Logo
image

‘কোটিটকীয়া’ ফোন-টেপিঙেই ভাঙি দিলে বিজেপি-নীতীশৰ মধুচন্দ্ৰিকা

আমাৰ অসম, ১১ আগষ্টঃ চাৰিৰ পৰা ছটা কোটি টকীয়া টোপৰ ফোন টেপিঙেই ভাঙিলে বিজেপি আৰু নীতীশ কুমাৰৰ মধুচন্দ্ৰিকা৷ একেটা জোঁটত থাকি বিহাৰত ৰাজ্য শাসন কৰি থাকিলেও বিজেপিয়ে নীতীশ কুমাৰক  উৎখাত কৰি নিজাববীয়াকৈ চৰকাৰ গঠনৰ বাবে কৰা পৰিকল্পনাৰ ফলতে আচম্বিতে ভাগি গ’ল জেডি [ইউ] আৰু বিজেপিৰ চৰকাৰ৷ মহাৰাষ্ট্ৰৰ দৰে বিহাৰতো বিজেপিয়ে নীতীশ কুমাৰ আৰু কংগ্ৰেছৰ বিধায়ক ধনৰ বিনিময়ত ভাঙি আনি নিজাববীয়াকৈ চৰকাৰ গঠন কৰিবলৈ পৰিকল্পনা কৰিছিল৷ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে নীতীশ কুমাৰৰ জেডি [ইউ]ৰ বিধায়কলৈ কোটি টকাৰ টোপ আগবঢ়াইছিল৷ দল ভাঙি ওলাই অহাৰ বিনিময়ত কোটি টকা আৰু বিজেপিৰ নিজস্ব চৰকাৰত মন্ত্ৰিত্ব প্ৰদানৰ টোপ আগঢ়াই একাংশ বিধায়কক জেডি [ইউ]ৰ পৰা আঁতৰাই অনাৰ চেষ্টা চলাইছিল বিজেপিয়ে৷ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে জেডি [ইউ]ৰ বিধায়কলৈ কোটি টকা আৰু মন্ত্ৰিত্বৰ টোপ দি কৰা টেলিফোন ৰেকৰ্ডিং মুখ্যমন্ত্ৰী নীতীশ কুমাৰৰ হাতত পৰাৰ পাছতে তেওঁ বিজেপিৰ সংগ ত্যাগ কৰিবলৈ কালবিলম্ব নকৰিলে৷ মঙলবাৰে জেডি [ইউ]ৰ সকলো বিধায়ক, সাংসদ আৰু শীৰ্ষ নেতাৰ উপস্থিতিত নীতীশ কুমাৰে যেতিয়া তেওঁৰ সিদ্ধান্তৰ বিষয়ে সন্মতি ল’বলৈ এখন বৈঠক আহ্বান জনাইিছল, সেই বৈঠকতে তেওঁ বিধায়কলৈ টোপ আগবঢ়োৱা কেন্দ্ৰীয় মন্ত্ৰীৰ টেলিফোন টেপিঙৰ সবিশেষ প্ৰকাশ কৰিছিল৷ কেৱল জনোৱাই নহয়, সেই বৈঠকত কমেও চাৰিটাৰ পৰা ছটা টেলিফোন ৰেকৰ্ডিং বিধায়ক, সাংসদ আৰু দলৰ শীৰ্ষ নেতাৰ সন্মুখত বজাই শুনোৱা হৈছিল৷ সেই ৰেকৰ্ডিঙত স্পষ্টভাৱে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁৰ পৰিচিত জেডি [ইউ]ৰ বিধায়কক কোটি টকাৰ টোপ দিছিল৷ তদুপৰি দল ভাঙি ওলাই আহিলে বিজেপিয়ে নতুনকৈ গঠন কৰিবলগীয়া মন্ত্ৰীসভাত তেওঁৰ স্থান নিশ্চিত বুলিও টোপ দিছিল৷ সেই ফোনৰ টেপিং শুনাৰ পাছতে জেডি [ইউ]ৰ বিধায়ক, সাংসদ আৰু শীৰ্ষ নেতাই ততালিকে এনডিএ অৰ্থাৎ বিজেপি সংগ ত্যাগ কৰি ওলাই আহিবলৈ নীতীশ কুমাৰক পৰামৰ্শ দিছিল৷ তাৰ পাছতে নীতীশ কুমাৰে পদত্যাগৰ সিদ্ধান্ত লৈ বিজেপিৰ সংগ ত্যাগ কৰে আৰু ইতিপূৰ্বে আৰজেডিৰ সৈতে হোৱা আলোচনা মৰ্মে সাতটা দলৰ মহাজোঁটবন্ধন চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এতিয়ালৈকে জেডি [ইউ]ৰ পক্ষৰ পৰা কোন কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁলোকৰ দলৰ বিধায়কলৈ টোপ দি ফোন কৰিছিল সেই নাম প্ৰকাশ কৰা নাই৷ বিজেপিক চাপত ৰাখিবলৈকে এই পৰ্যন্ত নীতীশ কুমাৰে সেই কোটিটকীয়া টেপৰ বিষয়ে আৰু টোপ আগবঢ়োৱা কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত আছে৷ সেই নাম ৰাজহুৱা হৈ পৰিলে স্বাভাৱিকতে ভয়ংকৰ বদনামৰ সন্মুখীন হ’ব নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ নেতৃত্বাধীন বিজেপি৷ এই পৰ্যন্ত বিজেপি আৰু দলটোৰ কেন্দ্ৰীয় নেতৃত্বই নীতীশ কুমাৰৰ এন ডি এ ত্যাগ কৰা সন্দৰ্ভত গভীৰ আৰু আক্ৰমণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷ নীতীশ কুমাৰকো বিজেপিয়ে তীব্ৰভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাই৷ চৰ্চা হৈছে, নীতীশ কুমাৰৰ হাতত থকা কেন্দ্ৰীয় মন্ত্ৰীৰ সেই কোটি টকীয়া ফোন টেপিঙৰ বাবে বিজেপিয়ে নিজকে সংযত কৰি ৰাখিবলৈ বাধ্য হৈছে৷ অন্যথা সদা আক্ৰমণাত্মক বিজেপিয়ে নীতীশ কুমাৰক এই সিদ্ধান্তৰ বিৰুদ্ধে উপৰ্যুপৰি আক্ৰমণ হানিলেহেঁতেন বুলি চৰ্চা হৈছে৷ পূৰ্বেও বিজেপিয়ে কোনো সতীৰ্থই দলত্যাগ কৰিলে তেওঁক সহজে এৰি দিয়াৰ  উদাহৰণ নাই৷ মহাৰাষ্ট্ৰত যেতিয়া শিৱসেনাৰ উদ্ধৱ থাকৰেই বিজেপিৰ সংগ ত্যাগ কৰি এন চি পি আৰু কংগ্ৰেছৰ সৈতে চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছিল তেতিয়া বিজেপিয়ে উদ্ধৱ থাকৰেক সমালোচনাৰে থকা-সৰকা কৰিছিল৷ পৰৱৰ্তী সময়তো বিজেপিয়ে উদ্ধৱ থাকৰে আৰু তেওঁৰ চৰকাৰক সুখেৰে থাকিবলৈ দিয়া নাছিল৷ উপৰ্যুপৰি ই ডি আৰু চি বি আইক ব্যৱহাৰ কৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই শিৱসেনা, এন চি পি আৰু কংগ্ৰেছৰ বিধায়কসকলক আতংকিত কৰি তুলিছিল৷ সেই আতংকৰ ফলতে অৱশেষত শিৱসেনাৰ পৰা বিশাল সংখ্যাত বিধায়ক দল এৰি ওলাই আহিল আৰু উদ্ধৱ থাকৰেৰ চৰকাৰৰ পতন ঘটিল৷ জেডি [ইউ]ৰ শীৰ্ষ নেতাৰ দাবী, বিজেপিয়ে নীতীশ কুমাৰৰ দল ভাঙি বিহাৰত এককভাৱে শাসন চলাবলৈ পৰিকল্পনা কৰিছিল৷ যিদৰে এতিয়া বিজেপিয়ে ঝাৰখণ্ডৰ অ-বিজেপি চৰকাৰ ভঙাৰ বাবে বৃহৎ পৰিকল্পনা হাতত লৈছে থিক সেইদৰে নীতীশ  কুমাৰক আঁতৰাই বিহাৰতো বিজেপিৰ একক চৰকাৰ গঠন কৰিবলৈ পৰিকল্পনা কৰা বুলি জেডি [ইউ] দলে মুকলি অভিযোগ উত্থাপন কৰিছে৷ বিজেপিৰ সৈতে একেলগে থকা হ’লে সম্ভৱতঃ নীতীশ কুমাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ’লহেঁতেন৷ নীতীশ কুমাৰৰ সৈতে পুনৰ জোঁট বন্ধা আৰজেডিৰ নেতা, লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱেও একে অভিযোগ উত্থাপন কৰিছে৷ বুধবাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা তেজস্বী যাদৱে কয় যে, যিটো দলৰ সৈতে থাকে বিজেপিয়ে সেই দলটোকে নিঃশেষ কৰি পেলায়৷ তেওঁ কয়–‘বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই অলপতে পাটনাত দলৰ বৃহৎ সভাৰ আয়োজন কৰি কৈছিল, তেওঁলোকে সকলো আঞ্চলিক ৰাজনৈতিক দলক নিঃশেষ কৰি দিব৷ সেই দিনাও তেওঁলোক জেডি [ইউ]ৰ সৈতে একেখন চৰকাৰতে আছিল৷ তেওঁৰ বক্তব্যৰ অৰ্থ কেৱল বিৰোধী আঞ্চলিক দলক শেষ কৰাই নহয়, একেলগে চৰকাৰত থকা দলকো নিঃশেষ কৰিব বুলি দলীয় কৰ্মকৰ্তাক জনাই দিছিল৷ বিজেপিয়ে তেওঁলোকৰ সংগী দলক নিঃশেষ কৰি পেলোৱাৰ উদাহৰণ মহাৰাষ্ট্ৰ, অসমত আছে৷ বিহাৰতো তেওঁলোকে জেডি [ইউ] দলক চেপি-খুন্দি শেষ কৰি আনিছিল৷ ২০১০ চনত জেডি [ইউ] দলে ১১৭ খন আসন লাভ কৰিছিল৷ ২০১৫ চনত জেডি [ইউ] দলৰ আসন ৭২ খনলৈ আৰু ২০২০ চনত আসনসংখ্যা ৪৫ খনলৈ হ্ৰাস হয়৷ ইয়াৰে দুবাৰ জেডি [ইউ] বিজেপিৰ সংগী হৈ আছিল৷ এই পৰিসংখ্যাই বিজেপিৰ আগ্ৰাসী মনোভাৱ আৰু সংগীত দলৰ প্ৰতি গোপনে কৰা বৈৰীতা প্ৰতীয়মান কৰে৷’ 

ইপিনে কংগ্ৰেছ দলৰ আগশাৰীৰ নেতা জয়ৰাম ৰমেশে নীতীশ কুমাৰৰ এই সালসলনিক তেনেই সু-সভ্য পদক্ষেপ আৰু কম খৰচী বুলি অভিহিত কৰিছে৷ সেই প্ৰসংগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো নাম হৈছে৷ দেশত শেহতীয়াকৈ সংঘটিত এনেধৰণৰ কেইবাটাও ৰাজনৈতিক  অভ্যুত্থানৰ কথা উল্লেখ কৰি জয়ৰাম ৰমেশে কয়– ‘দেশত চলি থকা একাধিক ৰাজনৈতিক অভ্যুত্থানৰ সৈতে বিহাৰৰ পাৰ্থক্য আছে৷ বিহাৰত কোনো নগদ ধনৰ লেনদেন নহ’ল৷ ইডিৰ কোনো তালাচী দেখা নহ’ল৷ অসমৰ মুখ্যমন্ত্ৰীয়েও এই ঘটনাত মূৰ সুমোৱাব নোৱাৰিলে৷ অতি সভ্যভাৱে নীতীশ কুমাৰে বিহাৰৰ ৰাজনৈতিক পটপৰিৱৰ্তন সম্ভৱ কৰি তুলিলে৷ দেশত এতিয়া ইমান সহজে ৰাজনৈতিক পটপৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়৷ মহাৰাষ্ট্ৰত চৰকাৰ সলনি কৰিবলৈ বিজেপিয়ে শিৱসেনাৰ বিধায়কক প্ৰথমে ছুৰাতলৈ আৰু তাৰ পাছত দীঘলীয়াকৈ অসমলৈ নি ৰিজৰ্টত ৰাখিছিল৷ সেই ঘটনাক্ৰমত ৰিজৰ্ট পলিটিক্স আৰু হৰ্চ ট্ৰেডিঙৰ উচ্ছ মাত্ৰাত আদান-প্ৰদান ঘটিছিল৷ ঝাৰখণ্ডতো মহাৰাষ্ট্ৰৰ দৰে ঘটনা সংঘটিত কৰিবলৈ বিজেপিয়ে অভিযান আৰম্ভ কৰাৰ বিষয়ে দেশবাসীয়ে জানিব পাৰিছে৷ ঝাৰখণ্ডৰ ঘটনাক্ৰমো মহাৰাষ্ট্ৰৰ দৰেই হ’ব৷ বিশাল নগদ ধন, ঘোঁৰা কিনা বেচা, ৰিজৰ্ট পলিটিক্স সকলো দেখা যাব৷ পিছে বিজেপিৰ গোপন পৰিকল্পনাৰ মাজতে নীতীশ কুমাৰে যিমান সহজভাৱে সেই কাম সম্পাদন কৰিলে সেয়া বিহাৰৰ ক্ষেত্ৰতে সম্ভৱ আৰু বিহাৰৰ দৰে বৈশিষ্ট্যপূৰ্ণ৷  বিজেপিয়ে নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰিব নোৱাৰিলে৷ সেয়ে তেওঁলোক এতিয়া নিশ্চুপ হৈ আছে৷ কিন্তু বেছিদিনলৈ বিজেপি মনে মনে বহি নাথাকিব৷ তেওঁলোকে এতিয়াৰে পৰা বিহাৰৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ইডি, চিবিআইক লগাব৷ নতুন নতুন কেলেংকাৰিৰ অভিযোগ উত্থাপিত হ’ব৷ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে নীতীশ কুমাৰৰ চৰকাৰখন ভাঙিবলৈ তেওঁলোকে পূৰ্ণ প্ৰচেষ্টা চলাব৷ অহা তিনি বছৰত বিহাৰত বিজেপিৰ এই অভিযান সকলোৱেই স্বচক্ষে দেখিবলৈ পাব৷’