Logo
image

প্ৰণীতা মুক্ত! খেলিবলৈ আহিব গুৱাহাটীলৈ

আমাৰ অসম, ৬ আগষ্টঃ খেলিবলৈ পাব প্ৰণীতা চুতীয়াই৷ শনিবাৰৰে পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ উশ্বু চেম্পিয়নশ্বিপত অংশ ল’ব মৰাণৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে৷ সামাজিক মাধ্যমত আলফা স্বাধীনৰ সপক্ষে চাৰিটা শব্দ লিখি ৪৩ দিন কাৰাবন্দী জীৱন কটোৱা প্ৰণীতা চুতীয়া ওৰফে মাইনা চুতীয়াৰ জামিন মঞ্জুৰ কৰে আদালতে৷ আলফাক সমৰ্থন জনোৱাৰ অপৰাধতে ইউ এ পি আইনৰ দৰে কঠোৰ ধাৰাত স্মাৰ্ট অসম আৰক্ষীয়ে বন্দী কৰি ৰাখিছিল যুৱ খেলুৱৈগৰাকীক৷ ডেৰমহীয়া আইনী যুঁজ আৰু সামাজিক মাধ্যমযোগে সমগ্ৰ ৰাজ্যজুৰি যুৱ খেলুৱৈগৰাকীৰ মুক্তিৰ দাবীত হোৱা আলোড়নৰ  অন্তত প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ প্ৰণীতা চুতীয়াক চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ [বি]/১২১/১২১ [এ] আৰু ইউ এ [পি] আইনৰ ধাৰা ১০/১৩/১৮ [বি]ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৭ৰ অধীনত মৰাণ থানাত ৩৬/২০২২ নম্বৰত ৰুজু হোৱা গোচৰটোৰ শুনানি লৈ  চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আবু চালেহ পৰ্তুজা লস্কৰ আদালতে প্ৰণিতাৰ জামিনৰ পথ প্ৰশস্ত কৰে৷ উল্লেখ্য, মৰাণৰ প্ৰতিশ্ৰুতিসম্পন্ন বক্সিং, উশ্বু খেলুৱৈ প্ৰণীতা চুতীয়াই সামাজিক মাধ্যম ফেইচবুকত আলফা সম্পৰ্কীয় এটা বাতৰিৰ কমেণ্টত ‘আলফাৰ লিংক পালে ময়ো যাম, আই লাভ আলফা’ বুলি এটা মন্তব্য কৰাৰ পাছতেই চৰাইদেউ আৰক্ষীয়ে ১৭ জুনত ঘৰৰ পৰাই আটক কৰি নিছিল প্ৰণীতাক৷ মৰাণহাট থানাৰ ৩৬/২২ নম্বৰৰ গোচৰৰ ভিত্তিত প্ৰণীতাক পাছদিনাই গ্ৰেপ্তাৰ কৰি শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷ ইফালে প্ৰণীতাৰ জে’ল যাত্ৰাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰণীতাৰ মুক্তিৰ দাবীত সামাজিক মাধ্যমযোগে প্ৰতিবাদৰ জোৱাৰ উঠে৷ আনহাতে, প্ৰণীতাই জে’লত থকাৰ সময়তে ৭ আৰু ৮ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম আন্তঃজিলা ছিনিয়ৰ উশ্বু চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ পৰিয়ালে লাভ কৰিছিল৷ উক্ত প্ৰতিযোগিতাখনত প্ৰণীতাই অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে এই লৈ পৰিয়ালৰ লোক সন্দিহান হৈ পৰিছিল৷ সেয়ে প্ৰণীতাৰ পিতৃ-মাতৃয়ে সংবাদ মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰণীতাক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছিল৷ বিভিন্ন দল-সংগঠনেও প্ৰতিভাসম্পন্ন খেলুৱৈগৰাকীক শীঘ্ৰে মুক্তিৰ দাবী জনাইছিল৷ উল্লেখ্য, মৰাণ ৰাইদঙীয়াৰ নিৱাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণীতাই ২০১৫ বৰ্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জড়িত হৈ ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷ সম্পূৰ্ণ ৪৩ দিন কাৰাবন্দীত্বৰ অন্তত প্ৰণীতা মুকলি আকাশৰ তললৈ অহাত মৰাণ ৰাইদঙীয়াৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷