ভেকচিন পুৰাণ
... তাৎপৰ্যৰ বিষয় যে ভেকচিনৰ সম্ভাৱ্য বজাৰখন দখলৰ বাবে দুষ্টচক্ৰই নকল কৰ’না টিকাৰে ভৰাই পেলাব বুলি এক উদ্বিগ্নতাৰো সৃষ্টি হৈছে৷ ইতিমধ্যে, ফ্ৰান্সৰ লিয়েনৰ মুখ্য কাৰ্যালয়ৰপৰা ‘ইণ্টাৰপলে’ এক সংগঠিত দুষ্টচক্ৰই অনলাইন আৰু অফলাইন উভয়ধৰণে কৰ’না প্ৰতিষেধক বিক্ৰীৰ বাবে যো-জা কৰাৰ বিষয়ে ১৯৪খন দেশৰ আইন প্ৰণয়নকাৰী সংস্থাক সকীয়াই দিছে৷ ইণ্টাৰপলৰ মতে কৰ’না প্ৰতিষেধক ছিটাসমূহে আনুষ্ঠানিক অনুমোদন লাভৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়ত ইয়াৰ চোৰাং ব্যৱসায় প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰসমূহৰ স্বাস্থ্যবিষয়ক নিয়ন্ত্ৰণ সংস্থা, আইন প্ৰণয়নকাৰী আৰু সংশ্লিষ্ট প্ৰশাসনিক বিভাগসমূহৰ মাজত সু-সম্পৰ্ক অতি প্ৰয়োজন ...
ক’ভিড-১৯ অতিমাৰীয়ে প্ৰায় বছৰজুৰি বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰতে বিভীষিকা সৃষ্টি কৰাৰ পাছত এতিয়া ভেকচিনৰ সফল প্ৰয়োগক লৈ বিশ্ববাসীয়ে আশাৰে বাট চাইছে৷ আমেৰিকা, ৰাছিয়া, ইংলেণ্ড, চীন, ভাৰত, জাৰ্মানী, জাপানকে মুখ্য কৰি বহু ৰাষ্ট্ৰই ক’ভিড-১৯ক প্ৰতিৰোধ কৰাৰ বাবে নিৰলস আৰু নিৰৱচ্ছিন্ন সাধনা, গৱেষণা অব্যাহত ৰখাৰ পাছত এতিয়া এইক্ষেত্ৰত আশাৰ ৰেঙণি প্ৰতিফলিত হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ দ্বাৰা আৱিষ্কৃত ভেকচিন ‘স্পুটনিক’ৰ সম্পৰীক্ষা নিজৰ জীয়াৰীক প্ৰদান কৰি এক সাহস প্ৰদৰ্শন কৰাৰ পাছত এতিয়া এই ভেকচিন নিজৰ দেশৰ প্ৰায় ২ নিযুত নাগৰিকক প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ কোৱা বাহুল্য যে ৰাছিয়াই নিজৰ দ্বাৰা উদ্ভাৱন কৰা ভেকচিনৰ সফলতা দাবী কৰি বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত ইতিমধ্যে ভেকচিন প্ৰদানক লৈ চুক্তি কৰিছে৷ অৰ্থাৎ ৰাছিয়াৰ দ্বাৰা ভেকচিন ব্যৱসায় ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ সেয়া হ’লেও এটা ক্ষুদ্ৰাদিক্ষুদ্ৰ অচিন, অজানা বীজাণুৱে বিশ্বৰ নাগৰিকক ত্ৰাহি মধুসূদন সোঁৱৰোৱাৰ পাছত বিভিন্ন দেশৰ দ্বাৰা উদ্ভাৱন কৰা ভেকচিনসমূহ কিমান ফলদায়ক হ’ব তাক লৈ তেওঁলোক আশ্বস্ত নহয়৷ আশ্বস্ত নোহোৱাৰ কাৰণ জলজল-পটপট৷ ভাৰতত ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পাঁচটা ভেকচিনৰ গৱেষণা চলি আছে৷ তাৰে কেইবাটাও ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে বুলি প্ৰস্তুতকৰ্তাসকলে দাবী কৰিছে৷ ইয়াৰে অন্যতম হ’ল স্থানীয়ভাৱে ‘ভাৰত বায়’টেক’ আৰু ‘আই চি এম আৰ’ৰ দ্বাৰা উৎপাদিত ভেকচিন– ক’ভাস্কিন৷ এই ভেকচিন স্বেচ্ছাই গ্ৰহণৰ বাবে ২৫,০০০ ইচ্ছুক লোকৰ ভিতৰত অন্যতম আছিল হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী, ৬৭ বছৰীয়া অনিল ভিজ৷ মধুমেহত আক্ৰান্ত আৰু কিছুদিন পূৰ্বে হাড়ৰ এক অপাৰেশ্বনৰ সন্মুখীন হোৱা স্বাস্থ্যমন্ত্ৰীজনে ২০ নৱেম্বৰত ‘ক’ভাস্কিন’ৰ প্ৰথমপালি লৈ এক সাহস প্ৰদৰ্শন কৰাৰ লগতে স্থানীয়ভাৱে দেশত উৎপাদিত ভেকচিনৰ প্ৰতি ৰাইজৰ আস্থা জাগ্ৰত কৰিবলৈ লোৱা পদক্ষেপ নিতান্তই প্ৰশংসনীয় আছিল৷ কিন্তু প্ৰথমপালি গ্ৰহণৰ প্ৰায় দুসপ্তাহৰ অন্তত তেওঁ ক’ভিড-পজিটিভ নিশ্চিত হোৱাৰ পাছত তেওঁ চিকিৎসাধীন হ’ব লগা হ’ল৷ ইয়াৰ দ্বাৰা ‘ক’ভাস্কিন’ক নস্যাৎ নকৰিলেও মানুহৰ মনত এটা প্ৰশ্নই নিশ্চয় দোলা দিব যে ই সঁচাকৈয়ে ফলপ্ৰসূ হ’বনে? অৱশ্যে, আটাইকেইটা পালি গ্ৰহণ কৰিলেহে এইক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনাৰ বিষয়ে মন্তব্য কৰিছে বিশেষজ্ঞসকলে৷ ইফালে ভাৰতত ফাইজাৰ আৰু বায়’ এন টেকৰ দ্বাৰা উৎপাদিত ক’ভিড-১৯ ভেকচিন বিক্ৰী আৰু বিতৰণৰ বাবে প্ৰতিস্থানটোৱে ‘ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া’[ডি চি জি আই]ক অনুৰোধ জনাইছে৷ প্ৰতিস্থানটোৰ মূল কেন্দ্ৰই [Pfizer] ইতিমধ্যে ইউনাইটেড কিংডম আৰু বাহৰেইনত বিক্ৰী আৰু বিতৰণৰ স্বত্ব লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰততো ইয়াৰ ব্যৱসায় প্ৰসাৰিত কৰাৰ বাবে মন মেলিছে৷ আনহাতে, চেৰাম ইন্ষ্টিটিউট অৱ ইণ্ডিয়াই তৃতীয়লানি পৰীক্ষাৰ যোগেদি ‘অক্সফ’ৰ্ড এষ্ট্ৰাজেনেকা’ৰ সফলতা দাবী কৰাৰ পাছত অৱধাৰিতভাৱে এই প্ৰতিষ্ঠানৰ ভেকচিনেও ভাৰতৰ বৃহৎ বজাৰখন দখলৰ চেষ্টা চলোৱাটো নিশ্চিত৷ চেৰাম ইন্ষ্টিটিউটেও শেহতীয়াকৈ ভেকচিন ব্যৱহাৰৰ বাবে ডি চি জি আইক আৱেদন কৰিছে৷ অৱশ্যে, ভেকচিনৰ পাশ্বৰ্ক্ৰিয়া আৰু ই সঁচা অৰ্থত ক’ভিড-১৯ অতিমাৰীক প্ৰতিৰোধ কৰিবলৈ কিমান সমৰ্থ হ’ব, তাক নিৰীক্ষণ কৰিহে বিভিন্ন দেশে বা ব্যক্তিয়ে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিব৷ তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব৷ ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰি পুনে, হায়দৰাবাদ, আহমেদাবাদত থকা ভেকচিন প্ৰস্তুত কৰা গৱেষণাগাৰসমূহ পৰিদৰ্শন কৰাৰ লগতে দেশৰ প্ৰায়বোৰ দলৰ নেতৃত্বৰ সৈতে ভেকচিন প্ৰদানৰ দিশটোক লৈ আলোচনাত মিলিত হৈছে৷ অৱশ্যে, ভেকচিনৰ সফলতাক লৈ থকা দ্বিধা আনকি উন্নত ৰাষ্ট্ৰসমূহতো নথকা নহয়৷ এনে সংশয় দূৰ কৰাৰ বাবে ইতিমধ্যে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইদেন, প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, জৰ্জ বুশ্ব, বাৰাক অ’বামাই প্ৰাৰম্ভিকতে ভেকচিন গ্ৰহণ কৰাৰ বাবে নিজৰ ইচ্ছা প্ৰকাশ কৰিছে৷ ইয়াৰ ঠিক পাছতেই বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানেও ভেকচিন ল’বলৈ আগবাঢ়ি আহিছে৷ তাৎপৰ্যৰ বিষয় যে ভেকচিনৰ সম্ভাৱ্য বজাৰখন দখলৰ বাবে দুষ্টচক্ৰই নকল কৰ’না টিকাৰে ভৰাই পেলাব বুলি এক উদ্বিগ্নতাৰো সৃষ্টি হৈছে৷ ইতিমধ্যে, ফ্ৰান্সৰ লিয়েনৰ মুখ্য কাৰ্যালয়ৰপৰা ‘ইণ্টাৰপলে’ এক সংগঠিত দুষ্টচক্ৰই অনলাইন আৰু অফলাইন উভয়ধৰণে কৰ’না প্ৰতিষেধক বিক্ৰীৰ বাবে যো-জা কৰাৰ বিষয়ে ১৯৪খন দেশৰ আইন প্ৰণয়নকাৰী সংস্থাক সকীয়াই দিছে৷ ইণ্টাৰপলৰ মতে কৰ’না প্ৰতিষেধক ছিটাসমূহে আনুষ্ঠানিক অনুমোদন লাভৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়ত ইয়াৰ চোৰাং ব্যৱসায় প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰসমূহৰ স্বাস্থ্যবিষয়ক নিয়ন্ত্ৰণ সংস্থা, আইন প্ৰণয়নকাৰী আৰু সংশ্লিষ্ট প্ৰশাসনিক বিভাগসমূহৰ মাজত সু-সম্পৰ্ক অতি প্ৰয়োজন৷
ভেকচিন পৰ্যটন?
কৰ’নাই সমগ্ৰ বিশ্বতে বিভীষিকা চলাই ৰখাৰ সময়তে ইয়াক প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু চিকিৎসা সেৱাৰ নামত বহুত নতুন নতুন ব্যৱসায়ৰ সৃষ্টি হ’ল৷ ছেনিটাইজাৰ, মাস্ক, পি পি ই কিট, গ্লাভছ, ফেচশ্বিল্ডকে ধৰি কৰ’না চিকিৎসাত প্ৰযোজ্য ঔষধ আৰু অন্যান্য সামগ্ৰীক লৈ এখন বৃহৎ বজাৰ গঢ়ি উঠিল৷ এই পৰিস্থিতিৰ সুযোগ লৈ কৰ’না চিকিৎসাৰ পৰা ক’ভিড পৰীক্ষাৰ নামত একাংশ ব্যক্তিগত খণ্ডৰ লেবৰেটেৰী আৰু চিকিৎসালয়তে অযুক্তিকৰভাৱে বৃহৎ পৰিমাণৰ ধন আদায় কৰি এইক্ষেত্ৰত যে এক নৈৰাজ্য চলি আছে তাকো প্ৰতীয়মান কৰিলে৷ অৱশ্যে, সংকট-প্ৰত্যাহ্বানৰ মাজতে মানুহে নিজৰ উদ্ভাৱনী শক্তি, সাধনাৰ দ্বাৰা মানৱ সভ্যতালৈ ইতিবাচক দিশো যে কঢ়িয়াই আনিব পাৰে, তাক ভেকচিন আৱিষ্কাৰে প্ৰমাণ কৰিছে৷ কৰ’নাক লৈ শেহতীয়াকৈ সংযোজন হোৱা নতুন চিন্তাটো হ’ল ‘ভেকচিন পৰ্যটন’৷ কৰ’না মহামাৰীৰ বাবে সমগ্ৰ বিশ্বজুৰি আন উদ্যোগ-বাণিজ্যৰ লগতে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে পৰ্যটন উদ্যোগ৷ ইতিপূৰ্বে ‘ডিজেষ্টাৰ টুৰিজ্ম’ নামৰ আঁচনি প্ৰয়োগ কৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা নগৰ-চহৰস্থলীলৈ পৰ্যটকৰ আগ্ৰহ প্ৰত্যক্ষ কৰি কেইবাটাও প্ৰতিস্থানে এতিয়া আৰম্ভ কৰিছে এই ভেকচিন পৰ্যটন৷ মুম্বাইস্থিত ‘জেম ট্যুৰ এণ্ড ট্ৰেভেল’ নামৰ কোম্পানীয়ে বিদেশ ভ্ৰমণত ইচ্ছুক লোকৰ বাবে কৰ’না প্ৰতিৰোধক ভেকচিন প্ৰদানৰ এক পেকেজ ঘোষণা কৰিছে৷ আমেৰিকাত ডিচেম্বৰৰ মাজভাগৰ পৰা ভেকচিন প্ৰদানৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূলতঃ আমেৰিকাকে পৰ্যটন প্ৰতিস্থানটোৱে পৰ্যটনস্থলীৰূপে নিৰ্বাচন কৰিছে৷ আমি পৰিৱেশ, সংস্কৃতি, মনোমোহা স্থান, ঐতিহাসিক সমল, কীৰ্তিচিহ্ন আদিক লৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে পৰ্যটন উদ্যোগ গঢ়ি উঠা প্ৰত্যক্ষ কৰিছোঁ৷ স্বাস্থ্য সেৱা লাভ কৰাৰ বাবেও সম্প্ৰতি বিভিন্ন স্থানত ‘মেডিকেল পৰ্যটন’ গঢ় লৈ উঠিছে৷ ইল’ন মাস্কে ‘মহাকাশ পৰ্যটনো’ ২০২১ৰ পৰা আৰম্ভ কৰাৰ বাবে মনস্থ কৰিছে৷ এতিয়া কৰ’নাৰ বাবে আৰম্ভ হ’ল এক নতুন পৰ্যটন৷ অৱশ্যে, ভেকচিন পৰ্যটনো মেডিকেল পৰ্যটনৰে অন্তৰ্ভুক্ত হ’ব নেকি, সেয়া বিচাৰ্যৰ বিষয়৷ মুঠতে বিভীষিকা, ত্ৰাসৰ মাজতে যে নতুন চিন্তা, সম্ভাৱনাৰ দুৱাৰবোৰো মুকলি হয়, তাক সভ্যতাৰ অগ্ৰগতিয়ে প্ৰমাণ কৰি আহিছে৷