Logo
image

মিডিয়াই বিচাৰ কৰা বন্ধ কৰক, সংবাদ-পত্ৰইহে মৰ্যাদা ধৰি ৰাখিছে! মুখ্য ন্যায়াধীশ

আমাৰ অসম, ২৪ জুলাইঃ সৰ্বদা অভিযুক্তই যিকোনো ঘটনাৰ ক্ষেত্ৰতে ‘মিডিয়া ট্ৰায়েল’ বা সংবাদ মাধ্যমে বিচাৰ চলোৱা বুলি যি সমালোচনা কৰে, সেই সমালোচনাক মান্যতা দি দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই দেশৰ সংবাদ মাধ্যমে ‘কেংগেৰু কৰ্ট’ চলাই থকা বুলি মন্তব্য কৰিছে৷ ৰাঁচীৰ এটা অনুষ্ঠানত ভাগ লৈ মুখ্ ন্যায়াধীশ ৰামান্নাই দেশৰ সংবাদ মাধ্যম, বিশেষকৈ ‘ইলেক্ট্ৰনিক মিডিয়া’ অৰ্থাৎ বৈদ্যুতিন সংবাদ মাধ্যমে উদ্দেশ্য প্ৰনোদিত বিতৰ্কৰ অনুষ্ঠান আয়োজন কৰি একো একোটা বিষয়ৰ ওপৰত মিডিয়া ট্ৰায়েল চলোৱা বুলি মন্তব্য কৰে৷ ৰামান্নাই কয় যে সংবাদ মাধ্যমে প্ৰায়েই একোটা ঘটনা সন্দৰ্ভত ৰায়দান কৰি দিয়ে আৰু তাৰ ফলত অভিজ্ঞ ন্যায়াধীশৰো ৰায়দানৰ সিদ্ধান্ত লোৱাত জটিলতাৰ সৃষ্টি হয়৷ তেওঁ এনেক্ষেত্ৰত সংবাদ পত্ৰই এতিয়াও যথেষ্ট দায়ৱদ্ধ ভূমিকা পালন কৰা আৰু বৈদ্যুতিন সংবাদ মাধ্যমে শূন্য দায়বদ্ধতা প্ৰদৰ্শন কৰা বুলি কঠোৰ মন্তব্য কৰে৷ ন্যায়াধীশ ৰামান্নাই কয়–‘আজিকালি দেখিবলৈ পাইছো মিডিয়াই কেংগেৰু কৰ্ট চলায়৷ ইয়াৰ ফলত অভিজ্ঞ বিচাৰকৰো ৰায়দানৰ সিদ্ধান্ত গ্ৰহণত অসুবিধাৰ সৃষ্টি হয়৷ ভুল আৰু দুৰ্বল তথ্যৰ উপস্থাপন কৰা আৰু উদ্দেশ্য প্ৰনোদিত বিতৰ্কৰ অনুষ্ঠান আয়োজন কৰি একোটা বিষয়ত সংবাদ মাধ্যমে বিচাৰ চলোৱাতো গণতন্ত্ৰৰ প্ৰতি অত্যন্ত ক্ষতিকাৰক৷’ তেওঁ পুনৰ কয়–‘ইলেক্ট্ৰনিক মিডিয়াৰ দায়ৱদ্ধতা শূন্য৷ পঞ্চপাতিত্বমূলক অপপ্ৰচাৰ চলাই সংবাদ মাধ্যমে গণতন্ত্ৰক দুৰ্বল কৰি পেলাইছে৷ নিজৰ দায়িত্ব আৰু দায়বদ্ধতা চূৰ্ণ কৰি অযথা আন দায়বদ্ধ প্ৰতিষ্ঠানৰ বিষয়ত মুৰ সুমুৱাই কৰা এই কাৰ্যৰ ফলত গণতন্ত্ৰ দুখোজ পিছুৱাই গৈছে৷ প্ৰিণ্ট মিডিয়াৰ [সংবাদ পত্ৰ] এতিয়াও কিছুপৰিমাণে দায়বদ্ধতা বৰ্তি আছে৷ ইলেক্ট্ৰনিক মিডিয়াৰ শূন্য দায়বদ্ধতা৷’ তেওঁ সংবাদ মাধ্যমক স্বতঃপ্ৰনোদিতভাৱে নিয়ন্ত্ৰিত হ’বলৈ আহ্বান জনায়৷