Logo
image

ডিজিটেল কাম নাজানিলে বদলি কৰা হ’ব সচিবালয়ৰ পৰা

আমাৰ অসম, ৬ আগষ্টঃ অসম সচিবালয়ত কম্পিউটাৰ নজনা বিষয়া-কৰ্মচাৰীৰ বাবে বিপদ সমাগত৷ অসম সচিবালয়ৰ কম্পিউটাৰ নজনা কৰ্মচাৰীসকলে বদলি হৈ যাওক সঞ্চালকালয়ৰ কাৰ্যালয় বা আন ঠাইলৈ৷ কিয়নো ২ অক্টোবৰৰ পৰা অসম চৰকাৰে সচিবালয়ত বন্ধ হ’ব মেনুৱেল ফাইল৷ মেনুৱেল ফাইলৰ পৰিৱৰ্তে সকলো কাম হ’ব ডিজিটেল প্ৰক্ৰিয়াৰে৷ কোনো বিষয়া-কৰ্মচাৰীয়ে যদি এতিয়াও কম্পিউটাৰ চলাব নাজানে তেওঁলোকৰ বাবে  বহু বাট খোলা আছে৷ তেওঁলোকে সচিবালয়ৰ পৰা বদলি হৈ তেওঁ সঞ্চালকালয় বা আন কাৰ্যালয়লৈ যাওক ৷ যদি এনে কৰ্মচাৰীয়ে বহুদিন চাকৰি কৰিছে তেনেহ’লে তেওঁলোকে চাকৰি বাদ দি ঘৰলৈও যাব পাৰে৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ তেওঁ আৰু কয়–কম্পিউটাৰ নজনাসকলক যাতে কোনেও কাম নিদিয়ে৷ আমি ভাবি ল’ম এইসকল কৰ্মচাৰী আমাৰ মাজত নাই৷ সচিবালয়ৰ কৰ্মচাৰীসকলে ভাবি লওক ২ অক্টোবৰৰ পৰা আমি নতুন জীৱন আৰম্ভ কৰিম৷ ২ অক্টোবৰৰ পৰা সচিবালয়ৰ সন্মুখত চাৰিটা কম্পিউটাৰ থাকিব৷ সচিবালয়লৈ অহা লোকে কম্পিউটাৰৰ জৰিয়তে তেওঁৰ কামৰ বিষয়ে লিখি জনাব লাগিব৷ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীয়ে তেওঁক জনাব ফাইলৰ সবিশেষ৷ লোক কল্যাণ দিৱস উপলক্ষ্যে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সচিবালয়ৰ সকলো কাম পেপাৰবিহীন কৰাৰ কথা উল্লেখ কৰি কয় যে ২ অক্টোবৰৰ পৰা অসম সচিবালয়ৰ সকলো কাম ডিজিটেল হ’ব৷ ২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়া কৰ্মচাৰীয়ে মেনুৱেল ফাইল নলয়৷ কোনোবাই যদি কিবা কামত অসম সচিবালয়লৈ আহে তেনেহ’লে সচিবালয়ৰ বাহিৰত কম্পিউটাৰত টাইপ কৰিলেই সকলো কাম নিষ্পত্তি হ’ব৷ সচিবালয়ত কাম কৰা কৰ্মচাৰীসকলক কম্পিউটাৰ শিকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীজনে কয়- কম্পিউটাৰ শিকিব নোখোজা কৰ্মচাৰীক কোনেও কাম নিদিব৷ তেওঁলোকক আমাৰ মাজত নাই বুলি আমি ধৰি ল’ম৷ সচিবালয়ত কাম কৰিলে ডিজিটেল পদ্ধতিৰে কাম কৰিবলৈ জানিবই লাগিব৷ কম্পিউটাৰ নজনা কৰ্মচাৰীসকলৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা কৰা নহ’ব৷ ২ অক্টোবৰৰ পৰা অসম সচিবালয়ৰ সকলো ফাইল অনলাইনযোগে উপলব্ধ হ’ব৷ দূৰ-দূৰণিৰ লোকে ঘৰত বহিয়ে লাভ কৰিব ফাইলৰ ষ্টেটাছ৷ সেয়ে প্ৰতিগৰাকী কৰ্মচাৰীৰ ডিজিটেল জ্ঞান থকাটো বাধ্যতামূলক৷ তেওঁ আৰু কয়– দুৰ্নীতি, অশুভ পৰম্পৰাৰে বিগত ১০ বছৰত  অসম লোক সেৱা আয়োগৰ জৰিয়তে নিয়োগ লাভ কৰা বিষয়াতকৈ বহু ওপৰত জনতা ভৱনৰ কৰ্মচাৰী৷ উৎকৃষ্ট কামৰ পৰিচয় দিয়া সচিবালৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ ঘোষণা– দিনটোত তিনিবাৰ চাহ যোগান ধৰা হ’ব কৰ্মচাৰীক, দুপৰীয়া খোৱাৰ বাবে দিয়া হ’ব বিশেষ খাদ্য, কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ বাবদ কৰ্মচাৰীৰ বাবে থাকিব বিশেষ বিনামূলীয়া বাহন, সচিবালয় কৰ্মচাৰীৰ কণ কণ শিশুৰ বাবে জনতা ভৱনত থাকিব ওমলা ঘৰ! উল্লেখ্য, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনত অনুষ্ঠিত লোক কল্যাণ দিৱসৰ দিনটোত পুৱাই গোপীনাথ বৰদলৈৰ সমাধিত শ্ৰদ্ধা জনায় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷