Logo
image

চাৰি সন্তানৰ তিনিজন আইএএছ, এজন আইপিএছ

আমাৰ অসম, ৮ আগষ্টঃ এটা মধ্যবিত্ত পৰিয়াল৷ পিতৃ-মাতৃৰ চাৰিটা সন্তান৷ দুগৰাকী কন্যা আৰু দুজন ল’ৰা৷ চাৰি সন্তানৰ কৃতিত্বক লৈ পিতৃ-মাতৃৰ সুখৰ শেষ নাই৷ সামাজিক মাধ্যমত এই পৰিয়ালটোক লৈ এতিয়া চৰ্চা চলিছে৷ আন আন অভিভাৱকসকলেও নিজৰ পুত্ৰ-কন্যাক এই বিশেষ পৰিয়ালটোক উদাহৰণ হিচাবে ল’বলৈ পৰামৰ্শ আগবঢ়াবলৈ আৰম্ভ কৰিছে৷ পৰিয়ালটো উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ৷ এই বিশেষ পৰিয়ালটো এইবাবেই এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যে পিতৃ-মাতৃৰ চাৰি সন্তানৰ তিনিজনেই আইএএছ বিষয়া আৰু এজন আইপিএছ৷ দেশৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে এই চাৰি ভাই-ভনী৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ এই ‘বিশেষ’ পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান যোগেশ মিশ্ৰই ২০১৩ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়৷ ইয়াৰ দুটা বছৰৰ পাছত ২০১৫ চনত কন্যা মাধৱী মিশ্ৰও আইএএছ হয়৷ এবছৰৰ পাছত তৃতীয় সন্তান ক্ষমা মিশ্ৰইও ইউপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আইপিএছ হয়৷ ইয়াৰ পৰৱৰ্তী বছৰত অৰ্থাৎ ২০১৬ চনত কনিষ্ঠ পুত্ৰ লোকেশ মিশ্ৰয়ো আইএএছ লাভ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হয়৷ প্ৰতাপগড়ৰ এই চাৰি ভাই-ভনী এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে৷ উল্লেখ্য যে সৰুৰে পৰা অতি মেধাসম্পন্ন এই চাৰি ভাই-ভনীয়ে কিন্তু কোনো বিশেষ বিদ্যালয় বা নামজ্বলা মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা নাছিল৷ সাধাৰণ শিক্ষানুষ্ঠান আৰু মহাবিদ্যালয়ৰ পৰা লোৱা শিক্ষা আৰু নিজৰ মেধাৰেই তেওঁলোকে কৃতিত্ব অৰ্জন কৰি পিতৃ-মাতৃৰ নাম  উজ্বলাই তুলিবলৈ সক্ষম হৈছে৷