Logo
image

ইখনৰ পাছত সিখনকৈ অসমীয়া চিনেমাৰ মুক্তি, হললৈ নাহে দৰ্শক

ক’ভিড কালত বন্ধ হ’ল ৮ টাকৈ ছবিগৃহ

আমাৰ অসম, ১১ আগষ্টঃ ‘অসমীয়া মানুহে অসমীয়া চলচ্ছিত্ৰ নাচায়৷ কেৱল গুৱাহাটীৰ কথা কোৱা নাই  জিলাবোৰতো একে অৱস্থা৷ প্ৰচাৰৰ অভাৱ তথা প্ৰচাৰত খৰচ নকৰা, দৰ্শকে বিচৰা ধৰণে মনোৰঞ্জন দিব নোৱাৰা আদি অভাৱৰ বাবে অসমীয়া চলচ্ছিত্ৰ চোৱাৰ প্ৰতি মানুহৰ অনীহা দেখা যায়-এই ভাষ্য সদৌ অসম ছবি গৃহ মালিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাৰ৷ বুধবাৰে সদৌ অসম ছবি গৃহ মালিক সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-মাত্ৰ এবাৰৰ বাবে প্ৰযোজক হ’বলৈ অহাসকলেও অসমীয়া চলচ্ছিত্ৰ উদ্যোগত বিৰূপ প্ৰভাৱ পেলাইছে৷ তেওঁলোক প্ৰফেচনেল প্ৰডিউচাৰ নোহোৱা বাবে বাবে কিছু অসুবিধা হয়৷ তেওঁলোকৰ অভিজ্ঞতাৰ অভাৱ তথা তেওঁলোকে মাৰ্কেটিং কেনেকৈ কৰিব লাগে সেই কথা নাজানে৷ অসমীয়া চলচ্ছিত্ৰ চাবলৈ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব৷ সুন্দৰ বিষয়বস্তু সুন্দৰভাৱে উপস্থাপন কৰিলে, ভালকৈ প্ৰচাৰ চলালে চলচ্ছিত্ৰখন দৰ্শকৰ মাজলৈ যায় অন্যথা ছবি গৃহৰ শীত-তাপ নিয়ন্ত্ৰণৰ সত্ৰৰ বাবে যি  ধন খৰচ হয় তাৰ মূল খিনিও পোৱা নাযায়৷ এই বৰ্ষত অসমীয়া চলচ্ছিত্ৰ যি হাৰত চলিব লাগিছিল তেনেদৰে চলা নাই৷ ইতিমধ্যে ইখনৰ পাছত সিখনকৈ অসমীয়া চলচ্ছিত্ৰই মুক্তি লাভ কৰিছে আৰু কেইবাখনো মুক্তিৰ পথত৷ ৰাইজে ওলাই আহি অসমীয়া চলচ্ছিত্ৰ চাওঁক৷ চলচ্ছিত্ৰ নিৰ্মাতাসকলেও মানুহৰ ৰুচি বোধৰ ওপৰত গুৰুত্ব আৰোপ কৰক৷ সম্প্ৰতি অসমীয়া চলচ্ছিত্ৰ  প্ৰতিটো সপ্তাহত মুক্তি দি আছে৷ অসমীয়া ছবি গৃহ উদ্যোগৰ সৈতে প্ৰায় ৭ হাজাৰ লোক জড়িত হৈ আছে৷ বৰ্তমান সমগ্ৰ ভাৰততে ছবি গৃহসমূহে দুৰ্যোগ পূৰ্ণ সময় পাৰ কৰিছে৷ কেৱল অসমীয়া চলচ্ছিত্ৰই নহয় হিন্দী চলচ্ছিত্ৰ চাবলৈও দৰ্শকৰ অভাৱ দেখা গৈছে৷ ক’ভিডৰ পাছতে ৰাজ্যৰ ব্যাপক প্ৰভাৱ পৰিছে  চলচ্ছিত্ৰ উদ্যোগত৷ এটা ছবি গৃহ বিবাহ ভৱন হৈ গ’ল৷ ক’ভিডৰ সময়ত হোৱা লোকচানৰ বাবে টা ছবি গৃহ বন্ধ হৈছে৷ ক’ভিডৰ পূৰ্বে ৰাজ্যত ৮০টা ছবি গৃহ আছিল৷ বৰ্তমান ৭২টা ছবি গৃহ সক্ৰিয় হৈ আছে৷ চলচ্ছিত্ৰ উদ্যোগটোক জীয়াই ৰাখিবলৈ সুত বিহীন ঋণ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ৷ তদুপৰি ব্যৱহাৰ নকৰাকৈ বিদু্যতৰ বিল পৰিশোধ নকৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ৷ ক’ভিডৰ পাছতো হল বন্ধ হোৱাৰ পাছতো দিব লগা হৈছিল বিদ্যুতৰ বিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ছবিগৃহ আহ্বান জনাইছিলোঁ৷ বিদ্যুতৰ সংযোগ কিছু কিছু ছবিগৃহত কৰ্তনো কৰি দিয়া হৈছিল৷ এই ক্ষেত্ৰত চলচ্ছিত্ৰ উদ্যোগক বৃহৎ সকাহ আগবঢ়ালে অসম চৰকাৰে৷ ছবি গৃহৰ বিদ্যুতৰ ফিক্স চাৰ্জ ৰেহাই দিছে অসম চৰকাৰে৷ ইয়াৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৰু অসম চৰকাৰক ধন্যবাদ জনালোঁ৷ সংবাদ মেলত সদৌ অসম ছবিগৃহ মালিক সন্থাৰ সভাপতি চিন্ময় শৰ্মাই কয়-ৰাজ্য চৰকাৰে আমাক মুঠ ১৯ মাহৰ বিদ্য়ুৎ শুল্ক ৰেহাই দিয়াত আমি যথেষ্ট সকাহ পাইছোঁ৷ ক’ভিডৰ বাবে ২০২০ চনৰ  ১০ মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰিছিল ৰাজ্যৰ ছবি গৃহসমূহ৷ আমাৰ উদ্যোগটোৱে আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছিল৷ সেয়েহে আমাৰ মৃত্যুমুখী উদ্যোগটো জীয়াই ৰাখিবলৈ আমি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছিলোঁ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমাক এই ৰেহাই দিয়া হৈছে৷ বিদ্যুতৰ ফিক্স চাৰ্জ ৰেহাই পাইছে চৰকাৰক আবেদন কৰা ৰাজ্যৰ ৩০টা ছবিগৃহই৷ ইয়াৰ বাবে আমি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালোঁ৷ ইয়াৰ জৰিয়তে আমি ১০ ৰ পৰা ১২ লাখ টকাকৈ সকাহ লাভ কৰিলোঁ৷