Logo
image

বিশ্ব চেম্পিয়নশ্বিপত ৰূপ অৰ্জন নীৰজৰ

আমাৰ অসম, ২৫ জুলাইঃ ৱান এণ্ড ডান৷  অৰ্থাৎ প্ৰথম প্ৰয়াসতে সৰ্বাধিক দুৰত্বলৈ জেভেলিন নিক্ষেপ আৰু পদক নিশ্চিত কৰাতো নীৰজ চোপ্ৰাৰ অভ্যাসত পৰিণত হৈছিল৷ কিন্তু ১৯ বছৰৰ পাছত দেশক বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয় পদকটো আনি দিয়াৰ ক্ষেত্ৰত এইবাৰ নীৰজ চোপ্ৰাৰ ‘ৱান এণ্ড ডান’ কাৰ্যকৰী নহ’ল৷ ইউজেনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত দেশৰ হৈ ইতিহাসৰ পৃষ্ঠা নতুনকৈ লিখাৰ পূৰ্বে নীৰজ চোপ্ৰাই এইবাৰ ঘৰুৱা অনুৰাগীক দীৰ্ঘ সময় উদ্বিগ্নতাত ভোগাই ৰাখিলে৷ দেওবাৰে ভাৰতীয় সময় অনুসৰি পুৱতি নিশা যেতিয়া নীৰজ চোপ্ৰাই হাতৰ জেভেলিন থ্ৰ কৰিছিল, প্ৰথম প্ৰয়াসতে তেওঁ পদক নিশ্চিত কিম্বা তাৰ ওচৰা ওচৰি অৱস্থান ল’ব বুলি অনুৰাগী আৰু আনকি প্ৰতিদ্বন্দ্বীয়েও ভাবি আছিল৷ কিন্তু নীৰজ চোপ্ৰাৰ প্ৰথম থ্ৰ’ আছিল ফাউল৷ দ্বিতীয় থ্ৰ’ত তেওঁৰ জেভেলিন পৰিছিলগৈ ৮২.৩৯ মিটাৰ দূৰত৷ তৃতীয় প্ৰয়াসত ৮৬.৩৭ মিটাৰ, যিটো পদক লাভৰ বাবে পৰ্যাপ্ত নাছিল৷ চতুৰ্থ প্ৰয়াসত নীৰজ চোপ্ৰাই ৮৮.১৩ মিটাৰ দূৰলৈ জেভেলিন নিক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল আৰু এই দূৰত্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিব পৰাকৈ যথেষ্ট আছিল৷ চতুৰ্থ থ্ৰ’ৰ পাছতে দুইহাত ওপৰলৈ ডাঙি আৰু শৰীৰটো পিছলৈ ভাঁজ কৰি নীৰজ চোপ্ৰাই যেতিয়া ৰঙচুৱা ট্ৰেকত তেওঁৰ ‘ট্ৰেডমাৰ্ক’ গোজৰণিটো মাৰিছিল, তেতিয়া কেইবাহাজাৰ কিলোমিটাৰ দূৰত উজাগৰে থকা ভাৰতৰ অনুৰাগী আৰু তেওঁৰ ওচৰে-পাজৰে সিঁচৰতি হৈ থকা প্ৰতিদ্বন্দ্বী নিশ্চিত হৈছিল, এয়া নীৰজ চোপ্ৰাৰ বিজয়ৰ চিঞৰ৷ সেই ‘ট্ৰেডমাৰ্ক’ গোজৰণি আছিল স্বৰূপাৰ্থতে ভাৰতৰ বাবে বিশ্ব এথলেটিকছৰ অন্যতম ইতিহাস৷ এতিয়াৰ পৰা ১৯ বছৰ পূৰ্বে সেই ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতৰ নাম খোদিত কৰিছিল লংজাম্পাৰ অঞ্জু ববী জৰ্জে৷ মহিলাৰ লংজাম্পাত অঞ্জু ববী জৰ্জে ২০০৩ চনত আনি দিয়া ব্ৰঞ্জৰ পদকটোৱেই আছিল ভাৰতৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰথম আৰু কালিলৈকে একমাত্ৰ পদক৷

প্ৰসংগতঃ ‘ৱান এণ্ড ডান’ নীৰজ চোপ্ৰাৰ অভ্যাসত পৰিণত হৈছিল৷ প্ৰথমটো থ্ৰ’তে তেওঁ প্ৰায়েই সৰ্বাধিক দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছিল আৰু চাপত পৰা প্ৰতিদ্বন্দ্বিয়ে হাৰ মানিছিল৷ এদিন পূৰ্বে ইউজেনৰ এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাই কোৱালিফায়িঙত প্ৰথম থ্ৰ’ত ৮৬.৬৫ মিটাৰ দূৰলৈ জেভেলিন নিক্ষেপ কৰি এবাৰতে ফাইনেল নিশ্চিত কৰিছিল৷ বিগত টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰি দেশক প্ৰথমটো ট্ৰেক এণ্ড ফিল্ডৰ স্বৰ্ণ পদক দিয়া নীৰজ কুমাৰে প্ৰথম থ্ৰ’তে ৮৭.০৩ মিটাৰলৈ জেভেলিন দলিয়াইছিল, যি দূৰত্ব তেওঁৰ প্ৰতিদ্বন্দ্বী কোনেও অতিক্ৰম কিম্বা স্পৰ্শ কৰিবলৈ সমৰ্থ নহ’ল৷ তেওঁৰ ‘ৱান এণ্ড ডান’ৰ উদাহৰণ আছে ২০১৮ৰ কমনৱেল্‌থ গেমছতো, য’ত প্ৰথম প্ৰয়াসৰ ৮৫.৫০ মিটাৰ নিক্ষেপে দেশক স্বৰ্ণ পদক দিছিল৷ ২০১৮ৰ এছিয়াডতো প্ৰথম নিক্ষেপত তেওঁ স্পৰ্শ কৰিছিল ৮৩.৪৫ মিটাৰ আৰু ইয়েই নিশ্চিত কৰিছিল স্বৰ্ণ৷ পৰৱৰ্তী প্ৰয়াসত তেওঁ দূৰত্ব ৮৮.০৬ মিটাৰলৈ উন্নত কৰিবলৈ সমৰ্থ হৈছিল৷

এখন সৰ্বোচ্ছ প্ৰতিযোগিতাত সৰ্বোচ্ছ সাফল্য অৰ্জনৰ পাছত ধাৰাবাহিকতা কিদৰে অক্ষুন্ন ৰাখিব পাৰে তাৰ অন্যতম আদৰ্শ হৈ পৰিছে নীৰজ চোপ্ৰা৷ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছত বিশ্ব চেম্পিয়নশ্বিপতো ৰূপৰ পদক অৰ্জন কৰি নীৰজ চোপ্ৰাই সেয়া প্ৰমাণ কৰিছে৷ অলিম্পিকতকৈ তেওঁ ব্যক্তিগত প্ৰদৰ্শন উন্নত কৰিছে ইউজেনৰ বিশ্ব চেম্পিয়নশ্বিপত৷ কিন্তু অলিম্পিকত ফাইনেল খেলিবলৈ সমৰ্থ নোহোৱা গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৯০.৫৪ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰি স্বৰ্ণ জয় কৰে৷ শেহতীয়াকৈ একাধিক বিশ্বমানৰ প্ৰতিযোগিতাত অবলীলাক্ৰমে বাৰম্বাৰ ৯০ মিটাৰৰ পৰিধি ভঙা এণ্ডাৰছন পিটাৰ্ছে বিগত অলিম্পিকত সৰ্বাধিক ৮২.৪০ মিটাৰ দূৰলৈ জেভেলিন নিক্ষেপ কৰি যোগ্যতা আহৰণকাৰী পৰ্বৰ পৰাই বিদায় লৈছিল৷ ৯০ মিটাৰৰ পৰিধি অতিক্ৰম নীৰজৰ স্বপ্ন, সেই স্বপ্ন এতিয়াও তেওঁৰ অপূৰ্ণ কিন্তু ক্ৰমান্বয়ে তেওঁ অগ্ৰসৰ হৈছে মহাঈপ্সিত লক্ষ্যৰ দিশে৷ ইউজেনত ব্ৰঞ্জ জয় কৰিলে চেক প্ৰজাতন্ত্ৰৰ য়াকুব ভাডলেজে, যি  টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল৷

নীৰজ চোপ্ৰাৰ এই সাফল্যত অঞ্জু ববী জৰ্জে কৈছে, নীৰজেই ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথলীট৷ অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেল্‌থ গেমছ, এছিয়াড আৰু বিশ্ব জুনিয়ৰ এথলেটিকছত বিজয় অৰ্জনৰ পাছত নীৰজে আৰু প্ৰমাণ কৰিবলগীয়া একো বাকী নাই৷