰিয়তে বিশাল ধনৰাশি সংগ্ৰহ কৰে৷ ভাৰতত উক্ত আইন বলবৎ হোৱাৰ পাছত এই তথ্য  প্ৰযুক্তি কোম্পানী তথা ছ’চিয়েল মিডিয়া প্লেটফৰ্মে তেওঁলোকে যি উৎসৰ পৰা, অৰ্থাৎ যিখন সংবাদপত্ৰ বা সংবাদ প্ৰতিষ্ঠান কিম্বা প্ৰকাশন সংস্থা আৰু ডিজিটেল নিউজ প্ৰতিষ্ঠানৰ পৰা মূল বাতৰিটো সংগ্ৰহ কৰে, তেওঁলোককো ধন বা মূল্য দিব লাগিব৷ অৰ্থাৎ এই আইন বলবৎ হ’লে মূল্য বা মাননী নভৰাকৈ গুগল, ফেচবুক ইত্যাদিয়ে ইচ্ছা কৰিলেই অ’ৰ ত’ৰ পৰা আনি কোনো বাতৰি তেওঁলোকৰ মঞ্চত উপস্থাপন বা প্ৰকাশ কৰিব নোৱাৰিব৷ এতিয়া ফেচবুক, গুগল ইত্যাদিৰ মঞ্চত যিকোনো উৎসৰ পৰা অনা বাতৰিয়েই প্ৰকাশ পায়৷ তেনে বাতৰিৰ সত্যতা, নিৰ্ভৰযোগ্যতা গুগল, ফেচবুক আদিত পৰীক্ষা কৰা নহয় আৰু তেনে ব্যৱস্থাও নাই৷ সেয়ে গুগলত প্ৰকাশিত ৪৮ শতাংশ বাতৰিয়েই ভুৱা৷ ফেচবুকত ক’ভিড অতিমাৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ভুৱা বাতৰিৰ ধুম উঠিছিল৷ ইয়াৰ বিপৰীতে পৰম্পৰাগত সংবাদ প্ৰতিষ্ঠান, সংবাদ পত্ৰৰ বাতৰি নিৰ্ভৰযোগ্য হয়৷ কিয়নো সেই বাতৰি তেওঁলোকে সংগ্ৰহ কৰে আৰু বাতৰিৰ উৎস নিজৰে হয়৷ ইয়াৰ বিপৰীতে গুগল, ফেচবুক ইত্যাদিয়ে বাতৰি সংগ্ৰহ কৰে আনৰ পৰা, যি নিৰ্ভৰযোগ্য নহয়৷ সেয়ে যেতিয়া তেওঁলোকে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা বাতৰি সংগ্ৰহ কৰিব, তাৰ বিনিময়ত তেওঁলোকে মূল্যও ভৰিব লাগিব৷