Logo
image

ঠিকনা সলনি হ’ল ৰামনাথ ক’বিন্দৰ

আমাৰ অসম, ২৬ জুলাইঃ সোমবাৰে ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰে৷ ইয়াৰ বিপৰীতে দিনটোতে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকালৰ সামৰণি পৰে ৰামনাথ ক’বিন্দৰ৷ যাৰ বাবে তেওঁ সোমবাৰে ৰাষ্ট্ৰপতি ভৱন খালী কৰি দিবলগীয়া হয়৷ ইপিনে ৰাষ্ট্ৰপতি ভৱন ত্যাগ কৰাৰ পূৰ্বে  ৰামনাথ ক’বিন্দক দেশৰ তিনিওটা বাহিনীয়ে অন্তিমবাৰৰ বাবে গাৰ্ড অৱ অনাৰ দিয়ে৷ ইয়াৰ পাছতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ আৰু তেওঁৰ পত্নী সবিতা ক’বিন্দ নতুন ঠিকনা অভিমুখে আগবাঢ়ে৷ সেই অনুসৰি সোমবাৰৰে পৰা ৰামনাথ ক’বিন্দ আৰু তেওঁৰ পত্নী সবিতা ক’বিন্দৰ নতুন ঠিকনা হ’ব ১২ জনপথ ৰোডত থকা বাংলো৷ তেওঁলোকৰ প্ৰতিৱেশী হ’ব ১০ জনপথত বাস কৰা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী৷