লনবল কি, খেলে কেনেকৈ?
আমাৰ অসম, ৩ আগষ্টঃ কমনৱেল্থ গেম্ছত আভিযান আৰম্ভ কৰাৰ আগলৈকে লন বলনো কি সেই বিষয়ে অনেকেই ভূকে পোৱা নাছিল৷ বহুতৰে বাবে আছিল এই খেলবিধ অখ্যাত৷ কিন্তু মঙলবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৱ’মেনছ ফ’ৰ্ছত ভাৰতে স্বৰ্ণপদক লাভ কৰাৰ পাছত স্বাভাৱিকতে তেওঁলোকৰ মনত প্ৰশ্ন উদয় হৈছে– লন বল প্ৰকৃততে কি? ভাৰতত কেতিয়াৰ পৰা এই খেলবিধৰ প্ৰচলন হৈছে? ভাৰতীয়ৰ বাবে এই খেলবিধ একেবাৰে অপৰিচিত বুলি ক’লেও অৱশ্যে ভুল হ’ব৷ কাৰণ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰো পছন্দৰ খেল আছিল লন বল৷ অৱসৰৰ সময়ত তেওঁ লন বল খেলিও সময় কটাইছিল৷ লন বল এনে এবিধ খেল, য’ত বেছিকৈ শাৰীৰিক সক্ষমতাৰ প্ৰয়োজন নহয়৷ কিন্তু খেলুৱৈ এজনৰ অব্যৰ্থ লক্ষ্য আৰু সঠিক অনুমানৰ প্ৰয়োজন হয়৷ ১৯৩০ চনত কমনৱেল্থ গেমছ আৰম্ভ হোৱাৰ পৰাই এই খেলবিধ ক্ৰীড়া সমাৰোহখনত অন্তৰ্ভুক্ত কৰা হৈছে৷ ভাৰতে অৱশ্যে ২০১০ চনৰ পৰাহে লন বলত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ২০১৮ চন পৰ্যন্ত দলটোৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল চতুৰ্থ স্থান৷ বাৰ্মিংহামত ভাৰতে প্ৰত্যাশাতকৈ বহু ভাল প্ৰদৰ্শন দেখুওৱাৰ পাছত স্বাভাৱিকতে সৰ্বসাধাৰণৰ মাজত খেলবিধৰ প্ৰতি উৎসুকতা বৃদ্ধি পাইছে৷
লন বল খেলা হয় চাৰিটা বিভাগত৷ সেয়া হৈছে ছিংগলছ, পেয়াৰ্ছ, ট্ৰিপ’লছ আৰু ফ’ৰ্ছ৷ অৰ্থাৎ ব্যক্তিগত শাখাৰ উপৰি এটা দলত দুজন, তিনিজন অথবা চাৰিজন খেলুৱৈ থাকিব পাৰে৷ যিটো স্থানত লন বল খেলোৱা হয়, তাক কোৱা হয় লন বল গ্ৰীন৷ কৃত্ৰিম ঘাঁহনিৰ এই লন বল গ্ৰীণত থাকে ছটা ৰিংক৷ প্ৰতিবাৰেই একোটাকৈ ৰিংকত খেলোৱা হয়৷ প্ৰথমে হয় ‘টছ’৷ টছত যিজন খেলুৱৈ অথবা যিটো দল জয়ী হয়, তেওঁ ‘জেক’ অৰ্থাৎ সৰু বল এটা ৰিংকলৈ থ্ৰ’ কৰে৷ সৰু বলটোৱে অন্ততঃ ২৩ মিটাৰৰ দূৰত্ব অতিক্ৰম কৰিব লাগে৷ তাৰ পাছতেই আৰম্ভ হয় খেল৷ আৰম্ভ হয় বলিং৷ এখন সৰু মেটৰ ওপৰত ভৰি ৰাখি খেলুৱৈসকলে জেকৰ দিশলৈ এটাৰ পাছত আনটো বল থ্ৰ’ কৰে৷ এই বলকেইটাক ‘বায়াছড্ বল’ বুলি কোৱা হয়, যাৰ আকাৰ জেকতকৈ ডাঙৰ৷ লক্ষ্য জেকত বল লগোৱা৷ বল জেকত লগাব পৰাজনে পায় সৰ্বাধিক পইণ্ট৷ আনহাতে, বল যদি জেকত স্পৰ্শ নকৰে, তেন্তে যিজনৰ বল জেকৰ নিকটতম দূৰত্বত থাকে তেওঁ পাব সৰ্বাধিক পইণ্ট৷ বল যদি বিপৰীত দিশৰ নিৰ্ধাৰিত সীমাৰ বাহিৰলৈ যায়, তেন্তে তাক অযোগ্য হিচাপে গণ্য কৰা হ’ব৷ কোনো এজন খেলুৱৈৰ বল জেকত লগাৰ পাছত যিটো স্থানত জেক স্থিৰ হ’ব, সেই সময়ৰ পৰা সেইটোৱে হ’ব জেকৰ পজিশ্বন আৰু প্ৰতিযোগীৰো লক্ষ্য হ’ব সেই স্থানলৈ বল থ্ৰ’ কৰা৷ ছিংগলছত প্ৰতিটো দিশৰ পৰা খেলুৱৈ এজনে চাৰিটাকৈ বল থ্ৰ’ কৰাৰ সুযোগ পায় আৰু তাৰ পাছত দূৰত্বৰ ভিত্তিত পইণ্ট নিৰ্ধাৰণ কৰা হয়৷ যিজন খেলুৱৈয়ে সৰ্বপ্ৰথমে ২১ পইণ্ট লাভ কৰে তেওঁক বিজয়ী ঘোষণা কৰা হ’ব৷ পেয়াৰ্ছ, ত্ৰিপ’লছ আৰু ফ’ৰ্ছ’ত প্ৰতিজন খেলুৱৈয়ে এটা দিশৰ পৰা দুবাৰকৈ বল থ্ৰ’ কৰাৰ সুযোগ পায়৷ পেয়াৰ্ছ আৰু ট্ৰিপ’লছ শাখাত মুঠতে ১৮টা ৰাউণ্ডৰ খেল হয়৷ ফ’ৰ্ছৰ ক্ষেত্ৰত হয় ১৫টা ৰাউণ্ড৷ সৰ্বশেষত যিটো দলৰ পইণ্ট সৰ্বাধিক হয়, সেই দলটোকে বিজয়ী ঘোষণা কৰা হয়৷