Logo
image

আৰক্ষী আয়ুক্তৰ ‘শিক্ষা’ৰে ইউপিএছচিত টপাৰ হ’ল ১০জন

আমাৰ অসম, ১৮ জুলাইঃ ইউ পি এছ চিৰ শেহতীয়া সৰ্বভাৰতীয় সংযুক্ত পৰীক্ষা অৰ্থাৎ চিভিল ছাৰ্ভিচৰ ফলাফল ওলোৱাৰ পাছতে অসম কেডাৰৰ এজন শীৰ্ষস্থানীয় আৰক্ষী বিষয়াই এনে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া অসমৰ প্ৰাৰ্থীক সাহায্য কৰাৰ ইচ্ছা প্ৰকট কৰিছিল৷ আইপিএছ বিষয়াজন এই দিশত কিমানদূৰ আগবাঢ়িছে সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত কোনো খবৰ ৰাজহুৱা কৰা নাই৷ তেওঁৰ সেই ইচ্ছা টুইটাৰ হেণ্ডলতে আৱদ্ধ হৈ আছে নে নাই সেই সন্দৰ্ভত অধিক চৰ্চা নহ’লেও, অসমৰ কোনো সম্ভাব্য পৰীক্ষাৰ্থী লাভান্বিত হৈছে নে নাই তাকো ৰাজ্যবাসীয়ে নাজানিলেও তেলেংগানাৰ এজন আই পি এছ বিষয়াৰ শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে ইউ পি এছ চিৰ শেহতীয়া পৰীক্ষাত দেশৰ শতাধিক প্ৰাৰ্থী লাভান্বিত হোৱাৰ খবৰ দেশজুৰি চৰ্চা হৈছে৷ আনকি তেওঁ পঢ়ুওৱা পৰীক্ষাৰ্থীয়ে এইবাৰ প্ৰথম ২০ জনৰ ভিতৰত দহটা স্থান দহজনেই দখল কৰিছে৷ ১৯৯৫ বেটচৰ আই পি এছ মহেশ ভগৱত সম্প্ৰতি তেলেংগানাৰ ৰচোকোণ্ডা পুলিচ কমিছনাৰেটৰ আয়ুক্ত৷ উল্লেখ্য, ৰচোকোণ্ডা হৈছে দেশৰ বৃহত্তম পুলিচ কমিছনাৰেট, য’ৰ পৰিধি চাৰিখন জিলাৰ ৫০০০ বৰ্গকিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত৷ তেওঁ পেছাত আৰক্ষী বিষয়া আৰু নিচা  হৈছে শিক্ষকতা৷ সেয়ে মহেশ ভগৱতে ইউ পি এছ চিৰ ছিভিল ছাৰ্ভিচ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীক নিজৰ উদ্যোগত পঢ়ুৱায় আৰু প্ৰশিক্ষণ দিয়ে৷ তেওঁৰ বিষয়ে দেশৰ সম্ভাৱ্য প্ৰাৰ্থীয়ে ভালদৰেই জানে আৰু সেইমতে পৰীক্ষাৰ পূৰ্বে পৰামৰ্শ বিচাৰে৷ তেওঁ এনেদৰে পঢ়ুওৱা দহজন প্ৰাৰ্থীয়ে শেহতীয়া পৰীক্ষাত শীৰ্ষৰ বিশজনৰ মাজত স্থান লাভ কৰিছে৷ বিগত পৰীক্ষাৰ পূৰ্বে তেওঁ মুঠতে ১০৮জন প্ৰাৰ্থীক বিভিন্ন উপায়েৰে পঢ়ুৱাইছিল আৰু তাৰ ৫৪জনে এইবাৰ এই পৰীক্ষাত সাফল্য অৰ্জন কৰিছে৷ তেওঁ ‘ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিছ’ৰ প্ৰাৰ্থীকো এইবাৰ পঢ়ুৱাইছিল আৰু সেই পৰীক্ষাতো বহুসংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ হৈছে৷ যোৱা ছবছৰত তেওঁ ১,২৫০জন ইউ পি এছ চি পৰীক্ষাৰ্থীক প্ৰশিক্ষণ দিছে৷ নিজৰ কামৰ ব্যস্ততাৰ মাজত সময় উলিয়াই তেওঁ মূলতঃ অনলাইনৰ জৰিয়তে শিক্ষাদান কৰে আৰু কোন বিষয়ত কোন কোন অংশ গুৰুত্বসহকাৰে পঢ়িব লাগে সেয়া বুজাই দিয়াৰ লগতে পৰীক্ষাৰ্থীক পৰীক্ষাটোৰ পৰিকল্পনা স্থিৰ কৰি দিয়ে৷ নিজে পৰীক্ষা দিয়াৰ সময়ত কাৰো সহায় নোপোৱাৰ বাবেই তেওঁ এতিয়া পৰীক্ষাৰ্থীক এনেদৰে সাফল্য অৰ্জনত সহায় কৰে৷