Logo
image

এৰাতিৰ বাবে আজি অসমলৈ নয়নমণি

আমাৰ অসম, ১১ আগষ্টঃ বাৰ্মিংহাম কমনৱেল্‌থ গেমছত স্বৰ্ণপদক জয়ৰে ইতিহাস ৰচনাৰ পাছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে গৃহৰাজ্য অসমত ভৰি দিবহি নয়নমণি শইকীয়াই৷ বুধবাৰে আহি নতুন দিল্লীত উপস্থিত হোৱা ল’নবল খেলুৱৈগৰাকী অৱশ্যে এটা দিনৰ বাবেহে আহিব অসমলৈ৷ গুৱাহাটীত এটা নিশা কটাই পিছদিনা পুনৰ তেওঁ উভতিব দিল্লীলৈ৷ ব্যস্ত সূচীৰ বাবেই তেওঁ সৰুপথাৰৰ ঘৰলৈকো যোৱাৰ সময় নাপাব৷ গুৱাহাটীতেই লগ কৰিব পৰিয়ালৰ সদস্যসকলক৷ বৃহস্পতিবাৰে গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে বিভিন্ন অনুষ্ঠানে খেলুৱৈগৰাকীক আদৰণি জনাব৷ আগবেলা অনান্য অনুষ্ঠানৰ লগতে বনবিভাগৰ মুখ্য কাৰ্যালয় ‘অৰণ্য ভৱন’ত উপস্থিত থাকিব নয়নমণি৷ তেওঁ যিহেতু বন বিভাগৰ কৰ্মচাৰী সেয়ে ‘অৰণ্য ভৱন’ত খেলুৱৈগৰাকীৰ বাবে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আবেলি নয়নমণি অসম অলিম্পিক সন্থা আৰু অসম ল’ন বল সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব বুলি জনাইছে খেলুৱৈগৰাকীৰ পাৰিবাৰিক সূত্ৰই৷ বৃহস্পতিবাৰেই তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ দিল্লীত বিভিন্ন সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব লাগিব কমনৱেল্‌থ গেমছত স্বৰ্ণজয়ী খেলুৱৈগৰাকী৷ সেয়ে তেওঁ অসমত এটাতকৈ অধিক নিশা কটোৱাৰ সময় নাপাব৷ ১২ আগষ্টত প্ৰধানমন্ত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নয়নমণি৷ ১৩ আগষ্টত দিল্লীত ‘ছায়ে’ আয়োজন কৰিছে সম্বৰ্ধনা অনুষ্ঠানৰ৷ উল্লেখ্য কমনৱেলথ গেমছত স্বৰ্ণপদক জয়ী প্ৰথম অসমীয়া খেলুৱৈ নয়নমণি শইকীয়া৷ বাৰ্মিংহাম কমনৱেলথ গেমছত তেওঁ ভাৰতীয় মহিলা দলৰ হৈ ল’ন বলৰ ৱ’মেনছ ফ’ৰ্ছত স্বৰ্ণপদক জয় কৰিছিল৷ কমনৱেলথ গেমছৰ ল’নবলত ভাৰতৰ এইটোৱে প্ৰথম স্বৰ্ণপদক৷