Logo
image

দ্ৰৌপদীক অপমান ৰাজসভা তোলপাৰ

আমাৰ অসম, ২৯ জুলাইঃ ঠিক যেন মহাভাৰতৰ পুনৰাবৃত্তি৷ কৌৰৱে ৰাজসভাত পাণ্ডৱ পত্নী দ্ৰৌপদীক অপমান কৰাৰ দৰেই এইবাৰ অপমানিত হ’বলগা হ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী৷ দেশৰ সাংবিধানিক মুৰব্বীগৰাকীক কংগ্ৰেছৰ সাংসদ অধীৰঞ্জন চৌধুৰীয়ে আজি ৰাষ্ট˜পতিৰ সলনি ‘ৰাষ্ট্ৰপত্নী’ বুলি উল্লেখ কৰাত শাসক-বিৰোধীৰ মাজত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷   আনকি সাংসদ অধীৰঞ্জন চৌধুৰীয়ে কৰা ভুলৰ বাবে শাসকীয় দলৰ সাংসদসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী৷ আনহাতে ৰাষ্ট্ৰপতিক লৈ শাসক-বিৰোধীৰ মাজত বাকযুদ্ধ চলি থকাৰ মাজতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী খণ্ড যুদ্ধত লিপ্ত হয়৷ এই ঘটনাত আনকি ছোনিয়া গান্ধীয়ে স্মৃতি ইৰাণীক ‘ডণ্ট টক উইথ মি’ বুলি সতৰ্ক কৰি দিয়াও পৰিলক্ষিত হয়৷ এনে পৰিস্থিতিত হতচকিত হৈ পৰা স্মৃতি ইৰাণীয়ে জাঙুৰ খাই  কংগ্ৰেছ নেত্ৰীগৰাকীক উভতি ধৰাৰ লগতে আনকি এইটো কংগ্ৰেছৰ কাৰ্যালয় নহয় বুলি সকীয়াই দিয়ে৷ উল্লেখ্য যে আজি কংগ্ৰেছ সাংসদ অধীৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতিক  ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ শাসকীয় দলৰ সাংসদসকলে অধীৰঞ্জন চৌধুৰীয়ে কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ দাবী জনায়৷ কিন্তু সাংসদ চৌধুৰীয়ে ইয়াৰ পূৰ্বেই তেওঁ কৰা ভুলৰ বাবে ক্ষমা খোজে৷ ইয়াৰ পাছতো বিজেপিৰ সাংসদসকলে বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ছোনিয়া গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷  যাৰ বাবে ক্ষুব্ধ হৈ পৰা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিজেপিৰ সাংসদসকলে কৰা হৈ-হাল্লাৰ মাজতে নিজৰ আসনৰ পৰা উঠি  আন এগৰাকী বিজেপি সাংসদৰ সৈতে বিষয়টোক লৈ কথা পাতিবলৈ আৰম্ভ কৰে৷ ছোনিয়াই সাংসদগৰাকীক কয়–  ‘ৰাষ্ট্ৰপতিগৰাকীক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ইতিমধ্যেই  কংগ্ৰেছৰ সাংসদজনে ক্ষমাভিক্ষা খুজি থৈছে৷ এনে ক্ষেত্ৰত বিষয়টোত দলক বা নেত্ৰী হিচাপে মোক টানি অনাটো উচিত হোৱা নাই৷’ তাৎপৰ্যপূৰ্ণ যে ইয়াৰ মাজতে স্মৃতি ইৰাণীয়ে আগুৱাই আহি পুনৰ ছোনিয়া গান্ধীক অধীৰঞ্জনৰ ভুলৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়৷ সেই সময়ত ইৰাণীৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণো আছিল৷ ইপিনে ছোনিয়াই বিজেপিৰ সাংসদগৰাকীৰ সৈতে কথা পাতি থকাৰ মাজতে স্মৃতি ইৰাণীয়ে হস্তক্ষেপ কৰাক লৈ ক্ষুব্ধ হৈ উঠে আৰু ‘আপোনাৰ সৈতে মই কথা পতা নাই’ বুলি স্পষ্ট কৰি দিয়ে৷ ইয়াকে লৈ ছোনিয়া আৰু স্মৃতি ইৰাণীৰ মাজত খণ্ডযুদ্ধ লাগে৷ ইপিনে কেন্দ্ৰীয় চৰকাৰৰ স্বৈৰাচাৰী আচৰণ, মূল্যবৃদ্ধি আৰু  খাদ্য সামগ্ৰীৰ ওপৰত আৰোপ কৰা  জি এছ টি প্ৰত্যাহাৰৰ দাবীত ৰাজ্যসভাত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ অপৰাধত বহিষ্কৃত হোৱা সাংসদসকলে আজি পুৱাৰে পৰা সংসদ ভৱন চৌহদত ৫০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰম্ভ কৰে৷ উল্লেখ্য যে ৰাজ্যসভাৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত ৰাজ্যসভাৰ উপাধ্যক্ষই ২০জন সাংসদক বহিষ্কাৰ কৰে৷ ইপিনে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় বিৰোধী সাংসদসকলে কৰা ভুলৰ বাবে যদি তেওঁলোকে ক্ষমা খোজে তেন্তে তেওঁলোকৰ নিলম্বন প্ৰত্যাহাৰ কৰা হ’ব পাৰে৷ ইয়াৰ বিপৰীতে ধৰ্মঘটত বহা সাংসদসকলে কয় যে সংসদত মূল্যবৃদ্ধিৰ বিষয়টোক লৈ আলোচনা হ’বই লাগিব৷ আলোচনাৰ বাবে সংসদৰ মজিয়াত দাবী জনোৱাটো অপৰাধ হ’ব নোৱাৰে বুলি তেওঁলোকে স্পষ্ট কৰি দিয়ে৷