Logo
image

ভাৰতৰো আকাশসীমা পাৰ হৈ সোমাইছে চীনৰ বিমান

আমাৰ অসম, ৬ আগষ্টঃ আমেৰিকাৰ হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা নেন্সি পেলোচিৰ ভ্ৰমণক কেন্দ্ৰ কৰি চীন-টাইৱান সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ উন্মাদনা৷ টাইৱানৰ আকাশত সঘনাই দেখিবলৈ পোৱা গৈছে চীনা যুদ্ধ বিমানৰ উৰণ৷ একেদৰে ভাৰতৰ আকাশ সীমাতো চীনৰ যুদ্ধ বিমানে প্ৰৱেশ কৰাৰ বাতৰি পোৱা গৈছে৷ এনে পৰিস্থিতিত পুনৰ গা কৰি উঠিছে যুদ্ধৰ আশংকাই৷ আনহাতে ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ টাইৱানক চৌদিশৰ পৰা আৱৰি ধৰিছে চীনা সৈন্যবাহিনীৰ লগতে অসংখ্য যুদ্ধ বাহনে৷ সীমান্তৰ চৌদিশে নিতৌ চীনা সৈন্যই অব্যাহত ৰাখিছে সেনাবাহিনীৰ অনুশীলন৷ যেন চীনে যুদ্ধৰ দামামা বজাইছে৷  যিকোনো মুহূৰ্ততে টাইৱানৰ ওপৰত চীনে আক্ৰমণ চলাব পাৰে বুলি বিশেষজ্ঞমহলে আশংকা কৰিছে৷ এনে পৰিস্থিতিত টাইৱানৰ আকাশ সীমাত প্ৰৱেশৰ পৰা বিৰত আছে বিভিন্ন দেশৰ অসামৰিক বিমানসমূহ৷ এই পৰিস্থিতি যদি অব্যাহত থাকে তেন্তে দ্বীপ ৰাষ্ট্ৰ টাইৱান ভয়ংকৰ  অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে৷ শেহতীয়াকৈ পোৱা তথ্য মতে ভাৰতেও যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে টাইৱানৰ সৈতে বিমান যোগাযোগ  স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য যে আমেৰিকাৰ হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা নেন্সি পেলোচিয়ে চীনৰ বাধা আৰু ভাবুকি নেওচি মঙলবাৰে টাইৱানত উপস্থিত হৈছিল৷ লগত আছিল এদল মাৰ্কিন প্ৰতিনিধি৷ ইপিনে পেলোচিৰ ভ্ৰমণৰ আগমুহূৰ্তত চীনে টাইৱানলৈ ২৭ খন যুদ্ধবিমান প্ৰেৰণ কৰি ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰখনলৈ আমেৰিকাৰ সৈতে মিতিৰালি কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰিছিল৷ কিন্তু এনে সকলো সকীয়নি নেওচি পেলোচিয়ে টাইৱান ভ্ৰমণৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ লগতে যিকোনো পৰিস্থিতিতে আমেৰিকাই টাইৱানক সংগ দিব বুলি আশ্বাস প্ৰদান কৰি থৈ যায়৷ ইয়াৰ পাছতে টাইৱানৰ বিৰুদ্ধে অধিক যুদ্ধংদেহী হৈ পৰে ৰঙা চীন৷ বৃহস্পতিবাৰে পুৱাৰে পৰা চীনে টাইৱান সীমান্তত ধাৰাবাহিক যুদ্ধৰ অনুশীলন আৰম্ভ কৰে৷ নিক্ষেপ কৰে ১১ টাকৈ ক্ষেপণাস্ত্ৰ৷ ইয়াৰে পাঁচটা ক্ষেপণাস্ত্ৰই আঘাত হানে জাপানৰ মাটিত৷ ফলত পৰিস্থিতিৰ নতুন জটিলতা আৰম্ভ হয়৷ উল্লেখ্য যে আমেৰিকাৰ তৃতীয় শক্তিশালী মহিলা পেলোচিৰ ভ্ৰমণক লৈ চীনে ইমানেই বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে পেলোচিৰ নিৰাপত্তাৰ বাবে আমেৰিকাই টাইৱানৰ সমীপত যুদ্ধবিমান পৰিবাহী গ্ৰুপ ইউ এছ এছ ৰণাল্ড ৰিগেন মোতায়েন কৰিবলৈ বাধ্য হৈছিল৷ শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত টাইৱানৰ চৰকাৰে সেনাবাহিনীৰ সকলো জোৱান-কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে৷ ছুটীত থকা সকলক অচিৰেই কৰ্তব্যত যোগদানৰ বাবে নিৰ্দেশ দিছে৷ এই পৰ্যন্ত টাইৱানৰ উত্তৰ আৰু দক্ষিণ সীমান্ত আৱৰি চাৰিটা স্থানত চীনে সামৰিক অনুশীলন চলাই আছে৷ এনে অনুশীলনেৰে চীনে টাইৱানৰ সমুদ্ৰ আৰু আকাশী পথ বন্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আনহাতে টাইৱানৰ সকলোবোৰ চৰকাৰী ৱেবছাইট, বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ছাইবাৰ আক্ৰমণৰ বলি হৈছে৷ টাইৱান চৰকাৰে মেট্ৰ’ ষ্টেচনকে ধৰি শ্ব’পিং মল আৰু অন্যান্য নিৰাপদ স্থানসমূহত যাতে সাধাৰণ লোকে আশ্ৰয় ল’ব পাৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷ যদি সঁচাকৈয়ে টাইৱানত চীনে আক্ৰমণ আৰম্ভ কৰে বা যুদ্ধৰ সূচনা হয় তাৰ বাবে ১২ নিযুত লোকৰ প্ৰাণ ৰক্ষা কৰিব পৰাকৈ  বাংকাৰ সাজু কৰি ৰাখিছে টাইৱান প্ৰশাসনে৷ ইয়াৰ মাজতে পৰিস্থিতি বেয়া দেখি আমেৰিকাই শুকুৰবাৰে যুদ্ধ বিমান পৰিবহন কৰিব পৰা আৰু দুখন বিশাল এয়াৰ ক্ৰাফ্‌ট কেৰিয়াৰ গ্ৰুপ প্ৰেৰণ কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত চীনেও কেৰিয়াৰ লিয়নিং আৰু ছেনডং নামৰ আন দুখন যুদ্ধ বিমান কেৰিয়াৰ প্ৰেৰণ কৰে৷ মুঠতে টাইৱানত এতিয়া যুদ্ধৰ দামামা৷ আনহাতে আমেৰিকাই চীনক সকীয়াই দিছে যাতে দেশখনে যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰাৰ পৰা বিৰত থাকে৷ একেদৰে জাপানেও চীনক সামৰিক অনুশীলনৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাইছে৷ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিচিডাই শুকুৰবাৰে কয়–  এইবাৰ চীনে যি আচৰণ আৰম্ভ কৰিছে তাৰ ফলত শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত হৈ পৰিছে৷ চীনৰ আগ্ৰাসী নীতিয়ে জাপানৰ আঞ্চলিক স্থিতাৱস্থাতো প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰে দেশখনৰ প্ৰধানমন্ত্ৰীজনে৷ উল্লেখ্য যে টাইৱান ভ্ৰমণ সামৰি মাৰ্কিন হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা পেলোচি জাপানত উপস্থিত হয়৷ শুকুৰবাৰে তেওঁ জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়৷ বিশ্লেষকসকলৰ মতে পেলোচি জাপান ভ্ৰমণলৈ যোৱাৰ বাবেই হয়তো চীনে বৃহস্পতিবাৰে দেশখনলৈ  ক্ষেপণাস্ত্ৰ কেইটা নিক্ষেপ কৰিছিল৷ ইপিনে টাইৱানক লৈ আমেৰিকাৰ সৈতে চীনৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিবলৈ ধৰাত চীনে টাইৱান সীমান্তৰ উপৰি শেহতীয়াকৈ বালুচিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ অতি গুৰুত্বপূৰ্ণ একাধিক স্থানত সামৰিক অনুশীলন আৰম্ভ কৰাৰ বাবে পাকিস্তানক সহায় কৰাৰ পথত আগবাঢ়িছে৷ যদি সেয়াই হয় তেন্তে ভাৰতেও চীনৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশেও শেহতীয়াকৈ চীনৰ আচৰণত অতিষ্ঠ হৈ পৰিছে৷ উল্লেখ্য যে বাংলাদেশৰ সৈতে কোনোধৰণৰ যোগাযোগ অবিহনে চীনে তেওঁলোকৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়েৰ নেতৃত্বত এদল প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ সাজু হৈছিল৷ আগষ্টৰ প্ৰথম সপ্তাহতে চীনৰ  প্ৰতিনিধি দলটো বাংলাদেশলৈ অহাৰ কথা আছিল৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশে চীনৰ  প্ৰতিনিধি দলটোৰ ভ্ৰমণত আপত্তি দৰ্শায়৷ ফলত চীনা প্ৰতিনিধি দলটোৰ বাংলাদেশ ভ্ৰমণ কাৰ্যসূচী স্থগিত ৰাখিব লগা হয়৷ মুঠৰ ওপৰত টাইৱানক লৈ চীনে কৰা আচৰণত  আমেৰিকা-ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট˜ এতিয়া অসন্তুষ্ট৷ ইয়াৰ পাছতো যদি চীনে একেধৰণৰ আচৰণ কৰি থাকে তেন্তে হয়তো যুদ্ধলৈ আৰু বেছি সময় নাথাকিব৷