Logo
image

কমনৱেল্‌থ গেম্‌ছ আৰম্ভ ভাৰতৰ ভৰসা লাভলীনা, জাৰিন

আমাৰ অসম, ২৯ জুলাইঃ প্ৰায় পাঁচ হাজাৰ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কমনৱেল্‌থ গেম্‌ছ৷ গ’ল্ড কোষ্টত অনুষ্ঠিত যোৱাবাৰৰ কমনৱেল্‌থ গেম্‌ছৰ পদক তালিকাত ভাৰত আছিল তৃতীয় স্থানত৷ গ’ল্ড কোষ্টৰ প্ৰদৰ্শনতকৈ অধিক ভাল ফল দেখুওৱাৰ লক্ষ্যৰে এইবাৰ অৱতীৰ্ণ হ’ব ভাৰতীয় দল৷ যিকেইটা ইভেণ্টত ভাৰতে পদক জয় কৰাৰ সম্ভাৱনা আছে, তাৰ ভিতৰত অন্যতম হৈছে বক্সিং৷ চাৰি বছৰ পূৰ্বে ভাৰতীয় বক্সিং দলটোৱে লাভ কৰিছিল তিনিটাকৈ স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক৷ শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় বক্সিঙৰ মান যথেষ্ট উন্নত হৈছে৷ বিজেন্দৰ সিং আৰু এম চি মেৰী কমে  ভাৰতীয় বক্সিঙক যি নতুন মাত্ৰা প্ৰদান কৰিছিল, সেই পথ অনুকৰণ কৰি বহুকেইগৰাকী যুৱ বক্সাৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদকৰ দাবীদাৰ হৈ পৰিছে৷ এইবাৰৰ কমনৱেল্‌থ গেম্‌ছত ভৰতীয় মহিলা বক্সিং দলটোক অধিক শক্তিশালী হিচাপে গণ্য কৰা হৈছে৷ তেওঁলোকৰ মাজত বেছিকৈ চৰ্চালৈ আহিছে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদকজয়ী অসমকন্যা লাভলীনা বৰগোহাঁই আৰু বিশ্ব চেম্পিনশ্বিপৰ স্বৰ্ণপদকজয়ী তেলেংগানাৰ নিখট জাৰিনৰ নাম৷ তেওঁলোকৰ লগতে নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ বাবে সাজু হৈছে নিতু ঘাংগাছ আৰু জেছমিন লাম্বোৰিয়া৷ আনহাতে, পুৰুষ দলটোত আছে আঠজন বক্সাৰ৷ তেওঁলোকৰ মাজত পদকৰ দাবীদাৰ হৈছে অমিত পাংগাল আৰু অসমৰ শিৱ থাপা৷ দুবাৰৰ অলিম্পিয়ান থাপাই কাইলৈ অভিযান আৰম্ভ কৰিব পাকিস্তানৰ ছুলেমান বালোচৰ বিৰুদ্ধে৷ আনহাতে, লাভলীনাই ৬৬-৭০ কিলোগ্ৰাম শাখাত শনিবাৰে ৰিঙত অৱতীৰ্ণ হ’ব নিউজীলেণ্ডৰ এৰিয়ান নিকলছনৰ বিৰুদ্ধে৷ উক্ত প্ৰতিদ্বন্দ্বিতাত জয়ী হ’ব পাৰিলে লাভলীনাৰ পৰৱৰ্তী প্ৰতিদ্বন্দ্বী হ’ব যোৱাবাৰৰ ৰূপৰ পদকজয়ী ৱেলছৰ ৰোজী এছেলছ৷ আনহাতে, জাৰিনো প্ৰথমখন খেলত বৰ শক্তিশালী প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব নালাগিব৷ শনিবাৰে প্ৰথম খেলত জাৰিনে প্ৰতিদ্বন্দ্বিতা কৰিব মোজাম্বিকৰ হেলেন ইছমাইল বাগাওৰ বিৰুদ্ধে৷ সেই বাধা অতিক্ৰম কৰিব পাৰিলে তেওঁৰ পৰৱৰ্তী প্ৰতিদ্বন্দ্বী হ’ব ৱেলছৰ হেলেন জোনছ৷