Logo
image

বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি গৌতম আদানি

বিল গেইটছকো চেৰ পেলালে ভাৰতীয় উদ্যোগপতিয়ে

আমাৰ অসম, ২৩ জুলাইঃ বিশ্বৰ ধনাঢ্য ব্যক্তি বিল গেইটছকো চেৰ পেলাই চতুৰ্থ ধনী ব্যক্তি হিচাপে ‘ফ’বছ’ৰ  তালিকাত নাম অন্তৰ্ভুক্ত হ’ল ভাৰতীয় উদ্যোগপতি গৌতম আদানি৷ আদানিয়ে বিশ্বৰ শ্ৰেষ্ঠ ধন কুবেৰৰ তালিকাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়৷ আন্তৰ্জাতিক পত্ৰিকা ফ’বছৰ ৰিয়েল টাইম বিলিয়নাৰছ তালিকাত চতুৰ্থ স্থান পাইছে ভাৰতীয় উদ্যোগপতি গৌতম আদানিয়ে৷ সম্প্ৰতি নিৰিখত বিল গেইটছতকৈ বহুগুণে আগুৱাই যাবলৈ সক্ষম হৈছে ভাৰতীয় শিল্পপতি গৌতম আদানি৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১১৫.৫ বিলিয়ন ডলাৰ৷ ভাৰতীয় হিচাপত যাৰ মূল্য ১১ হাজাৰ ৫৫০ কোটি টকা৷ সেই তুলনাত মাইক্ৰ’ছফট্‌সহ প্ৰতিষ্ঠাতা বিল গেইটছৰ সম্পত্তিৰ পৰিমাণ ১০৪.০৬ বিলিয়ন ডলাৰ৷ ভাৰতীয় হিচাপত ১০,৪৬০ কোটি টকা৷ ২৩৫.৮ বিলিয়নাৰে তালিকাৰ শীৰ্ষত আছে এলেন মাক্স৷ সেইদৰে ফ’বছৰ তালিকাৰ দশম স্থানত আছে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানি৷ উল্লেখ্য গৌতম আদানিয়ে দৈনিক তিনি ঘণ্টা কাম কৰে আৰু প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১০ হাজাৰ টকা৷