Logo
image

২২ বছৰত কিমানবাৰ ‘ইউ টাৰ্ন’ ল’লে নীতিশ কুমাৰে!

প্ৰথমবাৰ মাত্ৰ ৭ দিনৰ বাবে হৈছিল বিহাৰৰ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১১ আগষ্টঃ মঙলবাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি বিহাৰৰ লগত দেশবাসীক আচৰিত কৰি দিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বুধবাৰ আৰজেডি, কংগ্ৰেছ আৰু আন কেইবাটাও দলৰ ‘মহাগঠবন্ধন’ৰ সৈতে মিত্ৰতা কৰি  নতুন চৰকাৰ গঠন কৰে৷ বুধবাৰে তেওঁ অষ্টমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷ মঙলবাৰে পাটনাত নীতিশ কুমাৰৰ নেতৃত্বত হোৱা জেডিইউৰ সাংসদ আৰু বিধায়কৰ বৈঠকত বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত লোৱা হয়৷ বিজেপিৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আনিয়েই দলটোৱে এনডিএ মিত্ৰজোঁট চৰকাৰৰ পৰা ওলাই আহে৷ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে লৈ প্ৰতিদ্বন্দ্বিতা কৰা এনডিএ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল যদিও নীতিশ কুমাৰৰ জেডিইউৱে মাত্ৰ ৪৫খনহে আসন পাইছিল৷ বিজেপিয়ে পাইছিল ৭৬খন আসন৷ তথাপি নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী হৈছিল৷ কিন্তু এতিয়া দুয়োটা দলৰ মাজত মনোমালিন্য হয় আৰু নীতিশ কুমাৰে লালু প্ৰসাদৰ আৰজেডি, কংগ্ৰেছ, বামপন্থী আৰু আন সৰু সৰু দলৰ ‘মহাগঠবন্ধন’ৰ সৈতে হাত মিলাই অষ্টমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷ তেজস্বী যাদৱ হয় উপ-মুখ্যমন্ত্ৰী৷ বিগত ২২ বছৰত নীতিশ কুমাৰে কেইবাবাৰো ‘ইউ টাৰ্ন’ লয় আৰু মিত্ৰ দল সলনি কৰে৷ এয়া তেওঁৰ পুৰণি চৰিত্ৰ৷ ১৯৯৪ চনত নীতিশ কুমাৰে পুৰণি সহযোগী লালু প্ৰসাদ যাদৱৰ সংগ ত্যাগ কৰি সকলোকে আচৰিত কৰিছিল৷ তেওঁ জৰ্জ ফাৰ্ণাণ্ডেজৰ সৈতে সমতা পাৰ্টী গঠন কৰে৷ কিন্তু বিধানসভা নিৰ্বাচনত পৰাস্ত হয় বেয়াকৈ৷ ১৯৯৬ চনত তেওঁ বিজেপিৰ সৈতে হাত মিলায়৷ সেই সময়ত বিহাৰত বিজেপি আছিল দুৰ্বল দল৷ বিজেপিৰ সৈতে নীতিশ কুমাৰৰ মিত্ৰতা ১৭ বছৰলৈ অব্যাহত থাকে৷ ২০০৩ চনত নীতিশৰ দলটোৰ নাম হয় ‘জনতা দল ইউনাইটেড’৷ ২০০৫ চনৰ বিধানসভা নিৰ্বাচনত এই মিত্ৰজোঁটে বৃহৎ জয় সাব্যস্ত কৰে আৰু একেৰাহে ২০১৩ চনলৈকে একেলগে চৰকাৰ চলায়৷ কিন্তু ২০১৩ চনত তেওঁ বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰে৷ ২০১৫ চনত ঘোৰশত্ৰু লালু প্ৰসাদ যাদৱ, কংগ্ৰেছ আৰু আন সৰু সৰু দলৰ সৈতে মহাগঠবন্ধন কৰি বিধানসভা নিৰ্বাচনত জয়ী হয়৷ কিন্তু ২০ মাহ চৰকাৰ চলোৱাৰ পাছত মিত্ৰতা ভংগ কৰি পুনৰ বিজেপিৰ সৈতে চৰকাৰ গঠন কৰে৷ ২০২০ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰি পুনৰ জয়ী হৈ মুখ্যমন্ত্ৰী হয়৷ কিন্তু ২০২২ চনৰ ৯ আগষ্টত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি পুনৰ মহাগঠবন্ধনৰ চৰকাৰ গঠন কৰে৷