Logo
image

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পাব মাহে পাঁচ লাখ টকাৰ কৰহীন দৰমহা

আমাৰ অসম, ২৩ জুলাইঃ দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে বৃহস্পতিবাৰে নিৰ্বাচিত হয় দ্ৰৌপদী মুৰ্মু৷ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুৱে ২৫ জুলাইত শপতগ্ৰহণ কৰিব৷ ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পাছতে দ্ৰৌপদী মুৰ্মুৱে মাহে লাভ কৰিব পাঁচ লাখ টকাৰ দৰমহা৷ এই দৰমহাত কোনোধৰণৰ কৰ নাথাকে৷ অৰ্থাৎ তেওঁ পোৱা দৰমহাৰ পৰা এটকাও কৰ হিচাপে কৰ্তন নহয়৷ উল্লেখ্য, ২০১৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰমহা আছিল ডেৰ লাখ টকা৷ কিন্তু ২০১৭ চনত এই পৰিমাণ পাঁচ লাখলৈ বৃদ্ধি কৰা হয়৷ স্বাস্থ্য আৰু হউছিঙৰ লগতে আন সকলো সা-সুবিধা লাভ কৰিব দেশৰ প্ৰথম নাগৰিকগৰাকীয়ে৷ ৰাইছিনা হিলত তেওঁ থকা-মেলাৰ সুবিধা লাভ কৰিব৷ তেওঁৰ বাবে থাকিব বিশেষ গাড়ী৷ অৱসৰৰ পাছত তেওঁ লাভ কৰিব ডেৰ লাখ টকাৰ পেন্সন৷ দুটা লেণ্ডলাইন আৰু এটা মোবাইল বিনামূলীয়াকৈ লাভ কৰিব৷ ব্যক্তিগত দেহৰক্ষীৰ লগতে কটকটীয়া সুৰক্ষা ব্যৱস্থাও থাকিব৷ বিনমূলীয়া বিমান আৰু ৰে’ল সেৱাৰো সুবিধা লাভ কৰিব তেওঁ৷