Logo
image

ইডিৰ এৰেষ্ট মেম’ত মমতাৰ নাম ৰমণীবিলাসেই কাল হ’ল মন্ত্ৰীৰ বাবে

আমাৰ অসম, ২৫ জুলাইঃ দীৰ্ঘদিনৰ বিশ্বস্ত সংগী, মমতা বেনাৰ্জীৰ ৰাজনৈতিক উত্থান পতনৰ সবাতোকৈ নিকট সাক্ষী পাৰ্থ চেটাৰ্জীয়ে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰাৰ সময়ত ভয়ত বিতত হৈ ‘এৰেষ্ট মেম’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম অন্তৰ্ভুক্ত কৰি তৃণমূল কংগ্ৰেছক শিক্ষক নিযুক্তিৰ  কেলেংকাৰিৰ গোচৰত শলঠেকত পেলাই অসন্তুষ্ট কৰি তুলিছে৷ ইপিনে ৭০ বছৰীয়া প্ৰবীণ ব্যক্তি, এখন ৰাজ্যৰ দায়িত্বশীল মন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মহাসচিবৰ দৰে দায়িত্বত থাকি তেওঁৰ নাতিনীৰ বয়সৰ সুন্দৰী মডেলৰ সৈতে গোপনে ৰমনীবিলাসত মত্ত হৈ থকাৰ ঘটনাই দলটোক অস্বস্তিত পেলোৱাৰ লগতে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীক ক্ষোভিত কৰি তুলিছে৷ এগৰাকী সুন্দৰী অধ্যাপিকাৰ সৈতে বিবাহ বৰ্হিভূত সম্পৰ্ক ৰক্ষা কৰি থকাৰ বাবে মমতা বেনাৰ্জীয়ে তেওঁৰ ঘনিষ্ঠ সহযোগী, বিশ্বস্ত মন্ত্ৰী শোভন চেটাৰ্জীক মন্ত্ৰিত্ব তথা কলকতাৰ মেয়ৰ পদৰ পৰা অপসাৰণ কৰিছিল৷ তেওঁ ৰাজনীতি এৰি বৈশাখী বেনাৰ্জী নামৰ আবেদনময়ী অধ্যাপিকাগৰাকীৰ সৈতেই সহবাস কৰি তৃণমূল কংগ্ৰেছক লজ্জানত কৰিছে৷ শোভন চেটাৰ্জীয়ে অবৈধ হ’লেও সেই প্ৰেম মুকলিভাৱে সাহসেৰে কৰিছে, কিন্তু ৭০বছৰীয়া প্ৰবীণ পাৰ্থ চেটাৰ্জীয়ে অৰ্পিতা মুখাৰ্জী নামৰ ৩০বছৰীয়া মডেল-অভিনেত্ৰীগৰাকীৰ সৈতে গোপন সম্পৰ্কত লিপ্ত হৈ তৃণমূল কংগ্ৰেছক ৰাজনৈতিকভাৱে ডুবাইছে৷ কেৱল সুন্দৰী অৰ্পিতাৰ সৈতে অভিসাৰতে ক্ষান্ত নাথাকি তেওঁতকৈ ৪০বছৰে সৰু অভিনেত্ৰীগৰাকীৰ ঘৰত শিক্ষক নিযুক্তি কেলেংকাৰিৰ কোটি কোটি টকা জমা থৈ তৃণমূল কংগ্ৰেছক চৰম সংকটৰ দিশে ঠেলি দিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, মেদবহুল শৰীৰৰ ভৰত ভালদৰে খোজ কাঢ়িব নোৱাৰা বিশাল বপুৰ পাৰ্থ চেটাৰ্জীয়ে লিচপিচিয়া শৰীৰৰ অধিকাৰী অৰ্পিতা মুখাৰ্জীৰ সৈতে চলোৱা অভিসাৰ সন্দৰ্ভত স্বয়ং তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ভালদৰে জ্ঞাত নাছিল৷ কোৱা বাহুল্য মাথোঁ কেৱল অৰ্পিতাই নহয়, বহুগামিতাৰে পাৰ্থ চেটাৰ্জীয়ে আন এগৰাকী সুন্দৰী মহিলাৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ ঘটনাও পোহৰলৈ আহিছে৷ আছানছোলৰ এখন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপিকা মনালিছা দাশৰ সৈতেও আছে পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সম্পৰ্ক৷ পিছে মডেল-অভিনেত্ৰী অৰ্পিতা মুখাৰ্জীৰ সৈতে নিবিড় সম্পৰ্ক ৰাখিছিল ৭০বছৰীয়া প্ৰবীণ মন্ত্ৰীজনে৷ মাজনিশাৰ অভিসাৰত দুয়ো প্ৰায়েই কলকাতাৰ নাতিদুৰৰ ডায়মণ্ড হাৰবাৰত বিভিন্ন খাদ্যৰ জুতি ল’বলৈ গৈছিল৷ সেই অৰ্পিতাক পাৰ্থ চেটাৰ্জীয়ে  নাকতলাৰ উদয়ন সংঘৰ দূৰ্গাপূজাত মডেল হিচাপে সুযোগ দিছিল৷ পিছে তৃণমূল কংগ্ৰেছ চৰম অসন্তুষ্ট হৈছে পাৰ্থ চেটাৰ্জীয়ে এৰেষ্ট মেম’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম আৰু ফোন নম্বৰ লিপিবদ্ধ কৰাৰ ঘটনাত৷ গ্ৰেপ্তাৰৰ পূৰ্বে ইডি-ৰ বিষয়াই কৌশলপূৰ্ণভাৱে পাৰ্থ চেটাৰ্জীক কাৰোবালৈ ফোন কৰিব নেকি বুলি সুধিছিল৷ তেতিয়া তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ তিনিবাৰকৈ ফোন কৰে৷ অৱশ্যে মমতা বেনাৰ্জীয়ে তেওঁৰ এটাও ফোন নধৰিলে৷ সেই কথা তেওঁ গ্ৰেপ্তাৰৰ পাছত সংবাদ মাধ্যমকো জনাইছে৷ গ্ৰেপ্তাৰৰ সময়ত তেওঁ এৰেষ্ট মেম’ত মমতা বেনাৰ্জীৰ নাম, ফোন নম্বৰ লিপিবদ্ধ কৰে৷ এই ঘটনাই মমতা বেনাৰ্জীক চৰম ক্ষুব্ধ কৰি তুলিছে৷ কিয়নো ইয়াৰ পৰিণতি মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বাবে সুখকৰ নহ’ব৷ মমতা বেনাৰ্জীয়ে শিক্ষক নিযুক্তিৰ কেলেংকাৰিত পাৰ্থ চেটাৰ্জী অভিযুক্ত হোৱাৰ পৰাই তেওঁৰ সৈতে দুৰত্ব বজাই ৰাখিছে৷ দীৰ্ঘদিন পূৰ্বেই মমতাই পাৰ্থ চেটাৰ্জীৰ পৰা শিক্ষা দপ্তৰ কাঢ়ি নিছে আৰু যোৱা এপ্ৰিলত চিবিআয়ে তেওঁক এই কেলেংকাৰিত অভিযুক্ত কৰি জেৰা কৰাৰ পাছৰ পৰা সাংবাদিক সন্মিলন আৰু সংবাদ মাধ্যমৰ ওচৰত মুখ খুলিবলৈ বাধা আৰোপ কৰি থৈছে৷ এতিয়া যোৱা শনিবাৰে পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত ২১কোটি ৯ লাখ নগদ টকা, ৫৪লাখ টকা মূল্যৰ বিদেশী মুদ্ৰা, ৭৯ লাখ টকা মূল্যৰ অলংকাৰ, ১৮টা আইফোন আৰু ৮টা ফ্লেটৰ সন্ধান ওলোৱাৰ পাছত তৃণমূল কংগ্ৰেছে সেই ধন-সম্পত্তি তৃণমূল বা চৰকাৰৰ নহয় বুলি ৰাজহুৱা ঘোষণা কৰি দুৰত্ব বৃদ্ধি কৰিছে৷ এইবাৰ এৰেষ্ট মেম’ত মমতা বেনাৰ্জীৰ নাম লিপিবদ্ধ কৰাৰ খবৰ প্ৰকাশিত হোৱাৰ পাছত তৃণমূলে পাৰ্থ চেটাৰ্জীৰ সৈতে দুৰত্ব অধিক বৃদ্ধি কৰিছে৷ সোমবাৰে দলে কৈছে, পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে দোষ প্ৰমান কৰিব পৰা নথি ইডিয়ে আদালতত দাখিল কৰিলেই তেওঁৰ বিৰুদ্ধে দলীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইপিনে দেওবাৰে কলকাতাৰ উচ্ছ ন্যায়ালয়ে পাৰ্থ চেটাৰ্জীৰ শাৰীৰিক পৰীক্ষা সোমবাৰে ভূৱনেশ্বৰৰ এইমছত কৰোৱাবলৈ ইডিক নিৰ্দেশ দিছে৷ শনিবাৰে বেংকশাল আদালতে তেওঁক কলকাতৰ এছ এছ কে এম হাস্পতাললৈ প্ৰেৰণ কৰিছে৷ ইডিয়ে তেওঁৰ অসুস্থতা মিছা বুলি দেওবাৰে কলকাতা উচ্ছন্যায়ালয়ত আবেদন জনায়৷ আনহাতে অৰ্পিতা মুখাৰ্জীক বেংকশাল আদালতে এদিনৰ বাবে ইডিৰ জিম্মাত দিছে৷