Logo
image

অন্য এক ‘ভাৰত ত্যাগ’

২০২১ত ডেৰ লাখৰো অধিক ভাৰতীয়ই এৰিলে নাগৰিকত্ব

আমাৰ অসম, ২১ জুলাইঃ যেন নাগৰিকত্ব ত্যাগ কৰাৰ জোঁৱাৰ উঠিছে৷ বহু ভাৰতীয়ই ভাৰতীয় নাগৰিকত্ব এৰি অন্য দেশলৈ ঢাপলি মেলিছে৷ ২০২১ চনত ১.৬ লাখৰো অধিক ভাৰতীয়ই দেশ এৰি গুচি যোৱাৰ লগতে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে৷ ৩ বছৰত প্ৰায় ৪ লাখ ভাৰতীয়ই দেশ এৰিছে৷ এই তথ্য খোদ কেন্দ্ৰীয় চৰকাৰৰ৷ মঙলবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে ২০২০ চনৰ তুলনাত ২০২১ চনত বহু বেছিসংখ্যক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে৷ উল্লেখ্য, বিএছপিৰ সাংসদ হাজিৰ ফজলুৰ ৰহমানে ভাৰতীয় লোকে নাগৰিকত্ব ত্যাগ কৰা সম্পৰ্কে এক প্ৰশ্ন উত্থাপন কৰিছিল৷ উক্ত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জনায় যে ২০২০ চনত যেতিয়া সমগ্ৰ বিশ্বত ক’ভিডে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল তেতিয়া ৮৫,২৫৬জনে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি দেশ এৰিছিল৷ ইয়াৰ পূৰ্বে ২০১৯ চনত এই সংখ্যা আছিল প্ৰায় ১.৪৪ লাখ৷ কিন্তু যোৱাবছৰ অৰ্থাৎ ২০২১ চনত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাৰ সংখ্যা আশ্চৰ্যজনকভাৱে বৃদ্ধি পায়৷ চৰকাৰী হিচাপ মতে ২০২১ চনত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাসিন্দা হয় ৭৮,২৮৪জন৷ সেইদৰে অষ্ট্ৰেলিয়াত ২৩,৫৩৩জন, কানাডাত ২১,৫৯৭ আৰু  ১৪,৬৩৭জন যায় ব্ৰিটেইনলৈ৷ সেইদৰে আন কিছুসংখ্যক যায় ইটালী, নিউজিলেণ্ড, ছিংগাপুৰ, জাৰ্মানী, নেদাৰলেণ্ড, ছুইডেন আৰু স্পেইনলৈ৷ চৰকাৰী পৰিসংখ্যা মতে ইটালীলৈ ৫,৯৮৬জন, নিউজিলেণ্ডলৈ ২,৬৪৩জন, ছিংগাপুৰলৈ ২,৫১৬জন, জাৰ্মানীলৈ ২,৩৮১জন, নেডাৰলেণ্ডলৈ ২,১৮৭জন, ছুইডেনলৈ ১,৮৪১জন আৰু স্পেইনলৈ  ভাৰতীয় নাগৰিকত্ব এৰি যোৱা লোকৰ সংখ্যা হৈছে ১,৫৯৫জন৷ উল্লেখ্য, ভাৰতত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা নাই৷ ফলত আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ লগে লগে ভাৰতীয় নাগৰিকত্ব বাতিল হৈ যায়৷ ফলত কিমানসংখ্যক লোকে দেশ এৰি যায়, সেয়া নাগৰিকত্ব বাতিল হোৱাৰ পৰিসংখ্যাত স্পষ্ট হৈ পৰে৷ এতিয়া প্ৰশ্ন হয় যে কিহৰ বাবে এনে বৃহৎসংখ্যক লোকে নাগৰিকত্ব ত্যাগ কৰি আন দেশলৈ যাবলগীয়া হৈছে? ইয়াৰ কাৰণ ভিন্নজনৰ ক্ষেত্ৰত বিভিন্ন৷ সাধাৰণতে সমগ্ৰ বিশ্বত ভাল সংস্থাপন বা উন্নত জীৱন-যাপনৰ বাবে বহুতে দেশ এৰি যায়৷ আন একাংশই আকৌ জলবায়ু পৰিৱৰ্তন বা প্ৰতিকুল পৰিস্থিতিৰ বাবে দেশ এৰি যায়৷ তদুপৰি বিশ্বজুৰি প্ৰৱাসী ভাৰতীয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে নৱপ্ৰজন্মসকলৰ মাজত আন দেশৰ পাৰ-পত্ৰ গ্ৰহণ কৰাৰ মানসিকতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ফলত বয়সস্থ ভাৰতীয়সকলে পৰিয়ালৰ সদস্যৰ সৈতে থাকিবলৈ বিদেশত স্থায়ীভাৱে থকাৰ পথ বাছি লোৱা পৰিলক্ষিত হৈছে৷ আন একাংশই আকৌ অপৰাধত লিপ্ত হৈ আইনৰ পৰা হাত সৰাৰ বাবেই দেশ এৰি বিদেশত আশ্ৰয় লোৱা দেখা গৈছে৷