Logo
image

ৰাজনীতি, হাৰাশাস্তিৰ বলি বক্সাৰ লাভলীনা

বাৰ্মিংহাম কমনৱেল্‌থ গেম্‌ছৰ প্ৰক্‌মুহূৰ্তত

আমাৰ অসম, ২৬ জুলাইঃ অসমৰ একমাত্ৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই বাৰ্মিহাম কমনৱেলথ গেমছত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ কুটিল ক্ৰীড়া ৰাজনীতি আৰু প্ৰৱল মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ ২৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ অন্যতম শীৰ্ষস্থানীয় এই প্ৰতিযোগিতাখনত ৰাজনীতি আৰু আতিশয্যৰ বলি হৈ দেশৰ প্ৰতিভাশালী বক্সাৰ লাভলীনা বৰগোঁহায়ে বিগত বিশ্ব চেম্পিয়নশ্বিপৰ দৰেই ব্যৰ্থতা সাৱটি ল’বলগীয়া হ’ব বুলি আশংকা প্ৰকাশ কৰিছে৷ আয়াৰলেণ্ডত চলি থকা প্ৰশিক্ষণ শিৱিৰৰ পৰা দেওবাৰে ইংলেণ্ডৰ বাৰ্মিহামত উপস্থিত হোৱাৰ পাছত নিজৰ দুই প্ৰশিক্ষক সন্ধ্যাৰাণী গুৰুং আৰু অমেই কোলকাৰৰ প্ৰশিক্ষণ আৰু সান্নিধ্যৰ সুযোগ নাপাই অৱশেষত টুইটাৰৰ আশ্ৰয় লৈ লাভলীনা বৰগোঁহায়ে সোমবাৰে তেওঁৰ আশংকাৰ কথা মুকলিভাৱেপ্ৰকাশ কৰে৷ টুইটাৰত লাভলীনা বৰগোঁহায়ে জনোৱা অনুসৰি অলিম্পিকত তেওঁ পদক লাভ কৰাত পূৰ্ণ অৰিহণা থকা প্ৰশিক্ষক দ্ৰোণাচাৰ্য বঁটাপ্ৰাপ্ত সন্ধ্যাৰাণী গুৰুঙক আয়োজকে গেমছ ভিলেজৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু তেওঁৰ ব্যক্তিগত প্ৰশিক্ষক অমেই কোলকাৰক দেশলৈ ঘূৰাই পঠিয়াই দিয়া হৈছে৷ লাভলীনা বৰগোঁহায়ে টুইটাৰত দীঘলীয়াকৈ লিখি তেওঁ সন্মুখীন হোৱা এই আতিশয্যৰ বিষয়ে বৰ্ণনা কৰাৰ লগে লগে দেশৰ ক্ৰীড়াক্ষেত্ৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু লাভলীনাৰ প’ষ্টে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়তো কঁপনি তুলিছে৷ টকিঅ’ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ব্ৰঞ্জৰ পদক বিজয়ী চৰম প্ৰতিভাশালী আৰু পদক অৰ্জনৰ পূৰ্ণ সম্ভাৱনা থকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ এই অভিযোগত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে৷ লাভলীনা বৰগোঁহাইৰ অভিযোগ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰি লাভলীনাৰ প্ৰশিক্ষকদ্বয়ৰ বাবে জৰুৰীভাৱে বাৰ্মিংহাম কমনৱেলথ গেমছৰ এক্ৰিডিটেশ্বন যোগাৰ কৰিবলৈ নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে ইতিমধ্যে বাৰ্মিংহাম কমনৱেলথ গেমছৰ আয়োজকৰ সৈতেও লাভলীনাৰ অসুবিধা সন্দৰ্ভত যোগাযোগ কৰি সমাধান কৰাৰ প্ৰয়াস চলাইছে৷ পিছে বক্সিঙৰ ৰিঙত নামিবলৈ আঠ দিন বাকী থকা অৱস্থাত নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত লাভলীনাই শেহতীয়া বিশ্ব চেম্পিয়নশ্বিপৰ দৰে কমনৱেলথ গেমছতো ব্যৰ্থতা সাৱটি ল’বলগীয়া হ’ব বুলি ভীতিবিহ্বল হৈ পৰিছে৷ 

সোমবাৰে লাভলীনাই তেওঁৰ কমনৱেলথ গেমছৰ ঠিক প্ৰাক্‌ মুহূৰ্তত প্ৰস্তুতি বিঘ্নিত হোৱাৰ খবৰ টুইটাৰত ৰাজহুৱা কৰি কয়– ‘অতি ক্ষোভেৰে সৈতে মই আজি ক’বলগীয়া হৈছে, মোৰ ওপৰত একেৰাহে হাৰাশাস্তি চলি আছে৷ যি কেইজন প্ৰশিক্ষকে মোক অলিম্পিকত পদক অৰ্জনত পূৰ্ণ সাহায্য কৰিছিল, তেওঁলোকক মোৰ ওচৰৰ পৰা আঁতৰাই পঠিওৱা হৈছে৷ ইয়াৰ ফলত মোৰ প্ৰশিক্ষণ সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে৷ মোৰ প্ৰশিক্ষক, দ্ৰৌণাচাৰ্য সন্মানপ্ৰাপ্ত সন্ধ্যাৰাণী গুৰুঙে দলটোত প্ৰশিক্ষক হিচাপে দায়িত্ব লাভৰ বাবে কৰযোৰে প্ৰাৰ্থনা কৰিবলগীয়া হৈছে৷ এই ঘটনাই মোক মানসিকভাৱে আঘাত দিছে৷ পিছে তেওঁ বাৰ্মিংহামলৈ আহিও কমনৱেলথ গেমছৰ ভিলেজৰ বাহিৰত থিয় হৈ থাকিবলগীয়া হৈছে৷ তেওঁক ভিলেজত সোমোৱাৰ অনুমতি দিয়া হোৱা নাই৷ খেল আৰম্ভ হ’বলৈ আঠ দিন বাকী থকা অৱস্থাত মোৰ প্ৰশিক্ষণ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে৷ মোৰ আন এগৰাকী প্ৰশিক্ষক অমেই কোলকাৰক দেশলৈ ঘূৰাই পঠিওৱা হৈছে৷ মই বুজিব পৰা নাই এনে পৰিস্থিতিত মই কমনৱেলথ গেমছত কেনেকৈ মনঃসংযোগ স্থাপন কৰো৷ মোৰ বিশ্ব চেম্পিনয়শ্বিপৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনাই ঘটিছিল৷ মই নিবিচাৰো যে বিশ্বচেম্পিয়নশ্বিপৰ দৰে কমনৱেলথ গেমছতো একেই অৱস্থা হওক৷ এই ৰাজনীতিৰ চিকাৰ হ’বলৈ মই নিবিচাৰো আৰু ৰাজনীতিৰ চিকাৰ হৈ মোৰ প্ৰদৰ্শন নষ্ট হৈ যোৱাটো বাঞ্ছা নকৰো৷ চৰম মানসিক আতিশয্য আৰু কুটিল ৰাজনীতিৰ মাজতো আশা কৰিছো মই দেশক কমনৱেলথ গেমছৰ এটা পদক দিব পাৰিম৷ জয় হিন্দ৷’

অসমৰ একমাত্ৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহায়ে তেওঁৰ অভিযোগৰ ক্ষেত্ৰত পোনপটীয়াকৈ বাৰ্মিংহাম কমনৱেলথ গেমছৰ উদ্যোক্তা বা  ভাৰতীয় বক্সিং ফেডাৰেশ্বন কাৰো নাম লোৱা নাই৷ কিন্তু তেওঁ নাম নললেও লাভলীনা বৰগোঁহায়ে তেওঁৰ অভিযোগৰ লক্ষ্য প্ৰকৃততে ভাৰতীয় বক্সিং ফেডাৰেশ্বনকহে কৰি লৈছে বুলি ক্ৰীড়াক্ষেত্ৰৰ সৈতে নূন্যতম সম্পৰ্ক থকা সকলোৱে বুজি পাইছে৷ কিয়নো ভাৰতীয় বক্সিং দলটোৰ সৈতে ভাৰতীয় বক্সিং ফেডাৰেশ্বনে যি প্ৰশিক্ষক প্ৰেৰণ কৰিছে সেই তালিকাত সন্ধ্যাৰাণী গুৰুং আৰু অমেই কোলকাৰৰ নাম নথকাৰ বাবেই তেওঁলোকক গেমছ ভিলেজত উদ্যোক্তাই প্ৰৱেশ কৰিবলৈ দিয়া নাই৷ দেশৰ এগৰাকী তাৰকা বক্সাৰ হিচাপে ভাৰতীয় বক্সিং ফেডাৰেশ্বনে লাভলীনাৰ ব্যক্তিগত পছন্দ-অপছন্দ গুৰুত্ব দিয়াটো অপৰিহাৰ্য কৰ্তব্য৷ সেই অনুসৰি তেওঁৰ ব্যক্তিগত প্ৰশিক্ষকক কমনৱেলথ গেমছত লাভলীনাৰ সৈতে থাকিবলৈ আৰু প্ৰশিক্ষণত সহায় কৰিবলৈ সকলো ব্যৱস্থা কৰিব লাগিছিল ভাৰতীয় বক্সিং ফেডাৰেশ্বনে৷ যথাসময়ত তেওঁলোকে সেই ব্যৱস্থা নকৰাৰ বাবেই পদক অৰ্জনৰ পূৰ্ণ সম্ভাৱনা থকা লাভলীনা বৰগোঁহায়ে এনে ভয়ংকৰ সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে৷ সাধাৰণতে অতীষ্ঠ হৈ নপৰিলে এগৰাকী খেলুৱৈয়ে কেতিয়াও ক্ৰীড়া সংগঠক বা সংগঠনটোৰ বিৰুদ্ধে মুকলিকৈ মন্তব্য নকৰে৷ আজিও লাভলীনাই ভাৰতীয় বক্সিং ফেডাৰেশ্বন বা কমনৱেলথ গেমছৰ উদ্যোক্তাৰ নাম স্পষ্টভাৱে উচ্ছাৰণ কৰা নাই৷ কিন্তু এনে প্ৰতিযোগিতাৰ যি নীতি-নিয়ম তালৈ চাই ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ ৰাজনীতিৰ বাবেই লাভলীনা বৰগোঁহাই কুটিল ৰাজনীতিৰ বলি হৈছে বুলি প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে৷  ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ সচিব অসমৰ হেমন্ত কলিতা৷ লাভলীনাৰ এই অভিযোগৰ ক্ষেত্ৰত তেওঁ নিশ্চিতভাৱে দায় সাৰিব নোৱাৰে৷অসমৰে বক্সাৰ হোৱাৰ বাবে এইক্ষেত্ৰত হেমন্ত কলিতাৰ স্নেহদৃষ্টি লাভলীনাৰ প্ৰতি অধিক থাকিব লাগিছিল৷ হেমন্ত কলিতা বাৰ্মিংহামত উপস্থিত থকা অৱস্থাতে লাভলীনাই ছ’চিয়েল মিডিয়াত তেওঁ ৰাজনীতি আৰু হাৰাশাস্তিৰ চিকাৰ হোৱা বুলি মুকলি অভিযোগ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে৷ 

এই সংক্ৰান্তত ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ সচিব হেমন্ত কলিতাই বাৰ্মিংহামৰ পৰা কয়– ‘খেলুৱৈ আৰু কৰ্মকৰ্তাৰ এক্ৰিডিটেশ্বনৰ প্ৰক্ৰিয়া ভাৰতীয় অলিম্পিক এছ’চিয়েশ্বনে [আইঅ’এ] কৰে৷ অচিৰেই লাভলীনাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা আই অ’ এই সমাধান কৰিব বুলি আশা কৰিছো৷সন্ধ্যাৰাণীৰ এক্ৰিডিটেশ্বনৰ ব্যৱস্থা কৰিবলৈ বক্সিং ফেডাৰেশ্বন আৰু আইঅ’এই একেলগে কাম কৰি আছে৷ কিন্তু সেয়া আছে আন্তৰ্জাতিক অলিম্পিক কমিটীৰ হাতত৷ আজি বা কাইলৈ সেই সমস্যাৰ সমাধান হ’ব পাৰে৷’ তেওঁ পুনৰ কয়– ‘আমি সকলোবিলাক নাম যথেষ্ট আগতীয়াকৈ প্ৰেৰণ কৰিছিলো৷ যিমান কেইজন প্ৰতিযোগীয়ে যোগ্যতা অৰ্জন কৰে তেওঁলোকৰ সংখ্যাৰ ২৫ শতাংশ স্থান থাকে কৰ্মকৰ্তা অৰ্থাৎ প্ৰশিক্ষক আদিৰ বাবে৷ ইতিমধ্যে বাৰ্মিংহামৰ উদ্যোক্তাই চাৰিজন কৰ্মকৰ্তাক সেই অনুপাত অনুসৰি এক্ৰিডিটেশ্বন প্ৰদান কৰিছে৷ আমি চাৰিজনৰ ঠাইত আঠজন কৰ্মকৰ্তাক এক্ৰিডিটেশ্বন দিবলৈ আগতীয়াকৈ আইঅ’এক অনুৰোধ জনাইছিলো৷ ইয়াৰ চাৰিজন গেমছ ভিলেজৰ ভিতৰত থাকিব আৰু চাৰিজন বাহিৰত থাকিব৷ বাহিৰত থকা চাৰিজনে প্ৰশিক্ষণ দিবলৈ ভিলেজত প্ৰৱেশ কৰিব পাৰিব কিন্তু নিশা তাত থাকিব নোৱাৰিব৷ সন্ধ্যাৰাণী গুৰুঙৰ ক্ষেত্ৰত এতিয়াও সেই ব্যৱস্থা আছে৷ অমেই কোলকাৰ  লাভলীনাৰ ব্যক্তিগত ‘ষ্ট্ৰেংথ আৰু কণ্ডিচনিং’ প্ৰশিক্ষক৷ ভাৰতীয় দলৰ সৈতে তেনে প্ৰশিক্ষক আহিছে৷ সেয়ে কোলকাৰৰ বাবে গেমছ ভিলেজ বা আন স্থানতো ভাৰতীয় খেলুৱৈক প্ৰশিক্ষণ দিয়াৰ সুযোগ নাই৷’