Logo
image

তেলেংগানাৰ ৰাজ্যপালে প্ৰাণ বচালে এজন বিমানযাত্ৰীৰ

মাজ আকাশত জৰুৰী চিকিৎসা

আমাৰ অসম, ২৫ জুলাইঃ চলন্ত বিমানত হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা এজন বিমান যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে তেলেংগানাৰ ৰাজ্যপাল তামিলীশাই সৌন্দাৰাৰাজনে৷ উল্লেখ্য যে শনিবাৰে পুৱা তেওঁ  বাৰাণসীৰ পৰা দিল্লী হৈ হায়দৰাবাদলৈ উভতি আহিছিল৷ বিমানখন যেতিয়া মাজ আকাশত উৰি আছিল হঠাতে ঘোষণা কৰা হয় যে এজন যাত্ৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে৷ যদি কোনো চিকিৎসক বিমানখনত আছে তেন্তে অসুস্থ ৰোগীজনক সহায় কৰিবলৈ ঘোষণাটোত আহ্বান জনোৱা হয়৷ এনে অৱস্থাত লগে লগে একালৰ চিকিৎসক তেলেংগানাৰ ৰাজ্যপালগৰাকী নিজৰ আসনৰ পৰা উঠি আহে আৰু অকণো সময় নষ্ট নকৰাকৈ বিমানযাত্ৰীজনক লগত থকা দৰৱ খাবলৈ দিয়ে৷ ইয়াৰ কিছুসময় পাছত বিমানখনে অৱতৰণ কৰাত অসুস্থ যাত্ৰীজনক হুইল চেয়াৰেৰে  বিমানবন্দৰত থকা জৰুৰী চিকিৎসা কেন্দ্ৰলৈ নিয়া হয়৷ উল্লেখ্য যে তেলেংগানাৰ ৰাজ্যপাল তামিলীশাই সৌন্দাৰাৰাজনে ইয়াৰ পূৰ্বেও তেলেংগানাৰ বানবিধবস্ত এলেকা পৰিদৰ্শন কৰি দুৰ্গতজনক সহায়ৰ হাত আগবঢ়াইছিল৷ তেওঁৰ ব্যৱহাৰে সেই সময়ত তেলেংগানাৰ বন্যাৰ্তসকলক মুগ্ধ কৰিছিল৷