Logo
image

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকা বৃদ্ধি

আমাৰ অসম, ১১ আগষ্টঃ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বাবে ভাল খবৰ৷ বৃদ্ধি হ’ল চাহ শ্ৰমিকৰ দৈনিক মজুৰি৷ চাহ শ্ৰমিকৰ মজুৰি পূৰ্বতকৈ ২৭ টকা বৃদ্ধি পালে৷ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত চাহ কোম্পানীসমূহৰ সৈতে বুধবাৰে অনুষ্ঠিত এখন বৈঠকত মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেই অনুসৰি এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকসকলৰ নূ্যনতম দৈনিক মজুৰি ২৩২টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰি ২১০ টকালৈ বৃদ্ধি পালে৷ বুধবাৰে জনতা ভৱনত অনুষ্ঠিত বৈঠকত ইণ্ডিয়ান টী এছ’চিয়েশ্বন, নৰ্থ-ইষ্টাৰ্ণ টী এছ’চিয়েশ্বন, টী এছ’চিয়েশ্বন অৱ ইণ্ডিয়া, ভাৰতীয় চাহ পৰিষদ, আছাম টী প্লেণ্টাৰ্ছ এছ’চিয়েশ্বন আৰু অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াৰ উপস্থিতিত মজুৰি বৃদ্ধিৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উক্ত বৈঠকতে মুখ্যমন্ত্ৰীয়ে বৰ্তমানে অৰ্থডক্স চাহৰ ক্ষেত্ৰত প্ৰতি কিল’গ্ৰামত চৰকাৰে প্ৰদান কৰি অহা ৰাজ সাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধি কৰাৰ আশ্বাস প্ৰদান কৰে৷ উল্লেখ্য, পহিলা আগষ্টৰ পৰাই মজুৰি বৰ্ধিত নিৰিখ কাৰ্যকৰি হ’ব৷ পূৰ্বতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকে দৈনিক ২০৫ টকা মজুৰি আৰু বৰাক উপত্যকাৰ শ্ৰমিকে ১৮৩টকা নূ্ন্যতম মজুৰি লাভ কৰিছিল৷ লক্ষণীয়ভাৱে চলিত বৰ্ষত দ্বিতীয়বাৰলৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পালে৷ ইয়াৰ পূৰ্বে বিগত ফেব্ৰুৱাৰীত শ্ৰমিকৰ মজুৰি ৩৮ টকা বৃদ্ধি পাইছিল৷ ইফালে বৈঠকত চাহ শ্ৰমিকসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত প্ৰদান কৰা ৰেচন ব্যৱস্থাটো অধিক সুসংগঠিত কৰি চাহ বাগিচাতে শ্ৰমিকসকলক ৰেচন প্ৰদানৰ অৰ্থে বাগিচা কৰ্তৃপক্ষক সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ল’বৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ চাহ বাগিচাৰ সকলো শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়৷ বৈঠকত মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে মন্ত্ৰী অজন্তা নেওগ, বিমল বড়া, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সাধাৰণ সম্পাদক তথা বিধায়ক ৰূপেশ গোৱালৰ উপৰি শীৰ্ষস্থানীয় বিষয়াৰ লগতে সংগঠনকেইটাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷