Logo
image

ইউ ইউ ললিত পৰৱৰ্তী মুখ্য ন্যায়াধীশ

আমাৰ অসম, ৫ আগষ্টঃ ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পথত ন্যায়াধীশ উদয় উমেশ ললিত৷ উল্লেখ্য যে অহা ২৬ আগষ্টত বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ কাৰ্যকালৰ অৱসান ঘটিব৷ কেন্দ্ৰীয় চৰকাৰৰ হৈ আইনমন্ত্ৰী কিৰণ ৰিজিজুৱে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ কোন হ’ব সেই বিষয়ে অৱগত হ’বলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ উক্ত পত্ৰৰ উত্তৰত বৰ্তমানৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিত অৰ্থাৎ ন্যায়াধীশ উদয় উমেশ ললিতৰ নামটো ছুপাৰিশ কৰে৷ সেই অনুসৰি এন ভি ৰমনৰ পাছত ভাৰতৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশ হোৱাৰ পথত ইউ ইউ ললিত৷ উল্লেখ্য যে নিয়ম অনুসৰি উচ্ছতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশগৰাকীক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৷ সেই প্ৰথা অনুসৰিয়েই  ন্যায়াধীশ এন ভি ৰমনৰ পাছত আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ হৈছে ইউ ইউ ললিত৷ যাৰ বাবে ন্যায়াধীশ ললিতৰ নামটো পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে প্ৰস্তাৱ কৰে ৰমনে৷ অৱশ্যে দেশৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিলেও ন্যায়াধীশ ললিতৰ কাৰ্যকাল খুব এটা দীঘলীয়া নহ’ব৷ মাত্ৰ তিনিমাহৰ বাবেহে তেওঁ সৰ্বোচ্ছ ন্যায়ালয়ৰ শীৰ্ষ পদবীটোত অধিষ্ঠিত হৈ থাকিব পাৰিব৷ কিয়নো চলিত বছৰৰ ৮ নৱেম্বৰত তেওঁ কাৰ্যকাল সামৰণি পৰিব৷ 

১৯৫৭ চনৰ ৯ নৱেম্বৰত জন্মলাভ কৰিছিল ললিতে৷ মহাৰাষ্ট্ৰতেই পাৰ হৈছিল তেওঁৰ স্কুলীয়া জীৱন আৰু ল’ৰালি কাল৷ ১৯৮৩ চনৰ জুন মাহত তেওঁ আইনজীৱী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ ১৯৮৫ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ বোম্বে উচ্ছ ন্যায়ালয়ত ওকালতি কৰে৷ ২০০৪ চনত ভাৰতৰ সৰ্বোচ্ছ ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ আইনজীৱী হিচাপে মনোনীত কৰে৷ ২০১৪ চনৰ ১৩ আগষ্টত তেওঁ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে৷ ইয়াৰ পূৰ্বে ২০১১ চনত তেওঁক উচ্ছতম ন্যায়ালয়ৰ তৰফৰ পৰা টু-জি স্পেকট্ৰাম কেলেংকাৰিৰ গোচৰটোৰ বাবে বিশেষ পাব্লিক প্ৰছিকিউটৰ হিচাপে নিযুক্তি দিছিল৷