Logo
image

ত্ৰিৰংগাৰ বাবে চৰকাৰী ছেল্‌ফি পইণ্ট

আমাৰ অসম, ১১ আগষ্টঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমতো ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী আৰম্ভ কৰিছে৷ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাই সন্মান প্ৰদৰ্শনৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিঘৰ পৰিয়ালে ত্ৰিৰংগা পতাকা উৰুৱাই ৰখাৰ বাবে গাঁৱে গাঁৱে সুলভ মূল্যৰ দোকানতো উপলব্ধ কৰোৱাইছে পতাকা৷ অৱশ্যে ঠিকাদাৰী প্ৰতিষ্ঠানে যোগান ধৰা ত্ৰিৰংগা পতাকাৰ কোনো জোখ-মাখ নথকা আৰু ৰঙক লৈ বিতৰ্কৰ সৃষ্টি হ’লেও ৰাইজক ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে চৰকাৰ-প্ৰশাসনে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে৷ আৰক্ষী, জিলা প্ৰশাসনৰ লগতে বিভাগসমূহেও গাঁৱে-ভূঞে ত্ৰিৰংগা পতাকা লৈ সজাগতাৰ লক্ষ্যৰে সমদল কৰা পৰিলক্ষিত হৈছে৷ আনহাতে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ স্বৰ্ণিল মুহূৰ্তটো মোবাইলত ধৰি ৰখাৰ বাবে চৰকাৰীভাৱে ছেল্‌ফি পইণ্ট নিৰ্মাণ কৰা হৈছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসম সচিবালয়ৰ চৌহদত অস্থায়ীভাৱে ত্ৰিৰংগা ছেল্‌ফি পইণ্ট নিৰ্মাণ কৰিছে৷ একেদৰে প্ৰতিটো বিভাগৰ লগতে আৰক্ষীয়ে বিভিন্ন থানা তথা কাৰ্যালয়ৰ সন্মুখত এনে ছেল্‌ফি পইণ্ট নিৰ্মাণ কৰিছে৷ যাতে সকলো জাতীয় পতাকাখনক সন্মান জনাই মোবাইলত ছেল্‌ফি উঠি স্মৃতি যুগমীয়া কৰি ৰাখিব পাৰে৷ আটকধুনীয়াকৈ ৰং বিৰঙৰ বেলুনৰ আঁৰি নিৰ্মাণ কৰা ছেল্‌ফি পইণ্টত এতিয়া ফটো উঠিবলৈ বিভিন্ন বয়সৰ লোকে ভিৰ কৰাও পৰিলক্ষিত হৈছে৷