Logo
image

শাস্ত্ৰী, বিজ্ঞানী ভাবাক হত্যাৰ আঁৰত চিআইএ

অপাৰেচন ডাইৰেক্টৰৰ স্বীকাৰোক্তি

আমাৰ অসম, ২০ জুলাইঃ ১৯৬৬ চনৰ জানুৱাৰীত মাথোঁ ১৩ দিনৰ ব্যৱধানত ভাৰতৰ দুজন বিখ্যাত ব্যক্তিৰ মৃত্যু হৈছিল৷ ১১ জানুৱাৰীত তেতিয়াৰ ছোভিয়েট ৰাছিয়া আৰু এতিয়াৰ উজবেকিস্তানৰ তাছখণ্ডত ৰহস্যজনকভাৱে মৃত্যুৰ মুখত পৰিছিল দেশৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী৷ কি কাৰণত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল সেই ৰহস্যৰ সমাধান হোৱা নাছিল৷ তাৰ ১৩ দিনৰ পাছত এটা বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল দেশৰ আনৱিক শক্তিৰ জনক ড॰ হোমি জাহাংগীৰ ভাবাৰ৷ এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত বিমানখন আল্পছ পৰ্বতমালাৰ ওপৰত মঁ ব্লাঁ পাহাৰৰ বুকুত ১১৭জন যাত্ৰী লৈ ভাগি পৰিছিল৷ তাৰে অন্যতম যাত্ৰী আছিল ড॰ হোমি জাহাংগীৰ ভাবা৷ পৰমাণু বিজ্ঞানী হোমি ভাবাৰ মৃত্যু বিমান দুৰ্ঘটনাৰ ফলত হ’লেও তাৰ আঁৰত কোনো উদ্দেশ্য আছিল নেকি সেয়া ইমানদিনে কোনেও জনা নাছিল. একেদৰেই লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ ৰহস্য ইমানদিনে সমাধানহীন হৈয়েই ৰৈ গৈছিল৷ কিন্তু সেই ঘটনাৰ ৪৪ বছৰ পাছত দুয়োৰে মৃত্যু-ৰহস্যৰ পাক খোল খাইছে আৰু ভাৰতৰ দুয়োজন বিখ্যাত ব্যক্তিকে আমেৰিকাৰ চিআইএ-ই হত্যা কৰা বুলি বিস্ফোৰক তথ্য প্ৰকাশ পাইছে৷ গ্ৰেগৰী ডগলাছ নামৰ এজন লেখকে তেওঁৰ নৱপ্ৰকাশিত গ্ৰন্থত এই তথ্য উল্লেখ কৰিছে৷ ‘এ কনভাৰছেছন উইথ দ্য ক্ৰু’ নামৰ যিখন গ্ৰন্থত গ্ৰেগৰী ডগলাছে লালবাহাদুৰ শাস্ত্ৰী আৰু ড॰ হোমি ভাবাৰ মৃত্যুৰ ৰহস্যৰ ভেদ ভাঙিছে, সেই গ্ৰন্থত লেখকে তেতিয়াৰ চিআইএ-ৰ অপাৰেশ্বন ডাইৰেক্টৰ’ ৰবাৰ্ট ক্ৰ’লিৰ বক্তব্য উদ্ধৃত কৰিছে৷ গ্ৰেগৰী ডগলাছে ৰবাৰ্ট ক্ৰ’লিৰ সৈতে এই সন্দৰ্ভত যি বাৰ্তালাপ কৰিছিল, সেয়া তেওঁ ৰেকৰ্ড কৰি ৰাখিছিল৷ ৰবাৰ্ট ক্ৰ’লিৰ স্বীকাৰোক্তি গ্ৰেগৰী ডগলাছে তেওঁৰ গ্ৰন্থত বিশদভাৱে প্ৰকাশ কৰিছে, য’ত ৰবাৰ্ট ক্ৰ’লিয়ে লালবাহাদুৰ শাস্ত্ৰী আৰু ড॰ হোমি ভাবাক চিআইএ-ই হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷

আমেৰিকাৰ গুপ্তচৰ সংস্থা চিআইএ-ই কি উদ্দেশ্যত এই দুই ভাৰতীয় বৰেণ্য ব্যক্তিক হত্যা কৰিছিল তাৰ কাৰণো লেখকে উল্লেখ কৰিছে৷ মূলতঃ ভাৰতৰ আনৱিক কাৰ্যসূচী বন্ধ বা স্থবিৰ কৰি দিয়াৰ লক্ষ্যৰেই চিআইএ-ই দুয়োকে হত্যা কৰিছিল৷ মৃত্যুৰ কিছুদিন পূৰ্বে ড॰ হোমি ভাবাই ১৮ মাহৰ ভিতৰত ভাৰতে আনৱিক বোমা তৈয়াৰ কৰিবলৈ সক্ষম হ’ব বুলি অল ইণ্ডিয়া ৰেডিঅ’ত ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল৷ তেতিয়াই চিআইএ-ই ভাৰতৰ পৰমাণু কাৰ্যসূচীৰ জনক ড॰ হোমি ভাবা আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল, যাতে ভাৰতৰ পৰমাণু কাৰ্যসূচী বন্ধ হৈ যায়৷ চিআইএ-ৰ দ্বিতীয় সৰ্বোচ্ছ আসনত থকা, তেতিয়াৰ অপাৰেশ্বন ডাইৰেক্টৰ ৰবাৰ্ট ক্ৰ’লিয়ে কয়– ‘আমি বৃহৎ সমস্যাৰ সন্মুখীন হৈছিলোঁ৷ ’৬০ৰ দশকত তেতিয়া আমাৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল ভাৰত৷ কিয়নো ভাৰতে এটা পৰমাণু বোমা তৈয়াৰ কৰাৰ কামত বহুদূৰ আগবাঢ়ি গৈছিল৷ ৰাছিয়াৰ সৈতে ভাৰতৰ বুজাপৰা ঘনিষ্ঠ হৈ পৰিছিল৷ ভাৰতে যাতে পৰমাণু বোমা নিৰ্মাণ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ চিআইএ-ই প্ৰথমে প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী আৰু দ্বিতীয়তে ড॰ হোমি ভাবাক হত্যা কৰিছিল৷’

১৯৬২ চনৰ চীন ভাৰত যুদ্ধ আৰু ১৯৬৫ চনৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পাছত ভাৰতে সক্ৰিয়ভাৱে পৰমাণু অস্ত্ৰ নিৰ্মাণত যুদ্ধকালীন ক্ষিপ্ৰতাৰে নামি পৰিছিল৷ ড॰ হোমি ভাবাৰ নেতৃত্বত হোৱা কাৰ্যসূচী আগবঢ়াই নিবলৈ সেউজ সংকেত দিছিল প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে৷ সেয়ে আমেৰিকাই তেওঁলোকৰ জাতশত্ৰু ছোভিয়েট ৰাছিয়াৰ ঘনিষ্ঠ মিত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আনৱিক প্ৰকল্পৰ জনক ভাবাক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল৷ সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দায়িত্ব লৈছিল চিআইএ-ই৷ ভাৰত যাতে পৰমাণু বোমাৰ অধিকাৰী হৈ ছুপাৰ পাৱাৰ হৈ নুঠে সেয়া নিশ্চিত কৰাৰ বাবেই আমেৰিকাই সেই পদক্ষেপ লৈছিল৷ উল্লেখ্য, লালবাহাদুৰ শাস্ত্ৰীয়ে ছোভিয়েট ৰাছিয়া ভ্ৰমণ কৰি তাছখণ্ডত দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ পাছতে নিশা কোঠাৰ ভিতৰতে মৃত্যুক সাৱটি লৈছিল৷ আনকি তেওঁক চিকিৎসা সাহায্যও প্ৰদান কৰিব পৰা নগ’ল৷ বিদেশ ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মৃত্যুৱে সেই সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ তেওঁ নিশা কোঠাৰ ভিতৰতে কাহিবলৈ ধৰিছিল আৰু তেনেকৈ বাহিৰলৈ ওলাই আহি চিকিৎসকক মাতিবলৈ নিৰ্দেশ দিছিল৷ প্ৰধানমন্ত্ৰী হোৱা সত্ত্বেও তেওঁৰ কোঠাত কোনো টেলিফোন আৰু ইণ্টাৰকম নাছিল৷ কাহি কাহি তেওঁ নিশাই চিকিৎসক আহি পোৱাৰ পূৰ্বেই মৃত্যুক সাৱতি লৈছিল৷