Logo
image

অব্‌জেক্টিভ প্ৰশ্নৰে মেট্ৰিকৰ নতুন ৰূপ

আমাৰ অসম, ১১ আগষ্টঃ সঘনাই নতুন নতুন সিদ্ধান্ত গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক বিপদত পেলাই আহিছে অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ ছেবাই৷ পৰিষদে শিক্ষাৰ আধুনিকীকৰণ আৰু উত্তৰণৰ দোহাই দি লোৱা কেতবোৰ সিদ্ধান্তক লৈ শৈক্ষিক সমাজো বিভ্ৰান্ত হ’বলগীয়া হৈছে৷ শেহতীয়াভাৱে ছেবাই জাৰি কৰা নতুন নীতি-নিৰ্দেশনাত লৈ হতভম্ব শিক্ষক সমাজো৷ কিয়নো ইতিপূৰ্বে একাধিক কাৰণত বিতৰ্কৰ আবৰ্তত সোমোৱা ছেবাই শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ জাৰি কৰা নতুন ঘোষণা৷ সেইমতে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত থাকিব ‘অবজেক্টিভ টাইপ’ৰ প্ৰশ্ন৷ গণিত, সাধাৰণ বিজ্ঞান, সমাজ অধ্যয়ন আৰু ইংৰাজী বিষয়ত অবজেক্টিভ টাইপৰ প্ৰশ্ন৷ উক্ত চাৰিটা বিষয়ত ৪৫কৈ নম্বৰৰ অবজেক্টিভ টাইপৰ প্ৰশ্নোত্তৰ লিখিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে৷ ৪৫টা এনে প্ৰশ্নৰ বিপৰীতে থাকিব ৪৫ নম্বৰ৷ ইতিমধ্যে ৰাজ্যৰ উচ্ছ মাধ্যমিক বিদ্যালয়-উচ্ছতৰ মাধ্যমিক বিদ্যালয় কতৃৰ্পক্ষলৈ যাৱতীয় নীতি-নিৰ্দেশনা প্ৰেৰণ কৰিছে ছেবাৰ পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই৷ চাৰিওটা বিষয়ত ছেবাই ন’লেজ, কমপ্ৰিহেন্‌ছন বা আণ্ডাৰষ্টেণ্ডিং আৰু এক্সপ্ৰেছন বা এপ্লিকেছন– এই তিনিটা ভাগত ভাগ কৰিছে ছেবাই৷ উল্লেখ্য, প্ৰতিটো বিষয়ত মুঠ ১০০ নম্বৰৰ পৰীক্ষাৰ ১০ নম্বৰৰ বাবে হ’ব ব্যৱহাৰিক বা প্ৰেক্টিকেল পৰীক্ষা৷ বাকী ৯০ নম্বৰৰ ভিতৰত ৪৫ নম্বৰ অবজেক্টিভ টাইপৰ প্ৰশ্ন আৰু বাকী ৪৫ নম্বৰৰ থাকিব ছুটি, অতি ছুটি আৰু ৰচনাধৰ্মী বা দীঘল উত্তৰৰ প্ৰশ্ন৷ এনেবোৰ বিষয়ক লৈয়ে সম্প্ৰতি বিভিন্ন মহলত বিভিন্ন আলোচনা-সমালোচনা চলিছে৷ প্ৰকৃততে এই নিৰ্দেশৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব নে নাই তাক লৈ উদ্বিগ্ন শিক্ষাৰ সৈতে জড়িতসকল৷