Logo
image

আত্মবিশ্বাসী তানিয়া

আমাৰ অসম, ৩০ জুলাইঃ সাফল্য এনেই নাহে৷ তাৰ বাবে সাধনাৰ প্ৰয়োজন হয়৷ সেই কথা প্ৰতীয়মান কৰিছে এইবাৰ চিবিএছইৰ দ্বাদশ পৰীক্ষাত যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰা তানিয়া সিঙে৷ পঢ়াশুনাৰ ক্ষেত্ৰত তেওঁৰ অগাধ ব্যুৎপত্তি আছিল সেয়া সঁচা, কিন্তু তেওঁ যে দেশৰ ভিতৰত প্ৰথম হ’ব পাৰিব সেয়া আনে নাজানিছিল৷ কিন্তু তানিয়াই সেই সংকল্প লৈছিল আৰু তেওঁ সংকল্প বাস্তৱতো ৰূপায়িত কৰি দেখুৱালে সাধনাৰ ফলত সকলোৱেই সম্ভৱ৷ যোৱা সপ্তাহত চিবিএছইৰ পৰীক্ষাৰ ফলাফলত তানিয়া সিং আৰু যুৱাক্ষী বিজে দেশৰ ভিতৰত শীৰ্ষস্থান দখল কৰে৷ তানিয়াই উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ ডিপিএছ স্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হয়৷ পিছে ফলাফল ওলোৱাৰ পাছত তেওঁ জনায় যে দুবছৰৰ পূৰ্বেই তানিয়াই তেওঁৰ পঢ়া টেবুলৰ সন্মুখত লিখি ৰাখিছিল ‘চিবিএছই টপাৰ’৷ অৰ্থাৎ তেওঁ সেই সংকল্প লৈ পঢ়িছিল আৰু সেইদৰেই তেওঁ ৫০০ ৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰে৷ তানিয়াই এতিয়া প্ৰকাশ কৰা মতে পঢ়িবলৈ বহাৰ সময়ত তেওঁৰ সদায় সেই বাক্যটো  চকুত পৰে আৰু সংকল্প পূৰণ কৰাত প্ৰতিশ্ৰুতিবদ্ধ হয়৷ তেওঁ লিখি ৰখা সেই বাক্যই শীৰ্ষস্থান লাভ কৰাত সহায় কৰা বুলি তানিয়াই মন্তব্য কৰিছে৷ তানিয়াই তেওঁৰ পঢ়া টেবুলৰ সন্মুখত ২০২৭ চনত ‘ইউপিএছচি টপাৰ’ হ’ব বুলিও লিখি ৰাখিছে৷ বিজ্ঞান শাখাত দেশৰ শীৰ্ষস্থান অৰ্জন কৰা তানিয়াই মেডিকেল কিম্বা ইঞ্জিনীয়াৰিং নপঢ়ে৷ তেওঁ স্নাতক শাখাত ভৰ্তি হৈ ২০২৭ ইউপিএছচিৰ টপাৰ হোৱাৰ সংকল্প লৈছে৷ উল্লেখ্য, বুলন্দ চহৰৰ আন এজন ছাত্ৰী ভূমিকা গুপ্তাই এইবাৰ ৪৯৯ নম্বৰ আৰু এজন ছাত্ৰ সৌম্য নামদেবে ৪৯৭ নম্বৰ লাভ কৰিছে৷