Logo
image

‘কা’ বলৱৎ কৰাটো ইমান সহজ নহয়

জানুৱাৰীৰ পৰা ‘কা’ বলৱৎ হ’ব বুলি বিজেপিৰ নেতাসকলে ঘোষণা কৰিছে যদিও এয়া ইমান সহজ কথা নহয়৷ কিয়নো, ‘কা’ৰ বৈধতা সম্পৰ্কীয় বিষয়টো এতিয়া সৰ্বোচ্ছ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ ‘কা’ৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত বহু আৱেদন কৰা হৈছে৷ এনে ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ে ততাতৈয়াকৈ কোনো এটা সিদ্ধান্তত উপনীত হৈ ৰায় প্ৰদান নকৰে বুলি আমাৰ বিশ্বাস আছে৷ যিহেতু এতিয়া সমগ্ৰ বিষয়টো উচ্ছতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, সেয়েহে তাত আমাৰ কৰিবলগীয়া একো নাই৷ আমি এতিয়া ৰাজপথত নামি যিমানেই ইয়াৰ বিৰোধ নকৰোঁ কিয়, তাত আমাৰ বিশেষ হাত নাই৷ এতিয়া কি কৰিব, সেয়া উচ্ছতম ন্যায়ালয়ৰ সিদ্ধান্ত৷ কিন্তু আমাৰ স্থিতি পূৰ্বৰ দৰেই আছে৷ আমি ‘কেব’ৰ বিৰোধিতা পূৰ্বৰ পৰাই কৰি আহিছোঁ৷ পাছত ই ‘কা’ত পৰিণত হ’ল যদিও আমি পূৰ্বৰ স্থিতিত অটল আছোঁ৷ আমি ‘কা’ কেতিয়াও সমৰ্থন নকৰোঁ আৰু সদায় ইয়াৰ বিৰোধিতা কৰি যাম৷ সম্প্ৰতি কৃষক আন্দোলনে দেশ-চৰকাৰ কঁপাই তুলিছে৷ কৃষকৰ আন্দোলনটো সম্পূৰ্ণ পৃথক৷ অসমৰ ৰাইজে ‘কা’ৰ বিৰোধ কৰি কৰা আন্দোলনৰ সৈতে ইয়াক ৰিজাব নোৱাৰি৷ ‘কেব’ৰ বিৰোধিতাত হোৱা আন্দোলন যোৱা ডিচেম্বৰত ভৰপক হৈছিল৷ সকলো ৰাইজ, ছাত্ৰ সমাজ, শিল্পী সমাজ এই আন্দোলনত জঁপিয়াই পৰিছিল৷ ছাত্ৰসকলে এই আন্দোলনক গতি প্ৰদান কৰিছিল৷ কিন্তু তাৰ পাছতেই জানুৱাৰী-ফেব্ৰুৱাৰীত পৰীক্ষাৰ ছিজন আৰম্ভ হ’ল৷ ছাত্ৰ সমাজে নিজৰ ভৱিষ্যৎ সম্পৰ্কে চিন্তা কৰিব লগা হ’ল৷ তাৰ পাছতেই আহিল কৰ’নাৰ পৰিৱেশ৷ ক’ভিড প্ৰট’কলৰ বাবে ৰাজপথৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰা হ’ল৷ ক’ভিড প্ৰট’কলে এই আন্দোলনটোক স্তিমিত কৰি পেলালে৷ সময়টো বৰ বেয়া আছিল বাবে আমাৰ এই আন্দোলনে সফলতা লাভ কৰিব নোৱাৰিলে৷ ক’ভিড প্ৰট’কল মানি ৰাজ্যৰ কোনো কোনো ঠাইত ‘কা’ৰ প্ৰতিবাদত আন্দোলন হয় যদিও সেই আন্দোলনে দিল্লী-দিছপুৰত প্ৰভাৱ বিস্তাৰ কৰাত ব্যৰ্থ হ’ল৷ এতিয়া যদি পুনৰ আন্দোলনৰ পৰিস্থিতি আহি পৰে, তেন্তে আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ৷ তেনেদৰে ৰাইজো প্ৰস্তুত হৈ থাকিব বুলি বিশ্বাস কৰোঁ৷ 

প্ৰস্তুতি পৰাশৰ