Logo
image

দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা

দিহিং-পাটকাই অভয়াৰণ্যৰ মাটিকালি পৰিবৰ্ধিত কৰি অসমৰ বৰ্ষাৰণ্য অঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰূপে সংৰক্ষিত কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ অসমৰ ২৩১.৬৫ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰাটো অসম তথা সমগ্ৰ ভাৰতৰ প্ৰকৃতি সংৰক্ষণৰ ইতিহাসত এটা যুগান্তকাৰী ঘটনা৷ উল্লেখ্য, নেচাৰ্ছ বেকনে সৰ্বপ্ৰথম এই আপুৰুগীয়া বৰ্ষাৰণ্যক ভাৰত আৰু বিশ্বৰ সন্মুখত তুলি ধৰে আৰু ১৯৯৪ চনৰ পৰা বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰি জনমত গঠন কৰিবলৈ আৰম্ভ কৰে৷ অসমৰ পৰিৱেশ সংৰক্ষণৰ ইতিহাসত এই আন্দোলন ‘অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন’ নামে বিখ্যাত৷ 

উল্লেখ্য ২০০৪ চনত বৰ্ষাৰণ্যৰ সামান্য অঞ্চলক সামৰি অভয়াৰণ্য গঠন কৰা হয় যদিও বৰ্ষাৰণ্যৰ সৰ্বাধিক উৎকৃষ্ট অঞ্চল জয়পুৰ বনাঞ্চলক সংৰক্ষণ অঞ্চলৰ বাহিৰত থোৱা হয় আৰু জয়পুৰ বৰ্ষাৰণ্যক ধবংস কৰি কয়লা আৰু খাৰুৱা তেল উত্তোলনৰ প্ৰচেষ্টা অব্যাহত ৰাখে৷ জয়পুৰ বৰ্ষাৰণ্যক ধবংস কৰি মুনাফা লাভ কৰাৰ চেষ্টা কৰা ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়াৰ ধবংসাত্মক কাম-কাজৰ কথা নেচাৰ্ছ বেকনে ৰাইজৰ সন্মুখত উন্মোচন কৰিব৷ কয়লা মাফিয়া আৰু কাঠৰ চোৰাং কাৰবাৰৰ লগতে কয়লা আৰু তেলৰ বাবে অসমৰ বৰ্ষাৰণ্যক বিনষ্ট কৰি দিব খোজা কু-চক্ৰটোক প্ৰতিহত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতিৰ বাবে তথা প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত যি দৃষ্টান্ত স্থাপন কৰিলে তাৰ বাবে সমগ্ৰ অসমবাসী তেওঁৰ প্ৰতি কৃতজ্ঞ থাকিব৷ মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সহযোগিতা অবিহনে পৃথিৱীৰ ভিতৰতে অন্যতম উৎকৃষ্ট বৰ্ষাৰণ্য ‘জয়পুৰ’ অঞ্চলক বচোৱাটো প্ৰায় অসম্ভৱ আছিল৷ এই সামগ্ৰিক সংৰক্ষণ প্ৰক্ৰিয়াৰ লগত যুক্ত বিজেপি সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিজেপিৰ মুখপাত্ৰ পৱিত্ৰ  মাৰ্ঘেৰিটা আৰু অসমৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ অসম বন বিভাগৰ শীৰ্ষ বিষয়া প্ৰধান মুখ্য বন সংৰক্ষক অৰবিন্দ মাধৱ সিঙে অসমৰ বৰ্ষাৰণ্যক বচাবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷ ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকাৰী [ডি এফ অ’ আৰু পূৰ্বৰ ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী [ডি এফ অ’] ক্ৰমে প্ৰদীপ্ত বৰুৱা আৰু আশীকুৰ ৰহমানেও এই কাৰ্যত সহযোগিতা কৰিছে৷  ইয়াৰ লগতে বিভিন্নজনে নেচাৰ্ছ বেকনক সহযোগিতা আগবঢ়াইছে৷

উল্লেখ্য, বৰ্ষাৰণ্যৰ জয়পুৰ অঞ্চলক অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰূপে সংৰক্ষিত কৰাটোৱে আছিল সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান৷ এই কামটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰি দেখুৱালে৷ আমি আশা কৰোঁ পৰ্যায়ক্ৰমে অসমৰ সকলো বৰ্ষাৰণ্য সংৰক্ষিত হ’ব৷

উল্লেখ্য, অকল জয়পুৰ অঞ্চলতে বৰ্তমান ২০৬টা বনৰীয়া হাতীয়ে বাস কৰি আছে৷ এই অঞ্চল হলৌ বান্দৰৰ উৎকৃষ্ট বাসস্থান৷ এই অঞ্চলত বনৰীয়া মেকুৰী প্ৰজাতিৰ প্ৰাধান্য সৰ্বাধিক, বনৰীয়া চৰাইৰ বাবেও এই অঞ্চল সমৃদ্ধ৷ সুখৰ কথা যে বৰ্তমান এই অঞ্চল দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰূপে সংৰক্ষিত৷ ইয়াত পোৱা কেইটামান উল্লেযোগ্য বন্যপ্ৰাণী হ’ল–হলৌ, লাজুকী বান্দৰ, হাতী, গৌৰ, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, গোধাফুটুকী, সোণালী মেকুৰী, মাছুৱা মেকুৰী, সৰু গোধা, শৰপহু, খুটীয়া পহু, মাটি ভালুক, বিণ্টুৰং, বুটিয়া জিনাৰ, মুকুট পিন্ধা চৰাই, মইনা, পৰঘুমা, পৰ্বতীয়া শেন ঈগল, পকৈঢোঁৰা, ৰাজ ধনেশ, দেওহাঁহ, সোণগুঁই, অজগৰ ইত্যাদি৷ 

জয়পুৰ বৰ্ষাৰণ্যক বচোৱাৰ বাবে বৃহত্তৰ জয়পুৰ অঞ্চলৰ গাঁওবাসীয়ে যি নিষ্ঠা আৰু কৰ্তব্য প্ৰদৰ্শন কৰি আহিছে, সেই কথা অসমৰ পৰিৱেশ আন্দোলনৰ ইতিহাসত দৃষ্টান্ত হৈ ৰ’ব৷

নেচাৰ্ছ বেকনৰ অনুসন্ধান আৰু তথ্যমতে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৪৫ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ৩০০ প্ৰজাতিতকৈও অধিক বনৰীয়া চৰাই, ২৫ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্ৰজাতিৰ পোক-পতংগ, ৩৫ প্ৰজাতিৰ বনৰীয়া মাছ, ১৬০ প্ৰজাতিৰ গছ-গছনি নথিভুক্ত কৰা হৈছে৷ ভৱিষ্যতে যে এই সংখ্যা বৃদ্ধি পাব, তাত কোনো সন্দেহ নাই৷ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাই সমগ্ৰ উজনি অসমত প্ৰকৃতিভিত্তিক পৰ্যটনৰ বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে৷ এতিয়া যিমান সোনকালে সম্ভৱ এই ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি শক্তিশালীৰূপে গঢ়ি তোলাৰ বাবে নেচাৰ্ছ বেকনে চৰকাৰক অনুৰোধ জনাইছে৷ 

অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ লগত যুক্ত আৰু দিহিং-পাটকাই বন্যপ্ৰাণী অঞ্চলৰ মাটিকালিৰ বৃদ্ধিৰ বাবে যিসকল সংগঠন আৰু ব্যক্তিয়ে প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাইছিল তেওঁলোকৰ প্ৰতি নেচাৰ্ছ বেকনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ আজি প্ৰায় ২৫বছৰ পাছত নেচাৰ্ছ বেকনৰ অন্যতম লক্ষ্য পূৰ্ণ হ’ল৷