Logo
image

আজি দ্ৰৌপদীৰ শপত যশৱন্তৰ ৰাজনীতি ত্যাগ

আমাৰ অসম, ২৫ জুলাইঃ ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰাইৰাংপুৰৰ পৰাও ২০ কিলোমিটাৰ দূৰৰ অৰণ্যবেষ্টিত দুৰ্গম পথ অতিক্ৰমি ওপৰবেৰা গাঁৱৰ পৰা দ্ৰৌপদী মুৰ্মুৰ তিনি শতাধিক কোঠালিযুক্ত ৰাইছিনা হিলছৰ ৰাষ্ট্ৰপতি ভৱনলৈ দীৰ্ঘ পৰিভ্ৰমণৰ কাহিনী গল্পৰ দৰেই ৰোমাঞ্চকৰ৷ ব্যক্তিগত জীৱনৰ অশেষ কষ্ট আৰু তাৰ পাছত লাভ কৰা সাফল্যৰ অনেক উত্থান পতন পাৰ হৈ সোমবাৰে ওড়িশাৰ আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথমগৰাকী নাগৰিকত পৰিণত হ’ব৷ দেশৰ ইতিহাস সলনি কৰি তেৱেঁই হ’ব ভাৰতৰ পঞ্চদশ অথচ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি৷ সোমবাৰে দিনৰ ১০.১৪ বজাত ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই শপতবাক্য পাঠ কৰোৱাৰ পাছতে সৰ্বোচ্ছ পদত অধিষ্ঠিত হ’ব দ্ৰৌপদী মুৰ্মু৷ শাসনাধিষ্ঠিত এনডিএৰ প্ৰাৰ্থী হিচাপে ৬৪ শতাংশ ভোট লাভ কৰি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ষশৱন্ত সিনহাক ইতিমধ্যে হেলাৰঙে পৰাজিত কৰিছে৷ সোমবাৰৰ শপতগ্ৰহণ অনুষ্ঠান হ’ব জাকজমকীয়া আৰু বিশাল৷ শপতবাক্য পাঠ কৰাৰ পাছতে দেওবাৰে কাৰ্যকাল শেষ হোৱা ৰাষ্ট্ৰপতি ৰামনাথ কৱিন্দে তেওঁৰ আসন দ্ৰৌপদী মুৰ্মুৰ সৈতে সলনি কৰাৰ লগে লগে দেশে প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি লাভ কৰিব৷ 

শপতগ্ৰহণ অনুষ্ঠানত দ্ৰৌপদী মুৰ্মুৱে চাওতালী শাৰী পৰিধান কৰিব বুলি চৰ্চা হৈছে৷ ইতিমধ্যে তেওঁৰ বাবে দিল্লীৰ পৰা বিশেষ চাওতালী শাৰী লৈ আনিছে দ্ৰৌপদীৰ ভাতৃবধু সুকৰী টুডুৱে৷ ভাতৃ তাৰিণীসেন টুডু আৰু ভাতৃবধু সুকৰী টুডুৱে দ্ৰৌপদী মুৰ্মুৰ অনুৰোধমৰ্মেই এই বিশেষ চাওতালী শাৰীখন লৈ আনিছে৷ সেয়ে সংবাদ মাধ্যমত চৰ্চা হৈছে আদিবাসী মহিলা হিচাপে তেওঁ প্ৰতীকি ৰূপতে শপতগ্ৰহণত এই শাৰীখন পৰিধান কৰিব পাৰে৷ সোমবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত যোগ দিয়াৰ বাবে ইতিমধ্যে দিল্লীত উপস্থিত হৈছে তেওঁৰ কন্যা ইতিশ্ৰী আৰু জোঁৱাই গণেশ হেমব্ৰম৷ শপতগ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি পৰিয়ালৰ মুঠ চাৰিজন সদস্য উপস্থিত থাকিব৷

জীৱন যুদ্ধত সন্মুখীন হোৱা অসংখ্য উত্থান পতনৰ কঠিন পৰীক্ষা দি এই পৰ্যায়লৈ আহিছে দ্ৰৌপদী মুৰ্মু৷ ১৯৫৮ চনৰ ২০ জুনত ওড়িশাৰ দুৰ্গম অঞ্চলত অৱস্থিত ওপৰবেৰা গাঁৱত জন্ম দ্ৰৌপদী মুৰ্মুৰ৷ গাঁৱতে প্ৰাথমিক শিক্ষা সম্পন্ন কৰাৰ পাছত তেওঁ ওপৰবেৰা গাঁৱৰ প্ৰথমগৰাকী মহিলা হিচাপে ভূৱনেশ্বৰলৈ ৰাওনা হৈছিল স্নাতক স্তৰৰ শিক্ষা লাভৰ বাবে৷ তেওঁ ভূৱনেশ্বৰৰ ৰামদেৱী মহিলা কলেজৰ পৰা কলা শাখাৰ স্নাতক হোৱাৰ পাছত ওড়িশা চৰকাৰৰ বিদ্যুৎ বিভাগৰ কনিষ্ঠ সহায়ক পদত যোগদান কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ ৰাইৰাংপুৰৰ শ্ৰীঅৰবিন্দ ইণ্টিগ্ৰেল এডুকেশ্বন এণ্ড ৰিছাৰ্চ ইনষ্টিটিউটত শিক্ষকতা কৰে৷ দীৰ্ঘদিনৰ পাছত তেওঁ ৰাজনীতিলৈ আহে আৰু বিজেপিৰ বিধায়ক হিচাপে ওড়িশাৰ জোঁটসংগী বিজেডি চৰকাৰৰ পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপালো হৈছিল৷ জীৱন যুদ্ধত তেওঁ ইতিমধ্যে স্বামী আৰু দুজন পুত্ৰক হেৰুৱাব লগীয়া হৈছে৷ স্বামী শ্যামচৰণ মুৰ্মুৰ উপৰি তেওঁ অকালতে দুই পুত্ৰক হেৰুৱাবলগীয়া হোৱাত অৱসাদগ্ৰস্ততাৰ সন্মুখীন হৈছিল যদিও যোগাভ্যাসৰ জৰিয়তে তেওঁ পৰৱৰ্তী সময়ত নিজকে চম্ভালি লৈছিল৷ আদিবাসী মহিলা হিচাপে সমাজৰ মূল সোঁতৰ পৰা বিচ্ছিন্নতা, পিছপৰা গাঁৱৰ অনাহাৰ, জনজাতি মহিলা হিচাপে অস্পৃশ্যতা তেওঁ নিচেই কাষৰ পৰা দেখিছে৷ সেয়ে আশাকৰা হৈছে দেশৰ প্ৰথমগৰাকী নাগৰিক অৰ্থাৎ ৰাষ্ট˜পতি হিচাপে তেওঁ ভাৰতৰ শাসনযন্ত্ৰক অনেক শিক্ষা প্ৰদান কৰিব পাৰিব৷ ইপিনে দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে পৰাজয়বৰণ কৰা এসময়ৰ বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমামন্ত্ৰী যশৱন্ত সিনহাই পুনৰ তৃণমূল কংগ্ৰেছত যোগদান নকৰে বুলি মন্তব্য কৰিছে৷ উল্লেখ্য, নৰেন্দ্ৰ মোদীৰ আগমনৰ পাছত বিজেপি দলৰ প্ৰতি অশেষ ত্যাগ থকা সত্ত্বেও দলত এলাগী হৈ পৰিছিল যশৱন্ত সিনহা৷ ২০২১ চনত তেওঁ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ বিৰোধী ৰাজনৈতিক দলে সন্মিলিতভাৱে তেওঁক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰালৈকে তেওঁ তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় উপ-সভাপতি হৈ আছিল৷ দেশৰ সৰ্বোচ্ছ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত তেওঁ পুনৰ ৰাজনীতিৰ পথাৰলৈ উভতি নহাৰ সিদ্ধান্ত লৈছে৷