Logo
image

আয়ুৰ্বেদিক চিকিৎসকে অপাৰেশ্বন কৰাত বাধা ক’ত

... বছৰত কোটি কোটি টকাৰ আয়ুৰ্বেদিক ঔষধ এলোপেথিক চিকিৎসকৰ ‘প্ৰেছক্ৰিপশ্বন’ মতে বিক্ৰী হয়৷ তাক লৈ আয়ুৰ্বেদিক চিকিৎসকৰ কোনো ক্ষোভ নাই৷ দিল্লীস্থিত এইম্‌ছ হাস্পতালত আয়ুৰ্বেদিক শল্যকৰ্ম ‘ক্ষাৰসূত্ৰৰ অপাৰেশ্বন’ কৰাক লৈ আয়ুৰ্বেদিক শল্য চিকিৎসক ৰাস্তাত নমা নাই৷ এলোপেথিক চিকিৎসকে ‘প্লাষ্টিক ছাৰ্জাৰী’ কৰিব নোৱাৰিব বুলি কোনেও ক’তো আন্দোলন কৰা নাই৷ কাৰণ কথাটো জনকল্যাণৰ৷ য’ত জনকল্যাণৰ কথা আহে, তাত ব্যক্তিগত স্বাৰ্থৰ কথা নাহে ...

১৯ নৱেম্বৰত জাৰি কৰা এক চৰকাৰী অধিসূচনা মতে আয়ুৰ্বেদিক শল্য চিকিৎসা আৰু শালাক্য চিকিৎসা বিভাগৰ স্নাতকোত্তৰ [বিশেষজ্ঞ] চিকিৎসকক স্বতন্ত্ৰভাৱে অপাৰেশ্বন কৰাৰ অধিকাৰ প্ৰদান কৰিছে৷ এই অধিসূচনা মতে ৫৮বিধ অপাৰেশ্বন নিৰ্ধাৰিত কৰি দিছে, যিখিনি অপাৰেশ্বন এই শল্য আৰু শালাক্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চিকিৎসকে স্বতন্ত্ৰভাৱে কৰিব পাৰিব৷ এই সিদ্ধান্তক লৈ একাংশ এলোপেথিক চিকিৎসক অসন্তুষ্ট হৈছে আৰু ৰাস্তাত নমাৰ ভাবুকি দিছে৷ এতিয়া কথা হ’ল–আয়ুৰ্বেদিক পাঠ্যক্ৰম কি? আয়ুৰ্বেদিক চিকিৎসাৰ লগত শল্য চিকিৎসা কিদৰে জড়িত? নিৰ্ধাৰিত ৫৮বিধ অপাৰেশ্বন কি? আৰু একাংশ এলোপেথিক চিকিৎসকৰ অসন্তুষ্টি আৰু হৰতালৰ ভাবুকিৰ কাৰণ কি? এই সিদ্ধান্ত সমাজৰ বাবে ক্ষতিকাৰক নে হিতকাৰক?

আয়ুৰ্বেদিক পাঠ্যক্ৰম

এই পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীসকলক নিৰ্বাচন কৰা হয় এন ই ই টিৰ যোগেদি, যিটো পৰীক্ষাৰ যোগেদি এম বি বি এছ শিক্ষাৰ্থীকো নিৰ্বাচিত কৰা হয়৷ উচ্ছতৰ মাধ্যমিক বিজ্ঞান শাখাত ৯০ শতাংশৰো বেছি নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰী এই চিকিৎসা বিজ্ঞান পঢ়িবলৈ আহে৷ ই চাৰে পাঁচ বছৰীয়া এটা স্নাতক পাঠ্যক্ৰম, যাক কোৱা হয় বি এ এম এছ [Bachelor of Ayurveda Medicine and Surgery]৷ ইয়াত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত আন এটা সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ [AIA PGET] দ্বাৰা শল্য আৰু অন্যান্য স্নাতকোত্তৰ বিভাগত নামভৰ্তি কৰা হয়৷ য’ত খুব কমসংখ্যক চিকিৎসকেহে যোগ্যতা অৰ্জন কৰি নামভৰ্তি কৰিবলৈ  সক্ষম হয়৷ তিনি বছৰীয়া এই পাঠ্যক্ৰমটোত [MS- Master of Surgery] ছাৰ্জাৰীৰ সম্পূৰ্ণ পুথিগত আৰু ব্যৱহাৰিক, শল্যকৰ্ম, জৰুৰীকালীন প্ৰশিক্ষণ আদি দিয়া হয়৷ লক্ষণীয় যে এই সময়সীমা MBBত্ৰ-MS পাঠ্যক্ৰমৰ সময়সীমাৰ লগত একে৷

আয়ুৰ্বেদ আৰু শল্য চিকিৎসা

শল্য [Surgery] আৰু শালাক্য [ENT] বিভাগ আয়ুৰ্বেদিক মহাবিদ্যালয়সমূহত থকা ১৪টা বিভাগৰ দুটা বিভাগ৷ আয়ুৰ্বেদত শল্য চিকিৎসাৰ আৰম্ভণি আজিৰ পৰা তিনি হাজাৰ বছৰ পুৰণি৷ প্লাষ্টিক ছাৰ্জাৰীৰ পৰা আৰম্ভ কৰি কেটাৰেক্ট ছাৰ্জাৰীলৈকে প্ৰায় তিনিশবিধ অপাৰেশ্বন পদ্ধতি, শৱদেহ প্ৰচ্ছেদন প্ৰক্ৰিয়া, ৪০প্ৰকাৰৰ ব্ৰণ পৰিচৰ্চা, ভগ্ন চিকিৎসা, ১২১ প্ৰকাৰৰ ছাৰ্জিকেল ইন¸ষ্ট্ৰুমেণ্ট, চিলাই কৰাৰ পদ্ধতি আৰু প্ৰয়োজনীয় উপাদান, ৬০০প্ৰকাৰৰ ঔষধ, ৭২ প্ৰকাৰৰ চকু, ডিঙি, নাকৰ ৰোগ আৰু ইয়াৰ চিকিৎসা, ৪০০প্ৰকাৰৰ শল্যগত ৰোগ আৰু ইয়াৰ চিকিৎসাৰ জ্ঞান প্ৰথম পৃথিৱীক উপহাৰ দিছে আয়ুৰ্বেদে৷ অপাৰেশ্বন থিয়েটাৰ আৰু ব্ৰণাগাৰৰ [post operative care ward] বিষয়ে প্ৰথম ধাৰণা দিছে আয়ুৰ্বেদে৷ ইয়াৰ সকলো প্ৰামাণিক লিখিত তথ্য সুশ্ৰুত সংহিতাত উপলব্ধ৷ উল্লেখিত তথ্যখিনি সুশ্ৰুত সংহিতাৰ সামান্য অংশহে৷ সেয়েহে সুশ্ৰুতক প্লাষ্টিক ছাৰ্জাৰী আৰু ভাৰতীয় শল্য চিকিৎসাৰ জনক বুলি বিশ্বতে জনা যায়৷ আধুনিক শল্য চিকিৎসা বিজ্ঞান আয়ুৰ্বেদৰ সুশ্ৰুত সংহিতা আধাৰিত, সেয়া কোনেও নুই কৰিব নোৱাৰে৷

চৰকাৰে অনুমোদন দিয়া ৫৮প্ৰকাৰৰ শল্যকৰ্মসমূহ কি কি? আচলতে এয়া সেইখিনি শল্য ক্ৰিয়া, যি আয়ুৰ্বেদ শল্য-শালাক্য পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আৰু ইমানদিনে আয়ুৰ্বেদিক চিকিৎসকে এই অপাৰেশ্বনসমূহ কৰি আহিছে৷ যাৰ বৰ্ণনা ইতিপূৰ্বে উল্লেখ কৰা সুশ্ৰুত সংহিতাত উপলব্ধ৷ ইয়াত লঘু শল্য ক্ৰিয়া আৰু মধ্যমীয়া শল্য ক্ৰিয়া অন্তৰ্ভুক্ত হৈছে৷ ছুপাৰ স্পেচিয়েলিটী ছাৰ্জাৰী– যেনে, নিউৰ’ছাৰ্জাৰী, কাৰ্ডিয়াক ছাৰ্জাৰী আদি ইয়াত অন্তৰ্ভুক্ত হোৱা নাই৷

সমাজৰ বাবে এই সিদ্ধান্ত হিতকাৰক নে অনিষ্টকাৰক?

পৰিসংখ্যা মতে ভাৰতৰ ৯৫ শতাংশ আই চি ইউ মেনেজমেণ্ট কৰি আছে আয়ুৰ্বেদিক চিকিৎসকে৷ ভাৰতৰ অন্য ঠাইৰ কথা বাদেই দিলোঁ, গুৱাহাটীৰ প্ৰত্যেকখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু নাৰ্ছিং হোমত ইমাৰ্জেঞ্চীকে ধৰি সকলো বিভাগত দক্ষতাৰে কাম কৰি আছে আয়ুৰ্বেদিক চিকিৎসকে৷ প্ৰত্যেকখন গাঁও, চহৰ, মহানগৰত চিকিৎসা সেৱা আগবঢ়াই আছে হাজাৰ হাজাৰ আয়ুৰ্বেদিক চিকিৎসকে৷ ক’ভিড মহামাৰীৰ সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়োৱা চিকিৎসকৰ আধাতকৈও বেছিসংখ্যক আয়ুৰ্বেদিক চিকিৎসক৷ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পতালত দৈনিক শ শ ৰোগীক আৰোগ্য কৰি তুলিছে আয়ুৰ্বেদিক চিকিৎসকে৷ বছৰত হাজাৰৰ অধিক ইয়াত অপাৰেশ্বন কৰা হয়৷ এয়া মাত্ৰ এখন হাস্পতালৰ তথ্য৷ আনহাতে, ভাৰতত জনসংখ্যা অনুপাতে থাকিবলগীয়া ১০০জন শল্য চিকিৎসকৰ সলনি আছে মাত্ৰ ২০জন চিকিৎসক৷ যাৰ বাবে বহু লোকে ভণ্ড চিকিৎসকৰ ওচৰ চাপে বা সুচিকিৎসা লাভ নকৰাকৈয়ে প্ৰাণ হেৰুৱায়৷ এই সংখ্যাটো অনুন্নত অঞ্চলসমূহত আৰু বেছি পুতৌজনক৷ গতিকে এই সিদ্ধান্ত সমাজৰ বাবে হিতকাৰক নে অনিষ্টকাৰক, সেই সিদ্ধান্ত সমাজকে ল’বলৈ দিয়ক৷

একাংশ এলোপেথিক চিকিৎসকৰ বিদ্ৰোহ, মিক্স’পেথী ইত্যাদি

পৃথিৱীখন হ’ল ‘যোগ্য ভোগ্য বসুন্ধৰা’ৰ বাবে৷ য’ত চাহিদা থাকে, তাতেই যোগান থাকিব৷ আয়ুৰ্বেদিক চিকিৎসকৰ সেৱা যদি জনসাধাৰণে ভাল পায়, তেন্তে মানুহে বিচাৰিব৷ যদি ভাল নাপায়, তেন্তে নিবিচাৰে৷ তাতে একাংশ চিকিৎসকৰ নিজৰ ভাত মৰা যাব বুলি ভবাৰ যুক্তি ক’ত? 

বছৰত কোটি কোটি টকাৰ আয়ুৰ্বেদিক ঔষধ এলোপেথিক চিকিৎসকৰ ‘প্ৰেছক্ৰিপশ্বন’ মতে বিক্ৰী হয়৷ তাক লৈ আয়ুৰ্বেদিক চিকিৎসকৰ কোনো ক্ষোভ নাই৷ দিল্লীস্থিত এইম্‌ছ হাস্পতালত আয়ুৰ্বেদিক শল্যকৰ্ম ‘ক্ষাৰসূত্ৰৰ অপাৰেশ্বন’ কৰাক লৈ আয়ুৰ্বেদিক শল্য চিকিৎসক ৰাস্তাত নমা নাই৷ এলোপেথিক চিকিৎসকে ‘প্লাষ্টিক ছাৰ্জাৰী’ কৰিব নোৱাৰিব বুলি কোনেও ক’তো আন্দোলন কৰা নাই৷ কাৰণ কথাটো জনকল্যাণৰ৷ য’ত জনকল্যাণৰ কথা আহে, তাত ব্যক্তিগত স্বাৰ্থৰ কথা নাহে৷

মিক্স’পেথী কি?

মিক্স’পেথী শব্দটোৰ আৱিষ্কাৰকো সেই একেখিনি চিকিৎসক৷ চৰকাৰী অধিসূচনাত ক’তো মিক্স’পেথী শব্দৰ প্ৰয়োগ কৰা নাই৷ মাত্ৰ নিটি আয়োগে বিশেষজ্ঞ কমিটী গঠন কৰি এইটো পৰীক্ষা কৰিবলৈ দিছে যে দেশৰ জনস্বাৰ্থৰ উন্নতিত ভৱিষ্যতে ইণ্টিগ্ৰেটেড মেডিকেল ট্ৰীটমেণ্টৰ সম্ভাৱনীয়তা আছে নেকি? উল্লেখ্য যে ইণ্টিগ্ৰেটেড মেডিকেল ট্ৰীটমেণ্ট পদ্ধতি হৈছে একাধিক চিকিৎসা পদ্ধতিক একেলগে প্ৰয়োগ কৰি কঠিন ৰোগৰ পৰা ৰোগীক সোনকালে আৰু সহজে আৰোগ্য কৰা৷ দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান ‘মেডান্ত দ্য মেডিচিটী’ ইয়াৰ উৎকৃষ্ট উদাহৰণ– য’ত কৰ্কট ৰোগ, হৃদৰোগ আদি কঠিন ৰোগত প্ৰচলিত চিকিৎসাৰ লগত আয়ুৰ্বেদ চিকিৎসা প্ৰয়োগ কৰি সফলতা অৰ্জন কৰিছে আৰু বিশ্বত দৃষ্টান্ত দাঙি ধৰিছে৷ অধিসূচনাত উল্লেখ কৰা অপাৰেশ্বনসমূহৰ নামৰ ওপৰত উঠা আপত্তি সন্দৰ্ভত কওঁ যে ইয়াত অকল সুশ্ৰুত উদ্ধৃত আয়ুৰ্বেদিক শব্দবোৰৰ ইংৰাজী প্ৰতিশব্দবোৰ উল্লেখ কৰা হৈছে৷ এই ইংৰাজী শব্দবোৰৰ ওপৰত নিজৰ একচেটিয়া অধিকাৰ থকা বুলি একাংশ এলোপেথিক চিকিৎসকে ভবাটো অনুচিত৷ এই শব্দবোৰ আহিছে পৃথিৱীৰ বিভিন্ন ভাষাৰ পৰা৷ কিছুমান লেটিন, কিছুমান  গ্ৰীক, কিছুমান আৰবিক  আৰু কিছুমান সংস্কৃত৷ গতিকে মিক্স’পেথী আদি অদ্ভুত শব্দ সৃষ্টি কৰি বিভ্ৰান্তিৰ চেষ্টা কৰিব বিচৰাটো দুৰ্ভাগ্যজনক৷

প্ৰশ্ন হ’ব পাৰে– অন্য কোনো চিকিৎসা বিভাগ যেনে, হোমিঅ’পেথী আদিক শল্যকৰ্মৰ অনুমতি দিয়া হৈছে নেকি?

উত্তৰত ক’ লাগিব যে  নাই দিয়া৷ হোমিঅ’পেথী বাদেই দিয়ক, খোদ আয়ুৰ্বেদিক চিকিৎসক [BAMS] আৰু অন্য বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আয়ুৰ্বেদিক চিকিৎসক [MD-Medicine] ইত্যাদিৰ বাবেও এই অধিসূচনা প্ৰযোজ্য নহয়৷ অকল শল্য-শালাক্য বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী আয়ুৰ্বেদিক চিকিৎসকেহে [MS-Surgery] এইসমূহ অপাৰেশ্বন কৰিব পাৰিব৷ ইয়াক লৈও বিভিন্ন মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অপচেষ্টা দেখা গৈছে৷

আয়ুৰ্বেদত অস্ত্ৰোপচাৰৰ পূৰ্বে সংজ্ঞাহীন কৰাৰ পদ্ধতি নাই নেকি?

সংজ্ঞাহীন কৰা বিষয়ত আয়ুৰ্বেদিকৰ নিজা স্নাতকোত্তৰ পাঠ্যক্ৰম আছে আৰু সেই চিকিৎসকসকলে অকল আয়ুৰ্বেদিক কলেজতে নহয়, বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো সেৱা আগবঢ়াই আছে৷ এই চিকিৎসকসকলে ৰোগীক সংজ্ঞাহীন কৰাৰ লগতে সকলো জৰুৰীকালীন চিকিৎসা কৰিবলৈ সম্পূৰ্ণ সক্ষম৷ ইয়াৰ বাবে প্ৰয়োজনীয় দৰব  আয়ুৰ্বেদত আছে, লগতে আধুনিক চিকিৎসা ব্যৱস্থাৰ কেতবোৰ দৰব ৰোগীৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত ব্যৱহাৰৰ বাবে আয়ুৰ্বেদিক চিকিৎসকক কেন্দ্ৰীয় চৰকাৰে বহু বছৰ পূৰ্বৰ পৰাই অনুমতি দিছে৷

উপসংহাৰ

এজন ভাৰতীয় হিচাপে আমি প্ৰত্যেকেই গৌৰৱ কৰিব পাৰোঁ যে ভাৰতে বিশ্বক এনে এটা উন্নত চিকিৎসা পদ্ধতি দিবলৈ সক্ষম হৈছে যাৰ আধাৰত বৰ্তমানৰ চিকিৎসা বিজ্ঞান ঠন ধৰি উঠিছে৷ বৰ্তমান আয়ুৰ্বেদৰ এটা অংগ  ‘যোগা’ক বিশ্বই যিদৰে আদৰি লৈছে, তেনেকৈ অন্য বিভাগসমূহৰো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব৷ সেয়া অনস্বীকাৰ্য৷ আয়ুৰ্বেদিক চিকিৎসাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই তাৰ প্ৰমাণ৷ চিকিৎসা পদ্ধতি যিয়েই নহওক, আয়ুৰ্বেদিক বা এলোপেথিক, প্ৰধান কথাটো হ’ল– জনকল্যাণ৷ আৰ্তজনক সহজে উপলব্ধ, ফলপ্ৰসূ আৰু কম খৰচী চিকিৎসা দিবৰ বাবে চিকিৎসা বিজ্ঞান আৰু চিকিৎসকসকল আগবাঢ়ি অহা উচিত৷ বাকী কোনে ক’ত অপাৰেশ্বন কৰিব, সেয়া নিজৰ পছন্দৰ কথা৷

[লেখিকা চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ শল্য বিভাগৰ প্ৰবক্তা]

ফোনঃ ৮০১১৫-২২১০০