Logo
image

ডলাৰৰ বিপৰীতে এতিয়া ৮০.০৫

টকাৰ অধঃপতন

আমাৰ অসম, ২০ জুলাইঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ‘অচ্ছে দিন’ত হৈছে আন এটা ‘অভিলেখ’৷ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ অভিলেখসংখ্যক অধঃপতন হৈছে৷  সৰ্বকালৰ সকলো ৰেকৰ্ড ভাঙি মঙলবাৰে ভাৰতীয় মূল্যৰ অৱনমন হৈ ১ ডলাৰত ৮০ টকাৰ সীমা অতিক্ৰম পাৰ কৰিছে৷ মঙলবাৰে পুৱাৰ ভাগত টকাৰ মূল্য ৭ পইচা হ্ৰাস পাই প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ৮০.০৫ টকা হৈছেগৈ৷ উল্লেখ্য, বিগত এবছৰত ভাৰতীয় টকাৰ বিপৰীতে আমেৰিকান ডলাৰ ৭.৬% বৃদ্ধি হৈছে৷ ডলাৰৰ মুদ্ৰাস্ফীতিৰ বাবে এতিয়া তেল আৰু মাহজাতীয় শস্যৰ নামত অধিক টকা খৰচ কৰিব লাগিব৷ বহু সামগ্ৰীত এতিয়া মূল্য বৃদ্ধি পোৱাৰ লগতে ব্যয়বহুল হৈ পৰিব৷ ইয়াৰোপৰি কম্পিউটাৰ, ঔষধ, ৰাসায়নিক পদাৰ্থ, বিদেশত অধ্যয়ন কৰা আদিৰ লগতে খাৰুৱা তেল, লেপটপ, সোণ, সাৰ আৰু গধুৰ যন্ত্ৰপাতি আদি আমদানিকৃত সামগ্ৰীসমূহ অধিক ব্যয়বহুল হ’ব পাৰে৷ ইয়াৰ মাজতে জিএছটি পৰিষদৰ বৈঠকৰ পাছত বৃদ্ধি পাইছে কেইবাবিধো সামগ্ৰীৰ দাম৷ জিএছটি বোৰ্ডৰ ৪৭সংখ্যক বৈঠকত একাধিক সামগ্ৰীত জিএছটিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ইয়াৰ ফলশ্ৰুতিত ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈও অধিক দামৰ বোজা সহিব লাগিব জনসাধাৰণে৷