Logo
image

২০২৪ত মোদী বনাম নীতীশ!

অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে নীতীশৰ শপতগ্ৰহণ, বিত্তসহ তেজস্বী উপমুখ্যমন্ত্ৰী

আমাৰ অসম, ১১ আগষ্টঃ নৰেন্দ্ৰ মোদীক, অধিক সৰলীকৰণ কৰি ক’বলৈ হ’লে নৰেন্দ্ৰ মোদীৰ কাৰ্যকলাপক পূৰ্ণমাত্ৰাই অপচন্দ কৰে নীতীশ কুমাৰে৷ কোৱা বাহুল্য মাথোঁ, ২০১৪ত এনডিএৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নৰেন্দ্ৰ মোদীক প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত চৰম আপত্তি কৰিছিল তেতিয়াৰ এনডিএৰ অন্যতম জোটসংগী জেডি[ইউ]ৰ মুৰব্বী নীতীশ কুমাৰে৷ পৰৱৰ্তী সময়ত নীতীশ কুমাৰে এনডিএ ত্যাগ কৰাৰ মূল কাৰণো আছিল তেওঁৰ নৰেন্দ্ৰ মোদীৰ প্ৰতি প্ৰবল বিৰোধিতা৷ বুধবাৰে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে নীতীশ কুমাৰে নৰেন্দ্ৰ মোদীক কটাক্ষৰ চলেৰে আক্ৰমণ কৰিছে আৰু তাৰ লগে লগে চৰ্চা হৈছে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত মোদীৰ বিকল্প হিচাপে বিৰোধীৰ প্ৰাৰ্থীৰ ৰূপত তেওঁৰ নাম৷ মাথোঁ এদিন পূৰ্বে তেওঁ এনডিএৰ, নিৰ্দিষ্টভাৱে ক’বলৈ হ’লে বিজেপিৰ সংগ বিগত ৭ বছৰত দ্বিতীয়বাৰলৈ ত্যাগ কৰিছে আৰু মহাজোঁট বন্ধনত যোগদান কৰি মুখ্যমন্ত্ৰীৰ আসন অক্ষুন্ন ৰাখিছে৷ শপতগ্ৰহণৰ ঠিক পাছতে তেওঁ বিজেপিবিৰোধী আৰু  নৰেন্দ্ৰ মোদীক লৈ কৰা মন্তব্যই পূৰ্বৰ সেই তত্ব বা নৰেন্দ্ৰ মোদীৰ বিকল্প নীতীশ কুমাৰ বুলি সৃষ্টি হোৱা ধাৰণা প্ৰাসংগিক হৈ পৰিছে৷ শপতগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নীতীশ কুমাৰে ক’লে– ‘২০১৪ চনত যি ক্ষমতালৈ আহিছিল তেওঁ ২০২৪ত পুনৰ ক্ষমতালৈ আহিব পাৰিবনে? মই সকলো বিৰোধীকে ২০২৪ৰ বাবে একগোট হোৱাৰ আহ্বান জনাইছোঁ৷ মই অৱশ্যে তেনে কোনো পদবীৰ [প্ৰধানমন্ত্ৰী] প্ৰাৰ্থী বা প্ৰতিদ্বন্দ্বী নহওঁ৷’ উল্লেখ্য, নীতীশ কুমাৰৰ শপতগ্ৰহণৰ পূৰ্বে বিজেপিয়ে এইখন চৰকাৰ স্থায়ী নহ’ব বুলি মন্তব্য কৰিছিল আৰু নীতীশ কুমাৰেও দীৰ্ঘদিন ৰাজপাট খাব নোৱাৰিব বুলি কৈছিল৷ তাৰ প্ৰত্যুত্তৰত নীতীশ কুমাৰে নৰেন্দ্ৰ মোদী চৰকাৰক কটাক্ষ কৰি প্ৰত্যাক্ৰমণ কৰিলেও এই বক্তব্যই তেওঁক পুনৰ মোদীৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিষ্ঠা কৰিছে৷ তেওঁ কয়– বিজেপি বিহাৰৰ পৰৱৰ্তী নিৰ্বাচনত সেই স্থানলৈ নামি যাব, যি স্থানত তেওঁলোক ২০১৫ত আছিল৷

২০১৫ চনত যেতিয়া নীতীশ কুমাৰে বিজেপিৰ সংগ ত্যাগ কৰিছিল, তেতিয়াই ৰাজনৈতিক বিশ্লেষকে তেওঁক নৰেন্দ্ৰ মোদীৰ বিৰোধী জোঁটৰ ভৱিষ্যত প্ৰতিদ্বন্দ্বী হিচাপে বৰ্ণনা কৰিছিল৷ আনকি ২০১৭ চনত পুনৰ বিজেপিৰ সৈতে বন্ধুত্ব কৰি এনডিএত যোগদান কৰাৰ সময়তো নীতীশ কুমাৰক প্ৰশ্ন কৰা হৈছিল– ভৱিষ্যতে তেওঁ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ নেকি? নীতীশ কুমাৰে বিনয়েৰে কৈছিল যে, তেওঁৰ দৰে  সৰু-সুৰা দল কৰা ৰাজনীতিক প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে, মুখ্যমন্ত্ৰীয়েই সৰ্বোচ্ছ পদ৷ পিছে দুৰ্নীতিশূন্য চৰকাৰ চলোৱাৰ বাবে সুখ্যাতি অৰ্জন কৰা নীতীশ কুমাৰৰ ৰাজনৈতিক জীৱন অতি স্বচ্ছ৷ একাধিকবাৰ জোঁট সংগী সালসলনি কৰাৰ বাহিৰে তেওঁৰ বিৰুদ্ধে কোনো ৰাজনৈতিক অভিযোগ, বিতৰ্ক নাই৷ সেই নীতীশ কুমাৰে বিজেপিৰ সংগ ত্যাগ কৰাৰ পিছদিনাই যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আক্ৰমণসূচক মন্তব্য কৰিলে, তেতিয়া স্বাভাৱিকভাৱেই সংবাদ মাধ্যম আৰু ৰাজনৈতিক বিশ্লেষকে নীতীশ কুমাৰক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় কৰিছে৷ কিয়নো কেন্দ্ৰত বিজেপিৰ দ্বিতীয়টো কাৰ্যকাল উকলিবলৈ ডেৰ বছৰ সময় বাকী থকা অৱস্থাত এতিয়াও দেশৰ সকলো বিৰোধী দল একগোট নহয় আৰু তেওঁলোকৰ কোনো সৰ্বসন্মত প্ৰাৰ্থী নাই৷ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মমতা বেনাৰ্জী সকলোৰে বিশ্বাসযোগ্য নহয় আৰু ৰাহুল গান্ধী গ্ৰহণযোগ্য নহয়৷ দক্ষিণ ভাৰত আৰু পশ্চিম ভাৰততো তেনে কোনো শক্তিশালী নেতা নাই, যি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে থিয় হ’ব পাৰে৷ এনে পৰিস্থিতিত বিজেপিৰ বিৰোধিতা কৰি সংগত্যাগ কৰা নীতীশ কুমাৰ পৰৱৰ্তী নিৰ্বাচনত বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ অৱশ্যে ৰাজনৈতিক বিশে¡ষক আৰু মিডিয়াৰ বাহিৰে এই সন্দৰ্ভত আজিয়েই কোনো বিৰোধী দলে মন্তব্য আগবঢ়োৱা নাই৷ কিন্তু বিহাৰৰ ৰাজনৈতিক গতি যিদৰে আগবাঢ়িছে, পূব ভাৰতত যিদৰে ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছে, ২০২৪ত সেয়া সম্ভৱ হৈ উঠিবও পাৰে৷

ইপিনে বুধবাৰে নীতীশ কুমাৰে মুখ্যমন্ত্ৰী আৰু লালুপ্ৰসাদ যাদবৰ পুত্ৰ তেজস্বী যাদবে উপ-মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ বাহিৰে আন কোনেও আজি শপতগ্ৰহণ কৰা নাই৷ ৭টা ৰাজনৈতিক দলৰ মহাজোঁটবন্ধনৰ মাজত আলোচনাৰ অন্তত ১৫ আগষ্টৰ পাছতহে নীতীশ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব৷ প্ৰাথমিক আলোচনা অনুসৰি ৭৯ বিধায়ক থকা আৰ জে ডিয়ে ২০, ৪৫ বিধায়ক থকা জে ডি[ইউ] দলে ১৩ আৰু ১৯ বিধায়ক থকা কংগ্ৰেছে ৪টা মন্ত্ৰিত্ব লাভ কৰিব৷ লালুপ্ৰসাদ যাদবৰ জ্যেষ্ঠ পুত্ৰ তেজপ্ৰতাপে কেবিনেট মন্ত্ৰিত্ব পোৱাতো খাটাং৷ আৰ জে ডিয়ে চৰকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত নীতীশ কুমাৰক মুখ্যমন্ত্ৰীৰ আসন এৰি দিলেও তেওঁলোকে বিত্ত বিভাগ নিজৰ হাতত ৰাখিব বুলি নিশ্চিত কৰিছে৷ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিত্ত দপ্তৰৰ দায়িত্ব লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ আনহাতে কংগ্ৰেছ দলৰ মন্ত্ৰীৰ সংখ্যা আৰু বিভাগৰ বিষয়ে স্বয়ং নীতীশ কুমাৰে অচিৰেই ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে দিল্লীত মুখামুখিকৈ আলোচনা কৰিব৷ ইপিনে বুধবাৰে নীতীশ কুমাৰে লালুপ্ৰসাদ যাদবৰ সৈতে শপতগ্ৰহণৰ পূৰ্বে টেলিফোনত বিশদ আলোচনা কৰে৷ পশুখাদ্য কেলেংকাৰিত কাৰাবন্দী লালুপ্ৰসাদ যাদব সম্প্ৰতি পাটনাৰ এখন নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে৷