Logo
image

দেশৰ সৰ্বোচ্ছ আয়কৰদাতা তাৰকা অক্ষয় কুমাৰ

নিৰ্দ্ধাৰিত সময়ত কৰ আদায় দি আয়কৰ বিভাগৰ দ্বাৰা প্ৰশংসিত অভিনেতা ৰজনীকান্ত

আমাৰ অসম, ২৬ জুলাইঃ দেশৰ সৰ্বোচ্ছ আয়কৰ প্ৰদান কৰি আয়কৰ বিভাগৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰিছে অভিনেতা অক্ষয় কুমাৰে৷ বিগত পাঁচবছৰ ধৰি অভিনেতাজন আয়কৰ বিভাগক সৰ্বোচ্ছ কৰ প্ৰদান কৰা তাৰকা হিচাপে চিহ্নিত হৈ আহিছে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ যাৰ বাবে আয়কৰ বিভাগে বিশেষ প্ৰশংসা-পত্ৰৰে অভিনেতাজনক প্ৰশংসিত কৰে৷ সম্প্ৰতি ছবিৰ কামৰ বাবে অভিনেতাজন ইউৰোপত থাকিব লগা হোৱাত তেওঁৰ হৈ এজন বিশেষ কটকীয়ে আয়কৰ বিভাগৰ পৰা প্ৰশংসা-পত্ৰখন গ্ৰহণ কৰে৷ ইপিনে দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ শিৱাজী ৰাও গাইকোৱাড় অৰ্থাৎ ৰজনীকান্তেও চেন্নাইত আয়কৰ বিভাগৰ পৰা প্ৰশংসা-পত্ৰ লাভ কৰিছে৷ দেওবাৰে চেন্নাইত পালন কৰা আয়কৰ দিৱসৰ অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰাৰাজনে তেওঁক এই প্ৰশংসা পত্ৰ প্ৰদান কৰে৷ স্মৰ্তব্য যে ৰজনীকান্তই নিৰ্ধাৰিত সময়ত প্ৰতি বছৰে আয়কৰ প্ৰদান কৰা বাবেই তেওঁক আয়কৰ বিভাগে এইদৰে সন্মানিত কৰে৷