Logo
image

হিমা আগবাঢ়িছে লাভলীনাৰ বিদায়

আমাৰ অসম, ৫ আগষ্টঃ নয়নমণি শইকীয়াই কমনৱেল্‌থ গেম্‌ছৰ লনবলত স্বৰ্ণপদক জয় কৰাৰ পাছত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ‘ধিং এক্সপ্ৰেছ’খ্যাত হিমা দাসৰ পৰাও পদক আশা কৰা হৈছিল৷ হিমা দাসে বৃহস্পতিবাৰে মহিলাৰ ২০০ মিটাৰ স্প্ৰিণ্টৰ ছেমিফাইনেললৈ উন্নীত হৈ পদকৰ সম্ভাৱনা জীয়াই ৰাখিলেও শিৱ থাপাৰ দৰে লাভলীনায়ো কোৱাৰ্টাৰ ফাইনেলত প্ৰত্যাহ্বান সামৰি সকলোকে নিৰাশ কৰিলে৷ প্ৰাক্তন বিশ্ব জুনিয়ৰ চেম্পিয়ন আৰু জাকাৰ্টা এছিয়ান গেম্‌ছত ৪০০ মিটাৰ ৰূপৰ পদক জয় কৰা হিমা বৃহস্পতিবাৰৰ মিটাৰ স্প্ৰিণ্টৰ দ্বিতীয়টো হিটত শীৰ্ষস্থানত থাকিলেও তেওঁ সময় লৈছিল ২৩.৪২ ছেকেণ্ড৷ ইভেণ্টটোত তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ২২.৮৮ ছেকেণ্ড৷ ২০০ মিটাৰৰ ছটা হিটছত প্ৰতিদ্বন্দ্বী আছিল ৪৮ গৰাকী৷ প্ৰতিটো হিটৰ শীৰ্ষৰ তিনিগৰাকী প্ৰতিযোগীৰ লগতে তাৰ পাছৰ ছগৰাকী দ্ৰুততম প্ৰতিযোগীয়ে যোগ্যতা লাভ কৰিছে ছেমিফাইনেললৈ৷ দ্বিতীয়টো হিটত হিমাৰ সময় জাম্বিয়া আৰু উগাণ্ডাৰ প্ৰতিযোগী দুগৰাকীতকৈ উন্নত যদিও ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰা অন্ততঃ ছগৰাকী এথলীটে হিমাতকৈ কম সময় লৈছে৷ তেওঁলোকৰ অন্যতম হৈছে নাইজেৰিয়াৰ ফেভ’ৰ অ’ফিলি [২২.৭১ ছেকেণ্ড] আৰু এলেইন থম্পছন হেৰা [২২.৮০ ছেকেণ্ড]৷ সেয়েহে কাইলৈৰ ছেমিফাইনেলত হিমা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা  আছে৷ তথাপি অসমৰ ধাবিকাগৰাকীৰ পৰা পদকৰ আশা ৰাখিছে টীম মেনেজমেণ্টে৷ সকলোৰে প্ৰত্যাশাৰ মান ৰাখি হিমাই পদক লৈ বাৰ্মিংহামৰ পৰা উভতিব পাৰে নে নোৱাৰে সেয়া জনাৰ বাবে অপেক্ষা কৰিব লাগিব৷ ২০০ মিটাৰ স্প্ৰিণ্টৰ উপৰি হিমাই মহিলাৰ ৪*১০০ ৰিলেতো প্ৰতিদ্বন্দ্বিতা কৰিব৷

২০১৮ চনৰ গ’ল্ড কোষ্ট কমনৱেল্‌থ গেম্‌ছতো লাভলীনা কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল ইংলেণ্ডৰ ছেণ্ডি ৰিয়ানৰ হাতত৷ ছেণ্ডিয়ে পাছত জয় কৰিছিল স্বৰ্ণপদক৷ নিউজীলেণ্ডৰ প্ৰতিদ্বন্দ্বী এৰিয়ান নিকলছনক ৫-০ ব্যৱধানত হৰুৱাই অভিযান আৰম্ভ কৰা লাভলীনা আৰু ৱেলছৰ ৰ’ছি এক্লেছৰ মাজত অনুষ্ঠিত খেলখনৰ পূৰ্বেই মহম্মদ হুছামুদ্দিন আৰু নিখট জেৰিন ছেমিফাইনেললৈ উন্নীত হৈ ভাৰতৰ দুটা পদক নিশ্চিত কৰিছিল৷ সেয়েহে সকলোৱে গভীৰ উৎকণ্ঠাৰে অপেক্ষা কৰিছিল গ’ল্ড কোষ্টৰ ৰূপৰ পদকজয়ী এক্লেছ আৰু লাভলীনাৰ মাজৰ প্ৰতিদ্বন্দ্বিতালৈ৷ ৭০ কিলোগ্ৰাম শাখাৰ এই প্ৰতিদ্বন্দ্বিতাত লাভলীনাই প্ৰত্যয়জনক আৰম্ভণিৰে প্ৰথম ৰাউণ্ডটো জয় কৰিছিল ৪-১ ব্যৱধানত৷ কিন্তু পিছলৈ তেওঁ সেই প্ৰদৰ্শন অটুট ৰখাত ব্যৰ্থ হয়৷ আনহাতে, ৰণকৌশল সলনি কৰি এক্লেছ পৰৱৰ্তী ৰাউণ্ড দুটাত অধিক আক্ৰমণাত্মক হৈ পৰে আৰু খেলুৱৈগৰাকীৰ শক্তিশালী পাঞ্চৰ পৰা ৰক্ষা পাবলৈ লাভলীনা ৰক্ষণাত্মক হ’বলৈ বাধ্য হৈছিল৷ ফলশ্ৰুতিত ৩-২ ব্যৱধানত জয়েৰে ছেমিফাইনেলত স্থান নিশ্চিত কৰে এক্লেছে৷

উল্লেখ্য, বাৰ্মিংহাম কমনৱেল্‌থ গেম্‌ছত অভিযান আৰম্ভ কৰাৰ পূৰ্বেই দুটাকৈ অনাহূত বিতৰ্কত জড়িত হৈ চৰ্চিত হৈ পৰিছিল লাভলীনা৷ প্ৰথমে ব্যক্তিগত প্ৰশিক্ষক সন্ধ্যাৰাণী গুৰুঙক গেমছ ভিলেজত  থকাৰ বাবে এক্ৰিডিটেশ্বন প্ৰদান নকৰা বাবে ক্ষোভ প্ৰকাশ কৰি এটা দীঘলীয়া টুইট কৰিছিল লাভলীনাই, য’ত বক্সাৰগৰাকীয়ে ৰাজনীতি অমানসিক আতিশয্যৰ চিকাৰ হোৱা বুলি অভিযোগ তুলিছিল৷ বক্সাৰগৰাকীৰ টুইটটোৰ পাছত ক্ৰীড়া মন্ত্ৰণালয়ে বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া হৈছিল৷ এই ঘটনাটোৰ তিনিদিন পাছত অৰ্থাৎ গেম্‌ছৰ অৰম্ভণিৰ দিনা ভাৰতীয় দলৰ আন এজন বক্সাৰ মহম্মদ হুছামুদ্দিনৰ সৈতে উদ্বোধনী অনুষ্ঠান আধাতে এৰি গেম্‌ছ ভিলেজলৈ উভতি আহি আন দ্বিতীয়টো বিতৰ্কত সাঙোৰ খাই পৰিছিল লাভলীনা৷ এই দুয়োটা ঘটনাত ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ লগতে কমনৱেল্‌থ গেম্‌ছত ভাগ লোৱা ভাৰতীয় দলটোৰ চেফ ডি মিছন  ৰাজেশ ভাণ্ডাৰী যথেষ্ট অসন্তুষ্ট হৈছিল৷ লাভলীনাই কোৱাৰ্টাৰ ফাইনেলতে প্ৰত্যাহ্বান সামৰাৰ পাছত উল্লিখিত বিতৰ্ক দুটাৰ প্ৰসংগৰে ছ’চিয়েল মিডিয়াত এতিয়া একাংশই অসমৰ বক্সাৰগৰাকীক সামালোচনাৰ লক্ষ্য হিচাপে লোৱা পৰিলক্ষিত হৈছে৷