দ্ৰৌপদী মুৰ্মু দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি
অসমত বিজয়োৎসৱ
আমাৰ অসম, ২২ জুলাইঃ প্ৰত্যাশিতভাৱেই দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু৷ উল্লেখ্য যে বৃহস্পতিবাৰে পুৱাৰে পৰা ভোট গণনা আৰম্ভ হোৱাৰ পাছত প্ৰথম ৰাউণ্ডৰ গণনাৰ পৰাই একালৰ শিক্ষয়িত্ৰী ৬৪ বছৰীয়া মুৰ্মু দেশৰ প্ৰথমগৰাকী নাগৰিক হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছিল৷ অৱশেষত ভোট গণনাৰ অন্তত সেই সম্ভাৱনাক বাস্তৱ কৰি বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক পৰাজিত কৰি ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় মুৰ্মু৷ উল্লেখ্য যে সংখ্যাতত্ত্বৰ দিশৰ পৰাও বহু পূৰ্বেই এনডিএৰ প্ৰাথীৰ্গৰাকীয়েই যে ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব সেয়া প্ৰায় খাটাং হৈ আছিল৷ অৱশ্যে ইয়াৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনা ক্ৰছ ভোটিং হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ শাসক-বিৰোধীৰ দুয়োটা শিবিৰেই এই অভিযোগ উত্থাপন কৰিছিল৷ ভোট গণনাৰ সময়ত দেখা যায় যে ৰাষ্ট্ৰপতি নিৰ্বাচনত ১০৪টা ক্ৰছ ভোটিং হয়৷ ইয়াৰে ২২টা অসমৰ৷ আজি ভোট গণনাৰ প্ৰথম ৰাউণ্ডৰ শেষত দ্ৰৌপদী মুৰ্মুৱে লাভ কৰে ৫৪০টা ভোট৷ ইয়াৰ বিপৰীতে বিৰোধী দলসমূহৰ প্ৰাৰ্থী যশৱন্ত সিনহাই ২০৮টা ভোটহে পায়৷ দ্বিতীয় ৰাউণ্ডৰ গণনাতো দ্ৰৌপদী মুৰ্মুৱে নিজৰ আধিপত্য বজাই ৰাখে৷ এইটো ৰাউণ্ডত মুৰ্মুৱে ৮০৯টা ভোট লাভ কৰে৷ আনহাতে যশৱন্ত সিনহাই দ্বিতীয় ৰাউণ্ডত লাভ কৰা ভোটৰ সংখ্যা হৈছে ৩২৯টা৷ সেই অনুসৰি দ্ৰৌপদী মুৰ্মুৱে লাভ কৰা ভোটৰ মুঠ মূল্য ৪,৮৩,২৯৯৷ ইয়াৰ বিপৰীতে সিনহাই লাভ কৰা ভোটৰ মুঠ মূল্য ১,৮৯,৮৭৬৷ ইপিনে দ্ৰৌপদী মুৰ্মু দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে দেশজুৰি শাসকীয় আৰু মিত্ৰ দলসমূহে বিজয়োৎসৱ পালন কৰা আৰম্ভ কৰিছে৷ মুৰ্মুৰ জয় নিশ্চিত হোৱাত তেওঁৰ নিজা গাঁও ওড়িশাৰ ময়ূৰভঞ্জৰ উপৰবেৰা আৰু শহুৰেকৰ গাঁও ৰায়ৰংপুৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ আনহাতে বিজয়ৰ মুহূৰ্তত মাতৃৰ কাষত থাকিবলৈ ভুৱনেশ্বৰৰ পৰা দিল্লীত আহি উপস্থিত হৈছে মুৰ্মুৰ কন্যা ইতিশ্ৰী আৰু জোঁৱায়েক গণেশ হেমৰং৷ লগত আহিছে দুবছৰীয়া আৰু চাৰিমহীয়া দুই নাতিনীয়েক আধ্যাশ্ৰী আৰু নিশ্চয়শ্ৰী৷ আনহাতে নিজ ৰাজ্য ওড়িশাকে ধৰি আন কেইবাখনো ৰাজ্যত দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বেই মুৰ্মু ৰাষ্ট্ৰপতি হোৱাটো প্ৰায় নিশ্চিত হোৱাত বিজয় উৎসৱ পালন কৰিবলৈ ধৰে৷ উল্লেখ্য যে দ্ৰৌপদী মুৰ্মু ওড়িশাৰ এগৰাকী আদিবাসী মহিলা হোৱাৰ লগতে তেওঁ পূৰ্বে ঝাড়খণ্ডৰ ৰাজ্যপাল হিচাপে দায়িত্ব চম্ভালিছিল৷ ইপিনে দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিগৰাকীক সংসদত অভিনন্দন জনোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে৷ একেদৰে পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক বিদায় সম্ভাষণ জনোৱাৰ বাবেও চলিছে প্ৰস্তুতি৷ বিদায়ী ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ অশোক হোটেলত এক বিশেষ নৈশভোজৰ আয়োজন কৰিছে৷ নৈশভোজৰ পিছদিনা শনিবাৰে সংসদ ভৱনৰ ঐতিহাসিক চেণ্ট্ৰেল হলত ৰামনাথ ক’বিন্দক বিদায় সম্বৰ্ধনা জনোৱা হ’ব৷ ২৫ জুলাইত তেওঁ ত্যাগ কৰিব ৰাইছিনা হিলৰ প্ৰাসাদোপম ৰাষ্ট্ৰপতি ভৱন৷ ইয়াৰ পাছতে তালৈ আহিব নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷
বৃহস্পতিবাৰে মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি শুভাকাংক্ষীসকলে তেওঁক শুভেচ্ছাৰে ওপচাই পেলায়৷ স্মৰ্তব্য যে ওড়িশাৰ একেবাৰে পিছপৰা ময়ূৰভঞ্জ জিলাৰ ৰায়ৰাংপুৰৰ বাৰিপাৰাৰ পৰা ৮২ কিলোমিটাৰ আঁতৰৰ এখন অতি পিছপৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল দ্ৰৌপদী মুৰ্মুৱে৷ গাঁওখনত আনকি নাছিল বিদ্যুৎ সংযোগৰ কোনো ব্যৱস্থা৷ তেনে এখন গাঁৱৰ আদিবাসী পৰিয়ালৰ কন্যা একালৰ শিক্ষয়িত্ৰী মুৰ্মুৰ স্বামী প্ৰয়াত শ্যামচৰণ মুৰ্মু বেংকৰ কৰ্মচাৰী আছিল৷ তেওঁলোকৰ একমাত্ৰ জীৱিত সন্তান ইতিশ্ৰী মুৰ্মুও বেংকৰ কৰ্মচাৰী৷ মুৰ্মুৰ দুই পুত্ৰ ক্ৰমে ২০০৯ আৰু ২০১২ চনত মাত্ৰ তিনি বছৰৰ ব্যৱধানত মৃত্যুক সাৱটি লয়৷ ১৯৯৭ চনত তেওঁ ৰাজনীতিলৈ আহে৷ ২০০০ চনত ওড়িশাৰ ৰায়ৰাংপুৰ সমষ্টিৰ পৰা তেওঁ বিধায়ক নিৰ্বাচিত হৈ বিজেপি মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰে৷ ২০০৫ চনত বাণিজ্য পৰিবহণ, পশুপালন আৰু মীন দপ্তৰৰ দায়িত্ব লাভ কৰা দ্ৰৌপদী মুৰ্মুৱে ২০১৫ চনত ঝাড়খণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে৷ আৰু অৱশেষত সেইগৰাকী আদিবাসী মহিলা, একালৰ শিক্ষাগুৰু আৰু প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুই দেশৰ সৰ্বোচ্ছ সাংবিধানিক পদত অধিষ্ঠিত হ’বলৈ সক্ষম হ’ল৷
অসমত বিজেপিৰ বিজয়োৎসৱ
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে গুৱাহাটী খানাপাৰাত বৃহস্পতিবাৰে বিজয় উৎসৱ উদ্যাপন কৰে ৰাজ্যিক বিজেপিয়ে খানাপাৰাস্থিত পশু চিকিৎসা আৰু পশুপালন বিদ্যালয় খেল পথাৰত বৃহস্পতিবাৰে ৩.৩০ বজাতে উদ্যাপন কৰা হয় বিজয়োৎসৱ৷ এন ডি এৰ প্ৰাৰ্থী দৌপদী মুৰ্মুৰ জয় নিশ্চিত হোৱাৰ পাছত ৰাজ্যিক বিজেপিয়ে উদ্যাপনৰ কৰে বিজয়োৎসৱ৷ এনডিএৰ প্ৰাৰ্থী মুৰ্মুৰ বিজয় নিশ্চিত হোৱাৰ পাছতে বিজেপিৰ ৰাজ্যিক কমিটীয়ে আহ্বান জনোৱা বিজয়োৎসৱলৈ স্বতঃস্ফুৰ্তভাৱে ওলাই আহে বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা, কৰ্মী-সমৰ্থক৷ দেশৰ ইতিহাসত প্ৰথমবাৰৰ এগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি নিবাচিত হোৱাৰ আনন্দত আত্মহাৰা হৈ পৰে আদিবাসী চাহ জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল৷ ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক খানাপাৰা খেলপথাৰলৈ আহি ভাগ লয় বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা৷ এই বাৰেৰহনীয়া কাৰ্যসূচীত ভাগ লৈয় বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা অসমৰ তত্বৱধায়ক বিজয়ন্ত পাণ্ডা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা আদিয়ে৷ বিজেপিৰ ৰাজ্যিক কমিটীৰ উদ্যোগত উলিওৱা সমদলত অংশগ্ৰহণকাৰীসকলে দ্ৰৌপদী মুৰ্মু জিন্দাবাদ, বিজেপি জিন্দাবাদ, ভাৰত মাতা কী জয়, জয় শ্ৰীৰাম আদি শ্লোগানেৰে কঁপাই তোলে গুৱাহাটীৰ ৰাজপথ৷ অনুষ্ঠানত ভাগ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতা পাণ্ডাই কয় দ্ৰৌপদী মুৰ্মু এগৰাকী অতি নিকা ভাবমূতিৰ নেত্ৰী৷ দেশৰ ৰাষ্ট্ৰপতি আসনত এনে এগৰাকী ব্যক্তি অধিষ্ঠিত হোৱাৰ বাবে বিশ্বৰ দৰবাৰত জিলিকি উঠিল৷ বিজয়োৎসৱত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘দ্ৰৌপদী মুৰ্মুৰ বিজয় কেৱল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয় নহয়, এয়া জনজাতীয় অধিকাৰ আৰু নাৰী শক্তিৰ সমন্বিত বিজয়৷’ দ্ৰৌপদী মুৰ্মুৰ বিজয়ৰ পাছত গোসাঁইগাঁও বিধানসভা সমষ্টিৰ আদিবাসী ক’লনি, কোক্ৰাঝাৰ চহৰ, বাগ্সাৰ চাহ বাগিচা এলেকা, তামুলপুৰ, গণেশগুৰি, নগাঁৱৰ পাখিমৰীয়া মণ্ডল এলেকা, বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচা, নলবাৰী চহৰ আদিত বিজেপিৰ কৰ্মী-সমৰ্থক, আদিবাসী জনগোষ্ঠীৰ ভাতৃ-ভগ্নী, পুৰুষ-মহিলাই বিজয়োৎসৱ পালন কৰে৷