Logo
image

মাৰ্গদৰ্শকৰ ঘৰে ঘৰে ত্ৰিৰংগা লৈ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১১ আগষ্টঃ হাতত ত্ৰিৰংগা লৈ বুধবাৰে সন্ধিয়া হঠাৎ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল মাৰ্গদৰ্শকৰ কাষত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত আৰম্ভ হোৱা ‘হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচী সফল কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক্ৰমে বিজেপি আৰু কংগ্ৰেছৰ দুই বৰ্ষীয়ান নেতাৰ ঘৰত উপস্থিত হ’ল৷ দুটা ৰাজনৈতিক আদৰ্শৰ দুই জ্যেষ্ঠ নেতাৰ হাতত অসমীয়া থলুৱা শিপিনীয়ে বোৱা ত্ৰিৰংগা উপহাৰ দি মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে আশীৰ্বাদ তথা ৰাজনৈতিক দীক্ষা৷ সন্ধিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমে প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি, অন্যতম প্ৰতিষ্ঠাপক নেতা তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ নাৰায়ণ বৰকটকীৰ বেলতলাৰ ৰুক্মিণীগাঁৱৰ বাসগৃহত উপস্থিত হয়৷ মুখ্যমন্ত্ৰীয়ে বৰকটকীৰ হাতত অসমীয়া শিপিনীয়ে বোৱা এখন জাতীয় পতাকা উপহাৰ হিচাপে দিয়াৰ লগতে কাচৰ ফ্ৰেমত বন্ধোৱা এখন ত্ৰিৰংগা পতাকাৰ স্মাৰকো উপহাৰ দিয়ে৷ ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননী গোপাল মহন্তও মুখ্যমন্ত্ৰীৰ এই মাৰ্গদৰ্শন যাত্ৰাৰ সংগী হয়৷ বহু সময় ধৰি মুখ্যমন্ত্ৰীয়ে বিজেপিৰ জীৱন নেতাজনৰ সৈতে ৰাজনৈতিক তথা ঘৰুৱা বিষয়ত বাৰ্তালাপ কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰবীণ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ পূব শৰণীয়াৰ বাসগৃহত উপস্থিত হয়৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে উলিওৱা ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ জাতীয় পতাকা উপহাৰ দিয়ে৷ প্ৰবীণ কংগ্ৰেছ নেতাজনৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ নষ্টালজিক পুৰণা অতীতৰ বহু কথা সুঁৱৰি একেলগে গৰম চাহত চুমুক দিয়ে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰীয়ে একেই কাৰ্যসূচীৰ অংশ হিচাপে উপস্থিত হয় হেঙেৰাবাৰীৰ হাউছিং কলনীত৷ হাউছিং কলনীৰ আবাসী বিশিষ্ট সাংবাদিক যদু কাকতিক মুখ্যমন্ত্ৰীয়ে অনুৰূপ ধৰণে অসমীয়া শিপিনীয়ে বোৱা এখন জাতীয় পতাকা উপহাৰ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিক যদু কাকতিৰ ঘৰত সাংবাদিকগৰাকী তথা তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে সৌহাদ্যপূৰ্ণ বাৰ্তালাপত মিলিত হয়৷ মুখ্যমন্ত্ৰীয়ে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ গৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী পালনৰ লগতে ইজনে-সিজনক পতাকা উপহাৰ দিয়াৰ বাবে আহ্বান জনায়৷ হাতত ত্ৰিৰংগাৰ উপহাৰৰ টোপোলা লৈ মুখ্যমন্ত্ৰী উলুবাৰীৰ কস্তুৰবা গান্ধী আশ্ৰমতো উপস্থিত হয়৷ আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত অসমতো ‘হৰ ঘৰ ত্ৰিৰংগা’ সফল ৰূপায়ণ কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে প্ৰদেশ বিজেপিয়ে৷ বিজেপিৰ দাবী অনুসৰি ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই অসমৰ ৰাইজে ৫৩ লাখ ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিছে৷ ইয়াৰে ৩৪ হাজাৰ সুলভ মূল্যৰ দোকানীয়ে ২০ লাখ পতাকা বিক্ৰী কৰিছে আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ অধীনত ৰাজ্যৰ আত্মসহায়ক গোটসমূহে ৩৩ লাখ পতাকা বিক্ৰী কৰিছে৷ বুধবাৰ পৰ্যন্ত ১৬.০৭ কোটিটকাৰ ৰাষ্ট্ৰীয় পতাকা অসমত বিক্ৰী হৈছে৷ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰি তুলিবলৈ সমগ্ৰ ৰাজ্যবাসীয়ে দেখুওৱা উৎসাহ, উদ্দীপনা আৰু সঁহাৰিৰ বাবে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই ৰাজ্যবাসীক ধন্যবাদ জনাইছে৷ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কলিতাই কয়– এই সফলতাই অসমবাসীৰ মনত থকা দেশপ্ৰেমৰ পৰিচয় বহন কৰাৰ লগতে বিৰোধীৰ অপ্ৰাসংগিক যুক্তিক ধূলিস্যাৎ কৰিছে৷ ভৱেশ কলিতাই লগতে কয়– ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ দ্বাৰা দেশৰ খাদী ব’ৰ্ড লাভৱান হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই আনিছে৷ অসমত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ হেতু সৰ্বপ্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে ভৱেশ কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন জনাইছে৷ উল্লেখ্য, ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত ৭ আগষ্টৰ পৰা সমগ্ৰ দেশজুৰি বাটৰ নাট প্ৰদৰ্শন, চাইকেল ৰেলী, সমদল আৰু পদযাত্ৰা আদি বাহিৰ কৰি নৱ প্ৰজন্মৰ মাজত স্বাধীনতা আন্দোলনৰ বিষয়ে সজাগতা অভিযান চলাই থকা হৈছে৷ ঠিক একেদৰে ১২ আগষ্টৰ দিনা দলীয় কাৰ্যকৰ্তাসকলে বিভিন্ন স্থানত প্ৰভাতফেৰী কৰি ৰাজ্যৰ জনসাধাৰণক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ বাবে অনুপ্ৰাণিত কৰিব৷