Logo
image

মহাকাশলৈ পৰ্যটক পঠিয়াব ইছ্‌ৰ’ৱে

আমাৰ অসম, ২২ জুলাইঃ ভাৰতীয় মহকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰ’ই মহাকাশলৈ পৰ্যটক প্ৰেৰণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে৷  ইয়াৰ জৰিয়তে আগন্তুক বছৰসমূহত বহু নিযুত ডলাৰৰ ব্যৱসায়ক্ষেত্ৰ এখনৰ সৃষ্টি হ’ব বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড॰ জীতেন্দ্ৰ সিঙে সদৰি কৰা মতে মহাকাশ সংস্থাসমূহে ইতিমধ্যে মহাকাশ পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টোৰ বাবে কাম কৰা আৰম্ভ কৰিছে৷ তেওঁ এই বুলিও কয় যে সম্প্ৰতি ইছৰ’ই মহাকাশ পৰ্যটনৰ বাবে বিশ্বৰ ৬১খন দেশৰ সৈতে কাম আৰম্ভ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে স্পেছ এক্সৰ স্বত্বাধিকাৰী এলন মাস্কে মহাকাশলৈ পৰ্যটক প্ৰেৰণৰ উদ্যোগ গ্ৰহণ কৰিছিল৷ ইছৰ’ই ইতিমধ্যে মহাকাশলৈ পৰ্যটক প্ৰেৰণৰ বাবে গ্ৰহণ কৰা আঁচনিত কেন্দ্ৰীয় চৰকাৰেও সেউজ সংকেট প্ৰদান কৰিছে৷