Logo
image

দেশৰ সবাতোকৈ ধনী মহিলা তিনিচুকীয়াৰ জীয়ৰী

আমাৰ অসম, ২০ জুলাইঃ ভাৰতৰ ভিতৰতে ধনাঢ্য মহিলাৰ খ্যাতি অৰ্জন কৰা অ’পি জিন্দাল ষ্টীলৰ অধ্যক্ষা সাবিত্ৰী জিন্দাল অসমৰ জীয়ৰি৷ মাত্ৰ দুবছৰৰ ভিতৰত নিজৰ সম্পত্তি তিনিগুণলৈ বৃদ্ধি কৰি অসমকন্যা সাবিত্ৰী জিন্দালে দেশৰ ঔদ্যোগিক আৰু আৰ্থিক ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে৷ ২০২০ চনত সম্পত্তিৰ পৰিমাণ ৪.৮ বিলিয়ন ডলাৰলৈ অৱনমিত হোৱাৰ পাছত দুবছৰৰ ভিতৰত অসামান্য উন্নতি সাধন কৰি সাবিত্ৰী জিন্দালে সম্পত্তিৰ পৰিমাণ ১৭.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰি দেশৰ ভিতৰত সবাটোকৈ ধনাঢ্য মহিলাৰ কৃতিত্ব অৰ্জন কৰিছে৷ উদ্যোগপতি অ’পি জিন্দালৰ পত্নী সাবিত্ৰী জিন্দালৰ জন্ম অসমৰ তিনিচুকীয়া চহৰত৷ তিনিচুকীয়াত জন্ম হোৱা আৰু কেতিয়াও কলেজৰ মুখ নেদেখা সাবিত্ৰী জিন্দালে তেওঁৰ স্বামী অ’পি জিন্দালৰ ২০১৫ চনত মৃত্যু হোৱাৰ পাছত জিন্দাল ষ্টীলৰ অধ্যক্ষাৰ দায়িত্ব লৈছিল৷ তেতিয়াৰ পৰা ২০২০ চনলৈ তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ অস্বাভাৱিকভাৱে হ্ৰাস পাইছিল, কিয়নো অ’পি জিন্দালৰ মৃত্যুৰ পাছত তেওঁৰ ৪জন পুত্ৰৰ মাজত পৰিয়ালৰ সম্পত্তি ভাগ কৰি দিয়া হৈছিল৷ ফলত জিন্দাল গ্ৰুপৰ সম্পত্তিৰ পৰিমাণ ৫০ শতাংশ হ্ৰাস পাইছিল৷ সাবিত্ৰী জিন্দাল মালিকানাধীন অ’পি জিন্দাল ষ্টীলৰ সম্পত্তিৰ পৰিমাণ ২০১৮ চনত ৮.৮ বিলিয়ন মাৰ্কিন ডলাৰ, ২০১৯ চনত ৫.৯ বিলিয়ন আৰু ২০২০ চনত ৪.৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ পতিত হৈছিল৷ কিন্তু সাবিত্ৰী জিন্দালৰ নেতৃত্বত বিগত দুবছৰত অ’পি জিন্দাল ষ্টীলে অসামান্য উন্নতি কৰি সম্পত্তিৰ পৰিমাণ তিনিগুণ বৃদ্ধি কৰে৷ এতিয়া ১৭.৭ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তিৰ অধিকাৰী হৈ সাবিত্ৰী জিন্দাল আজিৰ দিনটোত দেশৰ সবাটোকৈ ধনাঢ্য মহিলা৷ বিশ্বৰ চহকী মহিলাৰ তালিকাত তেওঁৰ স্থান ১৬ আৰু সামগ্ৰিকভাৱে তেওঁ বিশ্বৰ ধনাঢ্যৰ তালিকাত ৯১ সংখ্যক স্থান অৰ্জন কৰিছে৷