Logo
image

মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে! পাৰ্থ চেটাৰ্জী ৰাস্তাতে বাগৰি বাগৰি কান্দিলে অৰ্পিতাই

আমাৰ অসম, ৩০ জুলাইঃ পশ্চিমবংগৰ নিলম্বিত উদ্যোগমন্ত্ৰী  পাৰ্থ চেটাৰ্জীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি মন্তব্য কৰিছে৷ যোৱা দেওবাৰে দুদিন ধৰি ২৭ ঘণ্টা জেৰাৰ অন্তত পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰিত ই ডিয়ে গ্ৰেপ্তাৰ কৰা পাৰ্থ চেটাৰ্জীয়ে শুকুৰবাৰে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দুই-তিনিটা শব্দৰে এনেদৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি মন্তব্য কৰে৷ একে সময়তে কলকাতাৰ জোকাত থকা ই এছ আই হাস্পতাললৈ নিয়া হৈছিল শিক্ষক নিযুক্তি কেলেংকাৰিত ৫০ কোটি টকা উদ্ধাৰ হোৱা পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ বান্ধৱী অৰ্পিতা মুখাৰ্জীকো৷ ই ডিৰ জিম্মাত থকা অৰ্পিতা চেটাৰ্জীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ গাড়ীৰ পৰা নমোৱা সময়ত তেওঁ সম্পূৰ্ণৰূপে ভাগি পৰি হুৰাওৰাৱে কান্দি নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিগত ৪৮ ঘণ্টা ধৰি দুই অভিযুক্তক ই ডিয়ে জেৰা কৰি থকাৰ বাবে সাংবাদিকে মুকলিত দেখিবলৈ পোৱা নাছিল৷ শুকুৰবাৰে দুয়োকে নিৰাপত্তা বেষ্টনীৰ মাজত জোকাৰ ই এছ আই হাস্পতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয়৷ গাড়ীৰ পৰা নমাবলৈ লওতেই অৰ্পিতা মুখাৰ্জীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰে আৰু গাড়ীৰ পৰা বাগৰি পথৰ ওপৰতে পৰি দিয়ে৷ অৰ্পিতা মুখাৰ্জীয়ে এনেদৰে হুৰাওৰাৱে কান্দি ৰাস্তাতে বহি পৰাত তেওঁক হাস্পতালৰ ভিতৰলৈ নিবলৈ চিকিৎসাকৰ্মী আৰু নিৰাপত্তাৰক্ষীয়ে অহোপুৰুষাৰ্থ কৰিবলগীয়া হয়৷ অৱশেষত তেওঁ চিঞৰি চিঞৰি কান্দি থকা অৱস্থাতে কেইবাজনেও দাংকোলাকৈ ধৰি এখন হুইল চেয়াৰত বহুৱাই হাস্পতালৰ ভিতৰলৈ নিয়ে৷ ইতিমধ্যে দহ দিনৰ জিম্মাত লৈ ই ডিয়ে কৰা জেৰাত অৰ্পিতা মুখাৰ্জী সম্পূৰ্ণৰূপে ভাগি পৰাটো তেওঁৰ আজিৰ আচৰণতে পৰিস্ফুট হয়৷ উল্লেখ্য পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ দুটাকৈ ফ্লেটত ইতিমধ্যে ই ডিয়ে তালাচী চলাই ৫০ কোটি নগদ টকা, ৭৬ লাখ টকাৰ অলংকাৰ, ৩ কেজি সোণ আৰু বিদেশী মুদ্ৰা উদ্ধাৰ কৰিছে৷  প্ৰথমে টালিগঞ্জৰ এটা ফ্লেটত প্ৰায় ২২ কোটি টকা উদ্ধাৰ হোৱাৰ পাছত অৰ্পিতা মুখাজ¹ৰ নামত থকা বেলঘঢ়িয়াৰ ৰথতলাৰ আন এটা ফ্লেটৰ পৰা বুধবাৰে ২৯ কোটি নগদ টকা উদ্ধাৰ কৰে ই ডিয়ে৷ সেই সকলো ধন আৰু সম্পত্তি পাৰ্থ চেটাজ¹য়ে অৰ্পিতা মুখাৰ্জীৰ ফ্লেটত ৰাখি থোৱা বুলি ই ডিৰ জেৰাত অৰ্পিতাই স্বীকাৰ কৰিছে৷ আনহাতে তেওঁৰ টালিগঞ্জৰ ডায়মণ্ড চিটি ফ্লেটত থকা পাঁচখন বিলাসী গাড়ীৰ চাৰিখন গাড়ী অজ্ঞাত লোকে লৈ যোৱা বুলি ই ডিয়ে প্ৰকাশ কৰিছে৷  ফ্লেটৰ চিচি টিভিৰ ফুটেজ চাই ই ডিয়ে এই কথা ধৰা পেলাইছে৷ ই ডিয়ে জনোৱা অনুসৰি উধাও হোৱা গাড়ীৰ ভিতৰত আছে এখন মাৰ্চিডিজ বেঞ্জ, এখন অডি, এখন হোণ্ডা চিটি আৰু এখন হোণ্ডা চি আৰ ভি৷ তদুপৰি কেইদিনমান পূৰ্বে অৰ্পিতা মুখাৰ্জীৰ এটা ফ্লেটৰ পৰা অজ্ঞাত ব্যক্তিয়ে পেকেটত কোনো সামগ্ৰী ভৰাই লৈ যোৱা বুলিও ই ডিয়ে জানিব পাৰিছে৷ সন্দেহ কৰা অনুসৰি গ্ৰেপ্তাৰৰ আশংকাত আগতীয়াকৈ অৰ্পিতাৰ নিৰ্দেশত তেওঁৰ কোনো পৰিচিত ব্যক্তিয়ে ফ্লেটত জমা কৰি ৰখা ধনৰ টোপোলা আঁতৰাই নিব পাৰে৷ অৱশ্যে এয়া চুৰি কাৰ্য নহয় বুলিও ই ডিয়ে অস্বীকাৰ কৰা নাই৷ তদুপৰি কলকাতাৰ বিভিন্ন স্থানত অৰ্পিতা মুখাৰ্জীৰ নামত থকা আৰু তিনিটা ফ্লেট ই ডিয়ে ছীল কৰি দিছে৷ ইপিনে কলকাতাৰ নাতিদূৰৈৰ বাৰুইপুৰত থকা পাৰ্থ চেটাৰ্জীৰ এটা ফাৰ্ম হাউছৰ পৰা অজ্ঞাত লোকে বহু সামগ্ৰী চুৰি কৰি নিয়া বুলি প্ৰকাশ পাইছে৷ উল্লেখ্য, টালিগঞ্জৰ অৰ্পিতা মুখাৰ্জী থকা এপাৰ্টমেণ্টৰ জ্ঝনং মহলাৰ আন এটা ফ্লেটো পাৰ্থ চেটাৰ্জীৰ নামত আছে৷ সেই ফ্লেটত সম্প্ৰতি ৯টা কুকুৰ গৰাকীবিহীনভাৱে আবদ্ধ হৈ আছে৷ আবাসীয়ে জনোৱা অনুসৰি সেই ফ্লেটটোত বন্দী হৈ আছে এটা ৰটৱেলাৰ, এটা ইংলিছ বুলডগ, এটা ফ্ৰেন্স বুলডগ, এটা পাগ আৰু বিগল প্ৰজাতিৰ এটা কুকুৰ৷ তদুপৰি দুটা লাব্ৰাড’ৰ আৰু গ’ল্ডেন ৰিট্ৰিভাৰো আছে৷ আবাসীসকলে জনোৱা অনুসৰি, এইকেইদিন কুকুৰকেইটাক প্ৰশিক্ষকে বাহিৰলৈ উলিওৱা নাই৷ ফলত গৰাকীবিহীন হৈ এই কুকুৰকেইটাই অসহায়ভাৱে চিঞৰি আছে৷

শুকুৰবাৰে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত পাৰ্থ চেটাৰ্জীক সাংবাদিকে তেওঁ কি মন্তব্য কৰিব সোধাত পাৰ্থ চেটাৰ্জীয়ে কয়– ষড়যন্ত্ৰ৷ অৱশ্যে তেওঁৰ বিৰুদ্ধে কোনে ষড়যন্ত্ৰ কৰিলে সেই সন্দৰ্ভত পাৰ্থ চেটাৰ্জীয়ে আৰু কোনো মন্তব্য নকৰিলে৷ আনহাতে তেওঁক মন্ত্ৰীসভাৰ পৰা মমতা বেনাৰ্জীয়ে অপসাৰণ কৰাটো সঠিক সিদ্ধান্ত বুলি মন্তব্য কৰে যদিও দলৰ পৰা নিলম্বিত কৰাৰ সিদ্ধান্ত সময়োপযোগী নহ’ল বুলি কয়৷ পাৰ্থৰ মতে দলৰ পৰা নিলম্বিত কৰাৰ ঘটনাই নিৰপেক্ষ তদন্তত ব্যাঘাত জন্মাব৷