Logo
image

দেশৰ ৰাষ্ট্ৰীয় পথ টোলগেটমুক্ত কৰাৰ আঁচনি গাডকাৰিৰ

আমাৰ অসম, ৪ আগষ্টঃ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত কৰ পৰিশোধ কৰাৰ বাবে এতিয়াৰে পৰা আৰু দীঘলীয়া অপেক্ষা কৰিবলগীয়া নহয়৷ কিয়নো সমাগত ৬ মাহৰ ভিতৰতে দেশৰ সকলো টোলগেট বন্ধ কৰি দিয়া হ’ব৷ টোল প্লাজাৰ পৰিৱৰ্তে বিকল্প ব্যৱস্থাৰে স্বয়ংক্ৰিয়ভাৱে কৰ সংগ্ৰহৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই কথা সংসদত সদৰী কৰিছে খোদ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতি গাডকাৰীয়ে৷ বুধবাৰে ৰাজ্যসভাত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে ছেটেলাইটৰ জৰিয়তে টোল টেক্স সংগ্ৰহৰ ব্যৱস্থা কৰাৰ চিন্তা চৰ্চাৰ কথা উল্লেখ কৰি ৬ মাহৰ ভিতৰতে টোল গেট সমূহ বন্ধ হৈ পৰিব বুলি জানিবলৈ দিয়ে৷ চৰকাৰে টোল প্লাজাত যানজঁটৰ কথা চিন্তা কৰি বিকল্প পদ্ধতিৰে কৰ সংগ্ৰহৰ পৰিকল্পনা কৰিছে৷ উপগ্ৰহৰ ভিত্তিত জিপিএছ ব্যৱস্থাৰে কৰ সংগ্ৰহৰ চিন্তা কৰা হৈছে৷ যাৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা বাহনৰ গৰাকীৰ একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ কৰ্তন কৰা হ’ব পাৰে৷ নম্বৰ প্লেটৰ জৰিয়তে কৰ কৰ্তন কৰিব পৰা হ’ব নে নাই তাৰ পৰ্যালোচনা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে৷ ফাষ্টটেগৰ পৰিৱৰ্তে ছেটেলাইট জিপিএছ মাধ্যম ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে যদিও ভাৰতত আন বিকল্প পদ্ধতি আছে বুলিও মন্তব্য কৰিছে মন্ত্ৰী গাডকাৰীয়ে৷ এই ব্যৱহাৰৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথৰ ৬০ কিলোমিটাৰ ব্যৱধানত বাহনৰ গৰাকীৰ একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ’ব টোল টেক্স৷ যাৰ ফলত টোল গেটত দীঘলীয়া অপেক্ষাৰ প্ৰয়োজন নহ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে আশা ব্যক্ত কৰিছে৷