Logo
image

গাডকাৰিৰ প্ৰতিশ্ৰুতি পেট্ৰ’ল গাড়ীৰ দামতেই পাব ইলেক্‌ট্ৰিক কাৰ

আমাৰ অসম, ২৭ জুলাইঃ পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত দেশত এতিয়া ইলেক্ট্ৰিক যান-বাহনৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বাঢ়িছে৷ ইয়াৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি ঘোষণা কৰিছে যে অহা এক-দুই বছৰৰ ভিতৰত পেট্ৰ’ল গাড়ীৰ দামতেই দেশত উপলব্ধ হ’ব পৰিৱেশ অনুকূল ইলেক্ট্ৰিক কাৰ৷ গাডকাৰীয়ে কয় যে পেট্ৰ’ল গাড়ীৰ দামতেই দেশত ইলেক্টিক কাৰ বজাৰত উপলব্ধ হ’লে খাৰুৱা তেলৰ প্ৰয়োজন কম হ’ব আৰু দেশৰ ধন ৰাহি হ’ব৷ চৰকাৰে খেতি পথাৰৰ অৱশিষ্টৰ পৰা প্ৰস্তুত কৰা ইথানল উৎপাদনত গুৰুত্ব দিছে বুলি মন্তব্য কৰি কয় যে ‘গ্ৰীণ ফুৱেল’ৰ দিশত দেশ আগবাঢ়িছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে হাইড্ৰ’জেন প্ৰযুক্তি গ্ৰহণৰ বাবে সকলোকে আহ্বান জনায় কয় যে হাইড্ৰ’জেন হ’ব সকলোতকৈ সস্তা ইন্ধন বিকল্প৷ সেয়েহে হাইড্ৰজেন উৎপন্ন কৰাৰ প্ৰক্ৰিয়া মানুহে জানিব লাগিব৷ লিথিয়াম আয়ন বেটাৰীৰ দাম দ্ৰুত হাৰত কমি গৈছে৷ জিংক আয়ন, এলুমিনিয়া আয়ন আৰু ছ’ডিয়াম আয়ন বেটাৰী তৈয়াৰ  হৈছে৷ সেয়েহে সৰ্বোচ্ছ অহা দুবছৰৰ ভিতৰত ইলেক্ট্ৰিক স্কুটাৰ, গাড়ী আৰু অটোৰিক্সাৰ দাম পেট্ৰ’ল চলিত স্কুটাৰ, গাড়ী বা অটোৰিক্সাৰ সমান হৈ যাব৷ গাডকাৰীয়ে কয় যে ইলেক্ট্ৰিক গাড়ীৰ দাম কমি গ’লে সাধাৰণ মানুহ খুবেই উপকৃত হ’ব৷ যদিহে পেট্ৰ’লৰ গাড়ী চলাওতে  ১০০ টকা খৰচ হয় তেন্তে ইলেক্ট্ৰিক গাড়ী চলাওতে মাত্ৰ ১০টকা খৰচ হ’ব৷