Logo
image

চীনৰ পৰা অনা হৈছে ৰাষ্ট্ৰীয় পতাকা! বিৰোধীৰ বিক্ষোভ

আমাৰ অসম, ৪ আগষ্টঃ ‘দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে অংগাংগীভাৱে জড়িত খাদিক কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে শেষ কৰি চীনৰ সংস্থাক পলিয়েষ্টাৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ দায়িত্ব দিছে৷’ এই অভিযোগ লোকসভাৰ কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ৷ লক্ষণীয় যে স্বাধীনতাৰ ৭৫তম বৰ্ষক স্মৰণীয় কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে বুধবাৰে দিল্লীৰ লালকিল্লাৰ পৰা সংসদ ভৱনলৈ উলিওৱা তিৰংগা বাইক ৰে’লীৰ সমালোচনা কৰি চৌধুৰীয়ে বিজেপিৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰে৷ তেওঁ কয়– ‘কোন আচল দেশ প্ৰেমিক, সেয়া দেশবাসীয়ে জানে৷ বিজেপিয়ে চৰকাৰী বেনাৰত পুজিপতিৰ স্বাৰ্থত নিজৰ কৰ্মসূচী ৰূপায়ণ কৰিছে৷ এই ৰাজনৈতিক কাৰ্যসূচীত আমি চামিল হ’ব নোৱাৰো৷ স্বাধীনতাৰ ৭৫ বছৰ উদ্‌যাপন কংগ্ৰেছ দলৰ বাবে এক আৱেগ আৰু ঐতিহ্যৰ বিষয় বুলি মন্তব্য কৰি লোকসভাৰ কংগ্ৰেছ দলৰ নেতাজনে কয়– ‘‘বিজেপিয়ে আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতকো অনুৰোধ কৰক, তেওঁ যাতে সামাজিক মাধ্যমৰ প্ৰফাইলত তিনিবৰণীয়া জাতীয় পতাকাৰ ছবি ৰাখে৷’’ চৌধুৰীয়ে কয় যে স্বাধীনতাৰ পৰৱৰ্তী সময়তো তিনিবৰণীয়া জাতীয় পতাকাক স্বীকৃতি দিয়া নাছিল আৰ এছ এছে৷ লক্ষণীয় যে বিজেপিৰ ত্ৰিৰংগা বাইক ৰে’লী, হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ বিপৰীতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে আজি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ থকা এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে৷ ৰাহুল গান্ধীয়ে টুইটাৰত লিখে– ‘তিনি বৰণীয়া পতাকা আমাৰ দেশৰ গৰ্ব, এই পতাকা সকলো ভাৰতীয়ৰ হৃদয়ত আছে৷’’ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মঙলবাৰে অসম তৃণমূলৰ সভাপতি ৰিপুণ বৰাই এক সংবাদ মেলৰ আয়োজন কৰি অভিযোগ কৰিছিল যে মোদী চৰকাৰে পুঁজিপতি ব্যৱসায়ীৰ স্বাৰ্থত পলিয়েষ্টাৰ পতাকা ব্যাপক হাৰত মেচিনত উৎপাদন কৰি দেশৰে খাটিখোৱা জনসাধাৰণক কিনিবৰ বাবে বাধ্য কৰিছে৷ ইয়াৰ দ্বাৰা ফ্লেগ কড অব ইণ্ডিয়াৰ বিধি ভংগ কৰা হৈছে৷